ETV Bharat / state

Assam Arunachal border dispute: অসম-অৰুণাচলৰ সীমা বিবাদ সন্দৰ্ভত জনতা ভৱনত মন্ত্রী পৰ্যায়ৰ বৈঠক - অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্রী চৌনা মেইন

অৰুণাচলত সীমা সমস্যা সন্দৰ্ভত বুধবাৰে জনতা ভৱনত অৰুণাচলৰ উপ-মুখ্যমন্ত্ৰীৰে অসম চৰকাৰৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠক । বৈঠকৰ অসম আৰু অৰুণাচলৰ সীমা বিবাদ সন্দৰ্ভত বিশদভাৱে আলোচনা ৷ আলোচনাৰ প্ৰতিবেদন দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীক দিয়া হ'ব । তাৰ পাছত কেন্দ্ৰীয় চৰকাৰে চূড়ান্ত সিদ্ধান্ত ল'ব(Assam Arunachal border dispute) ।

Assam Arunachal border dispute
অসম-অৰুণাচলৰ সীমা বিবাদ সন্দৰ্ভত জনতা ভৱনত মন্ত্রী পৰ্যায়ৰ বৈঠক
author img

By

Published : Dec 21, 2022, 10:55 PM IST

অসম-অৰুণাচলৰ সীমা বিবাদ সন্দৰ্ভত জনতা ভৱনত মন্ত্রী পৰ্যায়ৰ বৈঠক

গুৱাহাটী,২১ ডিচেম্বৰ: অসম-অৰুণাচল প্ৰদেশ সীমা বিবাদ সন্দৰ্ভত মন্ত্রী পৰ্যায়ৰ দুয়োখন ৰাজ্যৰ আঞ্চলিক কমিটিৰ বৈঠক আজি জনতা ভৱনত অনুষ্ঠিত হয়(Minister level meeting between Assam and Arunachal) । বৈঠকত অসমৰ হৈ মন্ত্রী অতুল বৰা আৰু অৰুণাচল প্ৰদেশৰ হৈ উপ-মুখ্যমন্ত্রী চৌনা মেইনকে ধৰি দুয়োখন ৰাজ্যৰ আঞ্চলিক কমিটিৰ সদস্যসকল উপস্থিত আছিল । বৈঠকৰ অন্তত জনতা ভৱনত মন্ত্রী অতুল বৰা আৰু অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্রী চৌনা মেইনে এখন সংবাদমেল সম্বোধন কৰে(Meeting on Assam-Arunachal Border issue) ।

সংবাদমেলত মন্ত্রী অতুল বৰাই কয় যে অসম আৰু অৰুণাচলৰ সীমা বিবাদ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হৈছে । দুয়োখন জিলাৰ আঞ্চলিক কমিটীসমূহে বুজাবুজিৰ মাজেৰে সহমতত উপনীত হৈছে । দুয়োখন ৰাজ্যৰ মাজত থকা ইচ্ছ্যুসমূহ মীমাংসা কৰা হৈছে আৰু এইক্ষেত্রত স্বাক্ষৰো কৰা হৈছে । এই আলোচনাৰ প্ৰতিবেদন দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীক দিয়া হ'ব । তাৰ পাছত কেন্দ্ৰীয় চৰকাৰে চূড়ান্ত সিদ্ধান্ত ল'ব ।

তেওঁ লগতে কয় যে ইয়াৰ পূৰ্বে নামচাইত আঞ্চলিক কমিটিৰ বৈঠক হৈছিল । বৈঠকৰ সিদ্ধান্ত অনুসৰি বিবাদমান এলেকাসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱা হৈছিল । সেইদৰে কেইবালানি বৈঠক অনুষ্ঠিত হৈছিল । আজি পুনৰ আঞ্চলিক কমিটিৰ বৈঠক অনুষ্ঠিত হয় । আজি মুকলিকৈ আলোচনা কৰি ঐক্যমতত উপনীত হোৱা বুলি তেওঁ সদৰি কৰে ।

উল্লেখ্য যে, বিগত ১৫ জুলাইত অৰুণাচল প্ৰদেশৰ নামচাইত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ মাজত স্বাক্ষৰিত ঐতিহাসিক নামচাই ঘোষণাপত্ৰৰ পাছত অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চৌনা মেইন আৰু অসমৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰা নামচাইত মিলিত হৈ দুয়োখন ৰাজ্যৰ সীমা বিবাদ সম্পৰ্কীয় আলোচনাত মিলিত হৈছিল(Assam Arunachal border dispute) ।

ইয়াৰ পূৰ্বে অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী আৰু অসমৰ মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত গঠিত দুয়োখন ৰাজ্যৰ আঞ্চলিক সমিতি দুখনৰ সদস্যসকলে অসম অৰুণাচল সীমান্তৰ নামচাই জিলাৰ বিবাদমান অঞ্চলসমূহ ভ্ৰমণ কৰিছিল । আজি আঞ্চলিক কমিটিয়ে বৈঠকত মিলিত হৈ বিবাদমান এলেকা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰাৰ লগতে সহমতত উপনীত হয় । ইয়াৰ পাছত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রী আলোচনাত মিলিত হৈ এইক্ষেত্রত সিদ্ধান্ত গ্ৰহণ কৰিব(Assam and Arunachal on Inter State Border issues) ।

লগতে পঢ়ক: Assam Assembly Winter Session: অসম চুক্তিৰ নামত ৰাইজক প্ৰতাৰণা বিজেপিৰ: বিধায়ক কমলাক্ষৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.