ETV Bharat / state

MoU sining ceremony: ক্ৰীড়া জগতৰ উন্নয়নৰ বাবে চুক্তি স্বাক্ষৰ অসম চৰকাৰৰ - High Performance Sports center in Jorhat

ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ উৎকৰ্ষ সাধনৰ বাবে চৰকাৰে হাতত লৈছে বিশেষ পদক্ষেপ ৷ গুৱাহাটী আৰু যোৰহাটত দুটা উচ্চ প্ৰদৰ্শন ক্ৰীড়া প্ৰশিক্ষণ আৰু পুনৰ্বাসন কেন্দ্ৰ স্থাপনৰ বাবে এই চুক্তি স্বাক্ষৰ চৰকাৰৰ (High Performance Sports Training center) ৷

Rehabilitation Centres in Guwahati
High Performance Sports Training center
author img

By

Published : Mar 30, 2023, 10:02 PM IST

গুৱাহাটী, 30 মাৰ্চ: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত জনতা ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত অসম চৰকাৰে অভিনৱ ফিউচাৰিষ্টিক্স প্ৰাইভেট লিমিটেড, অইল ইণ্ডিয়া লিমিটেড আৰু নুমলীগড় শোধনাগাৰ লিমিটেডৰ সৈতে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে । গুৱাহাটী আৰু যোৰহাটত দুটা উচ্চ প্ৰদৰ্শন ক্ৰীড়া প্ৰশিক্ষণ আৰু পুনৰ্বাসন কেন্দ্ৰ স্থাপনৰ বাবে এই চুক্তি স্বাক্ষৰিত কৰা হয় (High Performance Sports Training center) ৷

আজি অসম চৰকাৰৰ হৈ ক্ৰীড়া আৰু যুৱকল্যাণ সঞ্চালক নিবেদন দাস পাটোৱাৰী আৰু অভিনৱ ফিউচাৰিষ্টিক্স প্ৰাইভেট লিমিটেডৰ হৈ অলিম্পিয়ান অভিনৱ বিন্দ্ৰাই চুক্তিখনত স্বাক্ষৰ কৰে ৷ একেদৰে অইল ইণ্ডিয়া লিমিটেডৰ হৈ মুখ্য মহাপ্ৰৱন্ধক (মানৱ সম্পদ) ৰঞ্জন গোস্বামী আৰু নুমলীগড় শোধনাগাৰ লিমিটেডৰ হৈ মুখ্য মহাপ্ৰৱন্ধক (মানৱ সম্পদ) কাজল শইকীয়াই এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে (MoU sign to build High Performance Sports center) ।

উল্লেখযোগ্য যে, গুৱাহাটী কেন্দ্ৰৰ বাবে অসম চৰকাৰ আৰু অভিনৱ ফিউচাৰিষ্টিক্স প্ৰাইভেট লিমিটেডৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয় । আনহাতে, যোৰহাটত উচ্চ প্ৰদৰ্শন ক্ৰীড়া প্ৰশিক্ষণ আৰু পুনৰ্বাসন কেন্দ্ৰ স্থাপনৰ বাবে অসম চৰকাৰ, অইল ইণ্ডিয়া লিমিটেড আৰু নুমলীগড় শোধনাগাৰ লিমিটেডৰ মাজত চুক্তি স্বাক্ষৰিত হয় । প্ৰতিটো উচ্চ প্ৰদৰ্শন ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ বাবে ব্যয় হ’ব ২৩.৭৮ কোটি টকা (High Performance Sports center in Jorhat)।

লগতে পঢ়ক: Lovlina Borgohain: জনতা ভৱনত লাভলীনাক সম্বৰ্ধনা জ্ঞাপন মুখ্যমন্ত্ৰীৰ

আনহাতে, অতিৰিক্ত কার্যকৰী ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত ব্যয় হ’ব প্ৰায় ২.৪৯ কোটি টকা । ৰাজ্য চৰকাৰে গুৱাহাটী কেন্দ্ৰৰ বাবে হোৱা ব্যয়ৰ পুঁজি আগবঢ়াব । অইল ইণ্ডিয়া লিমিটেড আৰু নুমলীগড় শোধনাগাৰ লিমিটেডে কৰ্পৰেটৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত পুঁজি আগবঢ়াব (Rehabilitation Centres in Guwahati) ।

এই বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ৰাজ্যখনত উচ্চ মান সম্পন্ন ক্ৰীড়া আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত উচ্চ প্ৰদৰ্শন ক্ৰীড়া প্ৰশিক্ষণ আৰু পুনৰ্বাসন কেন্দ্ৰ উল্লেখযোগ্য সংযোজন । তেওঁ কয় যে, উচ্চ প্ৰদৰ্শন ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰসমূহে ৰাজ্যখনৰ ক্ৰীড়া পৰিৱেশৰ গুণগত মান উন্নয়ন সাধনত বিশিষ্ট ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হ’ব (OIL signs MoU with Assam Govt) ।

তেওঁ লগতে কয় যে, ক্ৰীড়া ক্ষেত্ৰত যুৱক-যুৱতীসকলে উন্নত প্ৰদৰ্শনৰ বাবে শাৰীৰিক ফিটনেছ এক গুৰুত্বপূৰ্ণ দিশ । মুখ্যমন্ত্ৰীয়ে কয় যে, উচ্চ প্ৰদর্শন ক্ৰীড়া প্ৰশিক্ষণ আৰু পুনৰ্বাসন কেন্দ্ৰৰ জৰিয়তে ক্ৰীড়া ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শনৰ দিশত এক গুৰুত্বপূৰ্ণ মাইলৰ সুঁতি হিচাপে পৰিগণিত হ’বলৈ সক্ষম হ’ব । মুখ্যমন্ত্ৰীয়ে কয় যে, এই কেন্দ্ৰসমূহ সুচাৰুৰূপে পৰিচালনা কৰাটো এক গুৰুত্বপূৰ্ণ বিষয় । সেইবাবে ৰাজ্য চৰকাৰে অভিনৱ ফিউচাৰিষ্টিক্স প্ৰাইভেট লিমিটেডক জড়িত কৰি ৫ বছৰৰ বাবে কেন্দ্ৰসমূহ পৰিচালনৰ দায়িত্ব অর্পণ কৰিছে ।

লগতে পঢ়ক: Self dependent: চাকৰিমুখী নহৈ মৰিগাঁৱৰ পৰাশে দেখুৱালে স্বাৱলম্বনৰ অন্য পথ

এই সময়ছোৱাত ৰাজ্য চৰকাৰে এই কেন্দ্ৰসমূহ চলোৱাৰ বাবে নিজাববীয়াকৈ বিশেষজ্ঞ সৃষ্টি কৰিব । ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰসমূহে উৎকৃষ্টতা প্ৰদৰ্শন কৰিব পাৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ খেলুৱৈসকলে এই কেন্দ্ৰসমূহত উপলব্ধ সুবিধাসমূহ গ্ৰহণ কৰি দক্ষতা বৃদ্ধিৰ লগতে নিজৰ মানদণ্ড নিৰ্ধাৰণ আৰু ক্ৰীড়াৰ উৎকৃষ্টতা প্ৰদৰ্শনৰ দিশতো অৰিহণা যোগাব পাৰিব বুলি কয় ।

ক্ৰীড়াৰ প্ৰসাৰ আৰু ইয়াৰ গুণগত মানৰ উন্নয়ন সাধনৰ দিশত ৰাজ্য চৰকাৰৰ দায়বদ্ধতাৰ ৰূপৰেখা দাঙি ধৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ৰাজ্যৰ ক্ৰীড়াৰ আন্তঃগাঁথনি সৃষ্টিৰ বাবে যোৱা বছৰ ১ হাজাৰ কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিছে । তেওঁ লগতে কয় যে, তৃণমূল পর্যায়ত ক্ৰীড়া প্ৰতিভাক পর্যাপ্ত সুযোগ দিয়াৰ বাবে ৰাজ্য চৰকাৰে ৫ টা ক্ৰীড়া শাখাত ব্লক পৰ্যায়ত ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰিব ।

এই প্ৰতিযোগিতাৰ বিজয়ীসকলে পৰৱৰ্তী পৰ্যায়ত জিলা আৰু ৰাজ্যিক পৰ্যায়ত খেলাৰ সুযোগ লাভ কৰিব । এই খেল মহাৰণে অসমৰ ক্ৰীড়া প্ৰতিভাক নিজস্ব দক্ষতা দেখুওৱাৰ বাবে সুযোগ প্ৰদান কৰিব । তেওঁ লগতে কয় যে, ৰাজ্য চৰকাৰে নতুন ক্ৰীড়া নীতিৰ এক খচৰা প্ৰস্তুতৰ দিশত অগ্ৰসৰ হৈছে । মুখ্যমন্ত্ৰীয়ে অলিম্পিয়ান অভিনৱ বিন্দ্ৰা, অয়ল আৰু এন আৰ এলক উচ্চ প্ৰদর্শন ক্ৰীড়া প্ৰশিক্ষণ আৰু পুনৰ্বাসন কেন্দ্ৰ স্থাপনৰ বাবে সহযোগিতা আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।

অলিম্পিকত স্বর্ণ পদক লাভ কৰা অভিনৱ বিন্দ্ৰাই অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাজ্যখনত এনে প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰাৰ বাবে অসম চৰকাৰক প্ৰশংসা কৰে । অসমত উচ্চ মানৰ ক্ৰীড়া আন্তঃগাঁথনি গঢ়ি তোলাৰ দিশত সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে । তেওঁ কয় যে, এই কেন্দ্ৰসমূহ পৰিচালনা কৰাৰ লগতে কোনো এথলেটিকৰ যদি আঘাতপ্ৰাপ্ত হয় তাৰ বাবে বিনামূলীয়া চিকিৎসাৰ সুবিধাও প্ৰদান কৰা হ’ব ।

লগতে পঢ়ক: Ayurvedic Tips: শৰীৰৰ মেটাবলিজিম বুষ্ট কৰিবলৈ অনুসৰণ কৰক এই আয়ুৰ্বেদিক টিপছ

বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বর্ণ পদক লাভ কৰা লাভলীনা বৰগোহাঁইকো মুখ্যমন্ত্ৰীয়ে অনুষ্ঠানত সম্বৰ্ধনা জনায় । আজিৰ এই অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়া, অইলৰ চিএমডি ড৹ ৰঞ্জিত ৰাথ, এন আৰ এলৰ এম ডি ভাস্কৰজ্যোতি ফুকন, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ অতিৰিক্ত মুখ্য সচিব মণিন্দৰ সিং, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা প্ৰমুখ্যে অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.