ETV Bharat / state

Akhil Gogoi Press Meet: মুখ্যমন্ত্ৰীক 46 হাজাৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ প্ৰত্যাহ্বান অখিল গগৈৰ - MLA Akhil Gogoi

খানাপাৰাত বৃহস্পতিবাৰে অনুষ্ঠিত হ’বলগীয়া ৰাজ্য চৰকাৰৰ বৰ্ষপূৰ্তি তথা নিযুক্তি প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত শৰ্মাক 46 হাজাৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ প্ৰত্যাহ্বান বিধায়ক অখিল গগৈৰ ৷ কাইলৈ 20 অথবা 25 হাজাৰ প্ৰাৰ্থীয়েহে নিযুক্তি পাব বুলি মন্তব্য কৰে তেওঁ (Akhil Gogoi Challenge CM Himanta Biswa Sarma) ৷

MLA Akhil Gogoi Challenge CM Himanta Biswa Sarma
46 হাজাৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ প্ৰত্যাহ্বান বিধায়ক অখিল গগৈৰ
author img

By

Published : May 24, 2023, 10:16 PM IST

মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান অখিল গগৈৰ

গুৱাহাটী, 24 মে’: গুৱাহাটীৰ খানাপাৰাত বৃহস্পতিবাৰে অনুষ্ঠিত হ’বলগীয়া ৰাজ্য চৰকাৰৰ বৰ্ষপূৰ্তি তথা নিযুক্তি প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত শৰ্মাক 46 হাজাৰ প্ৰাৰ্থীৰ নাম সহকাৰে ঘোষণা কৰাৰ প্ৰত্যাহ্বান জনাইছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে (MLA Akhil Gogoi Challenge CM Himanta Biswa Sarma) ৷

আজি এক সংবাদমেল সম্বোধন কৰি বিধায়ক অখিল গগৈয়ে কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক লাখ চাকৰি 31 মাৰ্চৰ ভিতৰত নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছিল ৷ চৰকাৰে কৈছে 42 হাজাৰ প্ৰাৰ্থীক নিযুক্তি দিছে ৷ বৃহস্পতিবাৰে খানাপাৰাত 46 হাজাৰক নিযুক্তি দিব ৷ গতিকে চৰকাৰে কোৱা মতে 87 হাজাৰ জনক নিযুক্তি দিয়া হ'ব ৷ কিন্তু এইয়া সম্পূৰ্ণ মিছা বুলি তেওঁ মন্তব্য কৰে (Akhil Gogoi Challenge CM Himanta Biswa Sarma) ৷

তেওঁ কয় যে, চৰকাৰৰক প্ৰত্যাহ্বান জনাইছো 46 হাজাৰ প্ৰাৰ্থীৰ নাম কাইলৈ ঘোষণা কৰক ৷ কিন্ত তেওঁলোকে নোৱাৰে ৷ কাৰণ নিযুক্তি প্ৰক্ৰিয়াত অভাৰলেপিং হৈছে ৷ কাইলৈ 20 অথবা 25 হাজাৰ প্ৰাৰ্থীয়েহে নিযুক্তি পাব (MLA Akhil Gogoi slams CM Himanta Biswa Sarma) ৷

সংবাদমেলত অখিল গগৈয়ে লগতে কয় যে, দুবছৰ পূৰ্বে বিজেপিয়ে দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি এটাও পূৰণ হোৱা নাই ৷ তেওঁ কয়, ‘‘মিছন ব্ৰহ্মপুত্ৰ প্ৰকল্প নহ'ল, বানমুক্ত অসম তথা ব্ৰহ্মপুত্ৰ খনন নহ'ল, নদীৰ অতিৰিক্ত পানী সংৰক্ষণৰ ৰিজাৰ্ভাৰ এটাও নিৰ্মাণ নহ'ল ৷ হিতাধিকাৰীয়ে অৰুণোদয়ৰ 3000 টকা পোৱা নাই ৷ সত্ৰৰ বেদখলকৃত মাটি মুকলি‌ নহ’ল ৷’’ এন আৰ চি উন্নীতকৰণৰ বিষয়টোও আগনাবাঢ়িল বুলি কয় বিধায়ক গৰাকীয়ে (MLA Akhil Gogoi) ৷

লগতে তেওঁ কয় যে, ভূমিহীনক নতুনকৈ এটুকুৰাও মাটি চৰকাৰে দিয়া নাই, মথাউৰিত থকা থলুৱাসলক মাটি দিয়া নাই ৷ কেৱল মাত্ৰ উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৷ দুবছৰত 43 হাজাৰ কোটি টকাৰ ঋণ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল ৰেকৰ্ড গঢ়িছে বুলিও মন্তব্য কৰে অখিল গগৈয়ে (CM Himanta Biswa Sarma) ৷

লগতে পঢ়ক: Assam Meghalaya border issue: সীমা বিবাদক লৈ কইনাধৰাত অসম-মেঘালয়ৰ মুখ্যমন্ত্রীৰ গুৰুত্বপূৰ্ণ বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.