ETV Bharat / state

পল্টনবজাৰ আৰক্ষীৰ জালত দুই মোবাইল চোৰ

মহানগৰ আৰক্ষীৰ জালত মোবাইল চোৰ ৷ দীৰ্ঘদিন ধৰি মেঘালয়ৰ পৰা আহি গুৱাহাটীত বাহৰ পাতি আছিল চোৰ দুটাই । মহানগৰীত সংঘটিত বিভিন্ন চুৰিকাণ্ডৰ লগত এই দুই চোৰ জড়িত থকা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে ।

author img

By

Published : Oct 3, 2020, 9:38 PM IST

Breaking News

গুৱাহাটী, 3 অক্টোবৰ : শনিবাৰে পল্টনবজাৰ আৰক্ষীৰ জালত পৰে দুটা দুৰ্ধৰ্ষ মোবাইল চোৰ । মহানগৰীৰ বিশাল মেগা মাৰ্কেটৰ সমীপৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চোৰ দুটাক । ধৃত চোৰ দুটাৰ নাম মিজানুৰ ৰহমান আৰু মজিবুৰ ৰহমান বুলি জানিব পৰা গৈছে ।

আৰক্ষীয়ে দুয়োটা চোৰৰ পৰা জব্দ কৰে 20 টা চুৰি মোবাইল ফোনসহ বহু আপত্তিজনক সামগ্ৰী । আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, দীৰ্ঘদিন ধৰি মেঘালয়ৰ পৰা আহি গুৱাহাটীত বাহৰ পাতি আছিল চোৰ দুটাই । মহানগৰীত সংঘটিত বিভিন্ন চুৰিকাণ্ডৰ লগত এই দুই চোৰ জড়িত থকা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে ।

Mobile Thiefter Arrested By Paltanbazar Police
জব্দকৃত চুৰি মোবাইল

লগতে পঢ়ক : প্লাষ্টিকৰ বটলেৰে নিৰ্মাণ কৰা এটা অংগনবাদী কেন্দ্ৰ

ধৃত চোৰ দুটাৰ লগত এটা বৃহৎ দল থকা বুলিও আৰক্ষীয়ে সদৰি কৰি ঘটনা সন্দৰ্ভত নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে পল্টনবজাৰ আৰক্ষীয়ে ।

উল্লেখযোগ্য যে, শেহতীয়াকৈ গুৱাহাটীত ব্যাপক হাৰত বৃদ্ধি পাইছে চুৰি-ডকাইতিৰ ঘটনা । যাৰবাবে আৰক্ষীয়ে সাধাৰণ পোছাক পৰিধান কৰি তহল দিব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : গোৱালপাৰাত অবৈধ কাঠ আৰু কাঠফলা মিল জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.