ETV Bharat / state

গুৱাহাটীত ৰাজ্যৰ আইটিআইসমূহৰ উদ্ভাৱনী প্ৰকল্প পৰিদৰ্শন মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ

author img

By

Published : Aug 16, 2022, 8:26 PM IST

আজাদী কা অমৃত মহোৎসৱক (Azadi ka Amrit Mahotsav) বিষয় হিচাপে লৈ ৰাজ্যৰ আই টি আইৰ শিক্ষাৰ্থীসকলে নিৰ্মাণ কৰি উলিয়ালে ১০৭ টা মডেল (ITI students in Assam built 107 models) । শিক্ষাৰ্থীসকলৰ উদ্ভাৱনী প্ৰকল্প দেখি অভিভূত মন্ত্রী জয়ন্ত মল্ল বৰুৱা । গ্ৰামাঞ্চল তথা অতি পিছপৰা অঞ্চলত থকা শিক্ষাৰ্থীসকলৰ প্ৰতিভা বিকশিত কৰাটো চৰকাৰৰ লক্ষ্য ।

ITI
ITI

গুৱাহাটী, ১৬ আগষ্ট : দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ ৩২ খন আই টি আইৰ শিক্ষাৰ্থীসকলে নিৰ্মাণ কৰি উলিয়াইছে ১০৭ টা প্ৰকল্প (Students from 32 ITI built 107 projects in Assam) । গুৱাহাটীৰ গোপীনাথ নগৰস্থিত গুৱাহাটী আই টি আইত (Guwahati ITI) মঙলবাৰে এই উদ্ভাৱনীমূলক প্ৰকল্পসমূহৰ এক প্ৰদৰ্শনী অনুষ্ঠিত হয় ।

উক্ত প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে ৰাজ্যৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই (Minister Jayanta Malla Baruah inspecting ITI projects) । প্ৰকল্পসমূহ পৰিদৰ্শন কৰি মন্ত্রী বৰুৱাই কয়, "আজাদী কা অমৃত মহোৎসৱক (project about Azadi ka Amrit Mahotsav theme) বিষয় হিচাপে লৈ মডেল নিৰ্মাণ কৰিবলৈ দিয়া হৈছিল । আই টি আইৰ বিভিন্ন ট্ৰেডৰ শিক্ষাৰ্থীসকলে সুন্দৰভাৱে মডেলসমূহ নিৰ্মাণ কৰি উলিয়াইছে । ইয়াত তেওঁলোকৰ দক্ষতা সুন্দৰ ৰূপত প্ৰকাশ পাইছে ।"

গুৱাহাটীত ৰাজ্যৰ আইটিআইসমূহৰ উদ্ভাৱনী প্ৰকল্প পৰিদৰ্শন মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ

তেওঁ শিক্ষাৰ্থীসকলৰ প্ৰশংসা কৰি কয়, "আমাৰ শিক্ষাৰ্থীসকলৰ কলাসুলভ মন এটা আছে । শিক্ষাৰ্থীসকলে গঠনমূলক চিন্তাৰে সুন্দৰ প্ৰকল্প নিৰ্মাণ কৰিছে ।" তেওঁ লগতে কয় যে চৰকাৰৰ লক্ষ্য হৈছে যে গ্ৰামাঞ্চল তথা অতি পিছপৰা অঞ্চলত থকা শিক্ষাৰ্থীসকলৰ প্ৰতিভা বিকশিত কৰা । চৰকাৰে তেওঁলোকৰ প্ৰতিভা বিকশিত কৰাই নহয়, তেওঁলোকক উলিয়াই অনাৰ বাবেও উদ্যোগ গ্ৰহণ কৰিছে বুলি তেওঁ মন্তব্য কৰে ।

লগতে শিক্ষাৰ্থীসকলৰ মাজত প্ৰতিযোগিতামূলক মনোভাব এটা সৃষ্টি কৰাৰ লগতে উপযুক্ত প্লেটফৰ্ম দিয়াৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে যাতে তেওঁলোকে সংস্থাপন লাভ কৰিব পাৰে । তেওঁ কাৰিকৰী শিক্ষাৰ যোগেদি আত্মসংস্থাপনৰ ক্ষেত্রত চৰকাৰে প্ৰদান কৰা গুৰুত্বৰ কথাও দোহাৰে (self employment through technical education)।

লগতে পঢ়ক :ব্যক্তিগত খণ্ডলৈ আদৰ্শ বিদ্যালয়, তৎপৰ ৰণোজ পেগু

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.