ETV Bharat / state

মহিলাসকলৰ আর্থ সামাজিক উন্নয়নত চৰকাৰে সৰ্বাধিক অগ্ৰাধিকাৰ প্ৰদান কৰিছে : ৰণজিৎ দাস

author img

By

Published : Mar 12, 2022, 9:34 AM IST

৭৫ গৰাকী মহিলা হিতাধিকাৰীক সম্বর্ধনা (Minister Ranjeet Kumar Dass felicitates women beneficiaries) মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ । আত্মসহায়ক গোটসমূহক অধিক সক্ৰিয় আৰু উৎপাদনমুখী কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে চৰকাৰে । ৰাজ্যত তিনি লাখ মহিলা আত্মসহায়ক গোটৰ সৰ্বমুঠ ৩০ লাখ সদস্যা আছে । এই আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যৰে আয় বছৰত ১ লাখ টকালৈ পর্যায়ক্ৰমে বৃদ্ধি কৰিবৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে ।

Ranjit Das Congratulated the beneficiaries
৭৫ গৰাকী মহিলা হিতাধিকাৰীক সম্বর্ধনা

গুৱাহাটী, 12 মার্চ : বর্তমানৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে মহিলাসকলৰ আর্থ-সামাজিক উন্নয়নৰ ক্ষেত্ৰত সৰ্বাধিক অগ্ৰাধিকাৰ প্ৰদান কৰিছে । এই মন্তব্য পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী, খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ (Minister Ranjeet Kumar Dass felicitates women beneficiaries) ।

শুকুৰবাৰে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আন্তর্জাতিক নাৰী দিৱসৰ সৈতে সংগতি ৰাখি পালন কৰা সপ্তাহজোৰা কাৰ্যসূচীৰ অংশ হিচাপে আয়োজিত এক অনুষ্ঠানত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি (এমজি এনৰেগা) ৰ অধীনৰ ৭৫ গৰাকী মহিলা হিতাধিকাৰীক আনুষ্ঠানিকভাৱে সম্বর্ধনা জ্ঞাপন কৰা হয় (Ranjit Dass inaugurate the renovated office of Research and Development Centre) । সম্বৰ্ধনা জ্ঞাপন কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।

ভাষণ প্ৰসংগত তেওঁ কয় যে, ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ দুখীয়া মহিলাসকলৰ সৰ্বাংগীণ কল্যাণ সাধন কৰি তেওঁলোকৰ আয় বৃদ্ধিৰ জৰিয়তে অর্থনৈতিকভাৱে শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব প্ৰদান কৰিছে । সমাজৰ দুখীয়া মহিলাসকলে যাতে অর্থনৈতিক নিৰাপত্তা লাভ কৰে আৰু স্ব-নির্ভৰ হ'ব পাৰে, তাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে, আত্মসহায়ক গোটসমূহক অধিক সক্ৰিয় আৰু উৎপাদনমুখী কৰিবলৈ চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

তেওঁ লগতে কয় যে, গ্ৰামাঞ্চলৰ অর্থনৈতিক বিকাশৰ ক্ষেত্ৰত আত্মসহায়ক গোটসমূহে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছে । ৰাজ্যখনত তিনি লাখ মহিলা আত্মসহায়ক গোটৰ সৰ্বমুঠ ৩০ লাখ সদস্যা আছে । এই আত্মসহায়ক গোটৰ প্ৰতি গৰাকী সদস্যৰে আয় বছৰত ১ লাখ টকালৈ পর্যায়ক্ৰমে বৃদ্ধি কৰিবৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে । অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা, এম জি এনৰেগা আদি বিভিন্ন আঁচনিৰ পৰা হিতাধিকাৰীয়ে লাভ কৰা সা-সুবিধাৰ এক আভাস দাঙি ধৰে ।

লগতে পঢ়ক : জিলা পৰ্যায়ৰ সৰু আঞ্চলিক দললৈ ৰূপান্তৰিত হ'ব কংগ্ৰেছ: হিমন্ত বিশ্ব শৰ্মা

তেওঁ কয় যে, এতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ হিতাধিকাৰীয়ে গৃহ নিৰ্মাণৰ বাবে ১ লাখ ৩০ হেজাৰ টকা লাভ কৰে । তদুপৰি এই আঁচনিৰ হিতাধিকাৰীয়ে এম জি এনৰেগাৰ অধীনত ৯৫ দিনৰ মজুৰি, স্বচ্ছ ভাৰত মিছনৰ অধীনত ঘৰুৱা শৌচালয় নির্মাণৰ বাবে সহায়তা, জল জীৱন মিছনৰ অধীনত নলীৰে বিশুদ্ধ খোৱা পানীৰ যোগান, সৌভাগ্য আঁচনিৰ দ্বাৰা বিজুলী সংযোগ আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ অধীনত ৰন্ধন গেছৰ সুবিধা লাভ কৰিব ।

অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে দুগৰাকী গৰ্ভৱতী নাৰীকো সম্বর্ধনা জনাই তেওঁলোকক পুষ্টিকৰ খাদ্যৰ টোপোলা প্ৰদান কৰে । অনুষ্ঠানত কেইবাগৰাকীও স্বাৱলম্বী মহিলাই তেওঁলোকৰ কৰ্মজীৱনৰ অভিজ্ঞতাৰ বৰ্ণনা কৰাৰ লগতে বিভাগটোৰ আঁচনিৰ দ্বাৰা কেনেদৰে উপকৃত হৈছে তাৰ সবিশেষ বৰ্ণনা কৰে ।

অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আয়ুক্ত বিক্ৰম কৈৰী, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সঞ্চালক কৃষ্ণা বৰুৱা, পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ অতিৰিক্ত আয়ুক্ত ৰাতুল পাঠকেও ভাষণ দিয়ে । যুটীয়া আয়ুক্ত চিন্ময় ফুকন আৰু এছ এ লস্কৰকে ধৰি ভালেসংখ্যক বিষয়া-কৰ্মচাৰী সভাত উপস্থিত আছিল ৷

লগতে পঢ়ক : অখিল গগৈয়ে এটা ইচ্ছ্যুৰ ওপৰত খুউব বেছি ছমাহহে প্ৰতিবাদ কৰে: জয়ন্ত মল্ল বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.