ETV Bharat / state

APSC CCE 2020: সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ - Felicitation Programme of APSC CSE 2020

২০২০ বৰ্ষৰ অসামৰিক সেৱা পৰীক্ষাত উত্তীৰ্ণ বিদ্যা ভাৰতী শিক্ষা সংস্থাৰ অধীনস্থ শিক্ষানুষ্ঠানসমূহৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক শিশু শিক্ষা সমিতি, অসমৰ সম্বৰ্ধনা ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে (Minister Chandra Mohan Patowary) ৷ তেওঁ বিদ্যা ভাৰতী সন্থাৰ প্ৰতিষ্ঠানসমূহে শিক্ষাৰ্থীৰ এক শক্তিশালী নৈতিক ভেটিৰ সৃষ্টি কৰে বুলি মন্তব্য কৰে ৷

APSC CCE 2020
সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ
author img

By

Published : Oct 31, 2022, 10:51 PM IST

দিছপুৰ, ৩১ অক্টোবৰ: ''ভৱিষ্যতৰ সমাজখনক নেতৃত্ব দিবলৈ আৰু জনসাধাৰণক সেৱা আগবঢ়াবলৈ আপোনালোক যোগ্য বিবেচিত হৈছে । সততাৰে নিজৰ কৰ্তব্য পালনক সদায় আপোনালোক গুৰুত্ব দিব লাগিব । উদ্ভাৱনীমূলক চিন্তাৰে জনসেৱা প্ৰদানৰ ক্ষেত্ৰত নতুনত্ব আনিবলৈ চেষ্টা কৰিব লাগিব যাতে সমাজলৈ ইতিবাচক পৰিৱৰ্তন আনিব পৰা যায় ।'' এই মন্তব্য পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ(Minister Chandra Mohan Patowary) ৷

শিশু শিক্ষা সমিতি, অসমৰ উদ্যোগত সোমবাৰে অসম লোকসভা আয়োগৰ ২০২০ বৰ্ষৰ অসামৰিক সেৱা পৰীক্ষাত(APSC CSE 2020) উত্তীৰ্ণ বিদ্যা ভাৰতী শিক্ষা সংস্থাৰ অধীনস্থ শিক্ষানুষ্ঠানসমূহৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ সম্বৰ্ধনা জনোৱা হয় ৷ অনুষ্ঠানত অংশগ্ৰহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জনোৱাৰ লগতে এইদৰে কয় (Felicitation Programme of APSC CSE 2020) ।

APSC CCE 2020
সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

বিদ্যা ভাৰতী সংস্থাৰ প্ৰতিষ্ঠানত শিক্ষিত অসামৰিক সেৱাৰ নৱনিযুক্ত বিষয়াসকলকো কৰ্তব্য পালনৰ ক্ষেত্ৰত নৈতিক মূল্যবোধক অক্ষুণ্ণ ৰাখিবলৈ আহ্বান জনায় মন্ত্ৰী পাটোৱাৰীয়ে ৷ তেওঁ লগতে কয় যে, বিদ্যা ভাৰতী সন্থাৰ প্ৰতিষ্ঠানসমূহৰ মূল্যভিত্তিক শিক্ষা ব্যৱস্থাই জীৱনৰ আৰম্ভণিতে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক সুদৃঢ় নৈতিক ভেটি গঢ়ি তোলে । তেওঁ ভৱিষ্যতৰ আমোলাসকলক তেওঁলোকৰ শক্তিশালী নৈতিক প্ৰমূল্যসমূহবোধৰ জৰিয়তে এখন দুৰ্নীতিমুক্ত সমাজ গঢ়াৰ বাবে তৎপৰ হ’বলৈ আহ্বান জনায় ।

ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে উন্নত প্ৰযুক্তিৰ দ্বাৰা কিদৰে ৰাজহুৱা সেৱা প্ৰদান অধিক ক্ষিপ্ৰতৰ কৰিব পাৰি তাৰ ওপৰতো আলোকপাত কৰে । ভাষা সফলতা লাভৰ ক্ষেত্ৰত বাধা হ’ব নোৱাৰে বুলি কৈ পাটোৱাৰীয়ে কয় যে বিদ্যা ভাৰতী সংস্থাৰ শিক্ষানুষ্ঠানসমূহত অসমীয়া মাধ্যমত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলে অসম লোকসভা আয়োগৰ অসামৰিক সেৱা পৰীক্ষাৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈ সেই কথা প্ৰমাণ কৰিছে ।

আজিৰ অনুষ্ঠানত শিশু শিক্ষা সংস্থা, অসমৰ সভাপতি দিব্যজ্যোতি মহন্ত, আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং, নেডফিৰ অধ্যক্ষ আৰু এমডি পিভিএছএলএন মূৰ্তিয়েও ভাষণ দিয়ে ।

লগতে পঢ়ক : APSC CCE 2020 : ভুৱা EWS প্ৰমাণপত্ৰৰ জৰিয়তে লোকসেৱা আয়োগৰ চাকৰি লাভ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.