ETV Bharat / state

জিলা কংগ্ৰেছৰ অফিচে অফিচে মাছে-মঙহে বনাইছিল, খাবলৈহে কোনো নাহিল: পীযুষ হাজৰীকা

author img

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 4:38 PM IST

Updated : Dec 20, 2023, 5:19 PM IST

‘অভিমন্যু বধ’ৰ কথা কৈ সমালোচিত ভূপেন বৰা ৷ ক্ষমা খোজাৰ দাবী মন্ত্ৰী পীযুষ হাজৰীকাৰ ।

Bhupen Bora Critised by Minister Piyush Hazarika
ভূপেন বৰাক উভতি ধৰিলে মন্ত্ৰী হাজৰীকাই

মন্ত্ৰী পীযুষ হাজৰীকাৰ বাক্যবাণ ভূপেন বৰালৈ

গুৱাহাটী, ৪ নৱেম্বৰ : এইবাৰ ‘অভিমন্যু বধ’ বিতৰ্ক ৷ আকৌ এবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মন্তব্যক লৈ জাঙুৰ খাই উঠিছে মন্ত্ৰী পীযুষ হাজৰীকা । মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু ৰাজস্থানৰ জনতা কৌৰৱ নেকি বুলি প্ৰশ্ন কৰি ভূপেন বৰাক ক্ষমা বিচাৰিবলৈ দাবী মন্ত্ৰী হাজৰীকাৰ ৷

দেওবাৰে ঘোষিত ৪ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ সোমবাৰে আগবেলা গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেল আয়োজন কৰি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এপিচিচিৰ সভাপতি গৰাকীয়ে ৷ প্ৰসংগক্ৰমে ভূপেন বৰাই উল্লেখ কৰে যে, এই নিৰ্বাচনত অভিমন্যু বধ হ’ল ৷ এই প্ৰসংগত ভূপেন বৰাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ পীযুষ হাজৰীকাৰ ।

“নিৰ্বাচন হৰাৰ পিচত পৰাজয় বিনম্ৰতাৰে মানি লোৱাৰ সলনি কংগ্ৰেছে নাৰায়ণৰূপী জনতাক কৌৰৱ বুলি গালি পৰা দেখি মৰ্মাহত হৈছোঁ । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই নিৰ্বাচনত অভিমন্যুক বধ কৰি কৌৰৱে উল্লাস কৰা বুলি কি বুজাব বিচাৰিছে ? ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ জনতা কংগ্ৰেছক ভোট নিদিয়াৰ বাবেই কৌৰৱ হৈ গ’ল নেকি ? এনেকৈ ভোট নোপোৱা বাবেই জনতাক কৌৰৱ সজোৱাৰ নিকৃষ্ট মানসিকতাক গৰিহণা দিছোঁ”, দিল্লীত সোমবাৰে এইদৰে ভূপেন বৰাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া আগবঢ়ায় মন্ত্ৰী পীযুষ হাজৰীকাই ৷

“আমি সুখে-দুখে সদায় জনতাৰ কাষত, কোনো চৰ্ত নোহোৱাকৈ, তাৰ বাবেই আমি জনতাৰ হৃদয়ত ৷ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিনাচৰ্তে ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ জনতাৰ ওচৰত ক্ষমা বিচাৰক তাৰ দাবী জনাইছোঁ” বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীক ক্ষমা খুজিবলৈ লগতে দাবী জনায় মন্ত্ৰী হাজৰীকাই । আনহাতে আগন্তুক লোকসভা নিৰ্বাচনত অসমত কংগ্ৰেছে মাত্ৰ এখন আসনহে লাভ কৰিব বুলি মন্তব্য কৰে পীযুষ হাজৰীকাই ৷ তাৰ বিপৰীতে বিজেপিয়ে ৰাজ্যত ১২ খন আসনত জয় লাভ কৰিব বুলি দাবী মন্ত্ৰী গৰাকীৰ ৷

নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বেই কংগ্ৰেছে বিশাল ভোজভাত আৰু আতচবাজী যোগাৰ কৰি থোৱা প্ৰসংগতো ভূপেন বৰালৈ পৰামৰ্শ বিজেপি মন্ত্ৰী গৰাকীৰ, “এইবাৰৰ পৰা ভোজভাত-ফটকা আদি আগতীয়াকৈ যোগাৰ নকৰিব ৷” উল্লেখ্য যে, ইয়াৰ পূৰ্বে শ্ৰীকৃষ্ণক লাভ জিহাদিৰে সাঙুৰি ৰাজনৈতিক মন্তব্য কৰি বিতৰ্কৰ মাজত সোমাই পৰিছিল ভূপেন বৰা ৷ পিচত ক্ষমাও খুজিছিল ৰাইজক । এইবাৰ বৰাৰ ‘অভিমন্যু বধ’ মন্তব্যই কি ৰূপ লয় সেয়া সময়েহে ক’ব ।

লগতে পঢ়ক : মহাভাৰতৰ যুদ্ধত কৌৰৱৰ দৰে বিজেপিয়েও লোকসভা নিৰ্বাচনত পৰাজয়বৰণ কৰিব: ভূপেন‌ বৰা‌

Last Updated : Dec 20, 2023, 5:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.