ETV Bharat / state

Malaria Technical Supervisor: অসমক মেলেৰিয়ামুক্ত কৰাৰ লক্ষ্য ৰাজ্য চৰকাৰৰ

author img

By

Published : Jun 15, 2023, 8:52 PM IST

গুৱাহাটীৰ পাথৰকোৱাৰীত 50 গৰাকী মেলেৰিয়া কাৰিকৰী চুপাৰভাইজাৰক গাঁৱৰ ভিতৰুৱা অঞ্চলসমূহলৈ যাব পৰাকৈ যাতায়াতৰ সুবিধাৰ বাবে মটৰ চাইকেল বিতৰণ কৰা হয় ৷ দুচকীয়া বাহন সমূহ আনুষ্ঠানিক ভাৱে বিতৰণ কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ৷

Motor Cycle Distribution for MTS in Guwahati
মেলেৰিয়া ৰোগ সমূলঞ্চে নিৰ্মূলৰ লক্ষ্য লৈছে স্বাস্থ্য বিভাগে
মেলেৰিয়া কাৰিকৰী চুপাৰভাইজাৰক মটৰ চাইকেল বিতৰণ

গুৱাহাটী, 15 জুন: ৰাজ্যৰ পৰা মেলেৰিয়া ৰোগ সমূলঞ্চে নিৰ্মূলৰ লক্ষ্য লৈছে স্বাস্থ্য বিভাগে ৷ বাৰিষা কালত মেলেৰিয়া ৰোগৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ইতিমধ্যে গ্ৰহণ কৰিছে বিভিন্ন তৎপৰতা তথা সজাগতামূলক ব্যৱস্থা ৷ ইয়াৰ অংশ স্বৰূপে ৰাজ্যৰ ভিন্ন জিলাত কৰ্মৰত 50 গৰাকী মেলেৰিয়া কাৰিকৰী চুপাৰভাইজাৰক গাঁৱৰ ভিতৰুৱা অঞ্চলসমূহলৈ যাব পৰাকৈ যাতায়াতৰ সুবিধাৰ বাবে মটৰ চাইকেল বিতৰণ কৰা হয় ৷

মটৰ চাইকেল বিতৰণ উপলক্ষে গুৱাহাটীৰ পাথৰকোৱাৰীস্থিত অসম মেডিকেল চাৰ্ভিচেছ কৰ্পোৰেচন লিমিটেডৰ কাৰ্যালয়ত আয়োজন কৰা হয় এক অনুষ্ঠান ৷ এই অনুষ্ঠানত মেলেৰিয়া কাৰিকৰী চুপাৰভাইজাৰক দুচকীয়া বাহন সমূহ আনুষ্ঠানিক ভাৱে বিতৰণ কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ৷ এই দুচকীয়া বাহনৰ জৰিয়তে যিসকল মেলেৰিয়া কাৰিকৰী চুপাৰভাইজাৰ আছে, সেইসকলে এতিয়া প্ৰতিখন জিলাৰ ভিতৰুৱা অঞ্চল সমূহলৈ গৈ মেলেৰিয়া ৰোগৰ বুজ লোৱা তথা সজাগতা বৃদ্ধি কৰাৰ লগতে মেলেৰিয়া ৰোগ ধৰা পেলাবৰ বাবে তেজৰ নমুনা সংগ্ৰহ কৰাৰ উপৰিও মহৰ কামোৰৰ পৰা উপশম পাবৰ বাবে আঠুৱা ব্যৱহাৰ কৰিছে নে নাই সেই সমূহ পৰ্যবেক্ষণ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ৷

অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী কেশৱ মহন্তই কয় যে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেশৰ পৰা মেলেৰিয়া নিৰ্মূলৰ লক্ষ্য লৈছে ৷ গতিকে মেলেৰিয়াৰ বিভিন্ন বিষয়াৰ উপৰিও ফিল্ডত কাম কৰা এশজন মেলেৰিয়া কাৰিকৰী চুপাৰভাইজাৰক এশখন মটৰ চাইকেল বিতৰণ কৰা হৈছে ৷

মন্ত্ৰীগৰাকীয়ে লগতে স্বাস্থ্য বিভাগৰ নিৰন্তৰ তৎপৰতাৰ বাবে যোৱা দুটা বৰ্ষত (2021-22) এজনো লোক মেলেৰিয়া ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰা নাই বুলি ব্যক্ত কৰে ৷ ইতিমধ্যে চৰকাৰে দুটা পৰ্যায়ত ৰাজ্যত কৰ্মৰত 100 গৰাকী মেলেৰিয়া কাৰিকৰী চুপাৰভাইজাৰৰ মাজত মটৰ চাইকেল বিতৰণ কৰিছে বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে ৷ এই অনুষ্ঠানত NRHM ৰ বিষয়ববীয়া সকলো উপস্থিত থাকে ৷

লগতে পঢ়ক : Assam Flood 2023 : ৪ জিলা বানৰ কবলত; বছৰটোৰ প্ৰথমটো বানত ক্ষতিগ্ৰস্ত প্ৰায় ২১ হাজাৰ লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.