ETV Bharat / state

Amrit Kalash Yatra : ভূপেন বৰাই কিয় হিংসা কৰে নিজৰ দলৰ বিধায়ক-সাংসদক ? পীযুষ হাজৰীকাৰ ব্যাখ্যা

author img

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 6:52 PM IST

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই নিজৰ দলৰ বিধায়ক আৰু সাংসদ সকলক হিংসা কৰাৰ অভিযোগ মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ ভূপেন বৰাৰ বিৰুদ্ধে সমালোচনাত মুখৰ মন্ত্ৰী পীযুষ হাজৰীকা ৷

Minister Pijush Hazarika
মন্ত্ৰী পীযুষ হাজৰীকা
ভূপেন বৰাৰ বিৰুদ্ধে সমালোচনাত মুখৰ মন্ত্ৰী পীযুষ

গুৱাহাটী, ৪ অক্টোবৰ : অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বোলে নিজৰ দলৰ বিধায়ক আৰু সাংসদ সকল হিংসা কৰে ৷ যাৰ বাবে যেতিয়াই তেতিয়াই তেঁওলোকক শ্ব’ ক’জ দি থাকে ভূপেন বৰাই ৷ কংগ্ৰেছ নেতাজনৰ বিৰুদ্ধে এই নতুন অভিযোগ মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৰাজনৈতিক কিবা মন্তব্য কৰিলেই সাংঘাতিক আক্ৰমণাত্মক হৈ পৰে হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰীকা ৷ বুধবাৰে আকৌ এবাৰ ভূপেন বৰাৰ বিৰুদ্ধে সমালোচনাৰে ক্ষুৰধাৰ হৈ পৰিলে মন্ত্ৰী পীযুষ হাজৰীকা ৷ বিতৰ্কৰ মাজত সোমাই পৰা অমৃত কলহ যাত্ৰাক লৈ মঙলবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে সমালোচনাত্মক মন্তব্য আগবঢ়াইছিল ৷ লগতে অমৃত কলহ যাত্ৰাত ভাগ লোৱা দুগৰাকী কংগ্ৰেছ বিধায়কক শ্ব ক’জ দিছে কংগ্ৰেছ দলে ৷ তাৰেই প্ৰত্যুত্তৰ দিবলৈ গৈ ভূপেন বৰাৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰে মন্ত্ৰী পীযুষ হাজৰীকা ৷

মন্ত্ৰী পীযুষ হাজৰীকাৰ মতে ভূপেন বৰাই নিজৰ দলৰ বিধায়ক-সাংসদক সকলক হিংসা কৰাৰ কাৰণ আছে ৷ কাৰণ দৰ্শাই মন্ত্ৰী গৰাকীয়ে বুধবাৰে দিছপুৰৰ নিজৰ আৱাসত সাংবাদিকৰ সমুখত ক’লে— “ভূপেন বৰাৰ বুকুত জ্বলি থাকে হিংসাৰ দাবানল ৷ তিনিবাৰ নিৰ্বাচনত হাৰিলে ৰাজনীতিক এজনৰ বাবে বৰ কষ্টকৰ হয় ৷ ভূপেন বৰাৰ ক্ষেত্ৰত এই কষ্ট এতিয়া হিংসালৈ ৰূপান্তৰ হৈছে ৷ তিনিবাৰকৈ নিৰ্বাচনত হাৰি দিছপুৰৰ পৰা দীৰ্ঘদিন আঁতৰত থাকিবলগীয়া হৈছে ভূপেন বৰা ৷ সেয়েহে তিনিবাৰ নিজে হৰাৰ বাবে নিজৰ দলৰ নিৰ্বাচন জিকা সকলক হিংসাতে যেতিয়াই তেতিয়াই শ্ব ক’জ দিয়ে ভূপেন বৰাই ৷”

লগতে অমৃত কলহ যাত্ৰা প্ৰসংগত ভূপেন বৰাৰ সমালোচনাৰ প্ৰত্যুত্তৰ দিয়ে যে, অমৃত কলহ যাত্ৰাৰ কলহত ভূপেন বৰাই কোৱাৰ দৰে বিহ আছে নে অমৃত আছে সেয়া অহা নিৰ্বাচনত ৰাইজে ক’ব ৷ এইবাৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে অসমত ১১ টা সমষ্টিত জিকিব বুলি দাবী কৰে পীযুষ হাজৰিকাই ৷

লগতে পঢ়ক : Koch Rajbongshi Protest : কোচ ৰাজবংশীক অপমান কৰি ৰোষত পৰিছে বিজেপি সাংসদ দিলীপ শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.