ETV Bharat / state

অসমত হ'ব মছলাৰ গুণাগুণ পৰীক্ষণৰ পৰীক্ষাগাৰ - tea industry

"অসম আৰু পশ্চিমবংগৰ চাহ বাগানৰ মহিলাসকলৰ স্বাস্থ্য আৰু শৈক্ষিক উন্নয়নৰ বাবে ধাৰ্য কৰা হৈছে এহাজাৰ কোটি টকা । ক্ষুদ্ৰ চাহ খেতিয়কে নিজা ফেক্টৰী স্থাপন কৰিব বিচাৰিলে চৰকাৰে দিব পুঁজি" । দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ ৰাজ্যিক মন্ত্রী অনুপ্ৰিয়া পেটেলে(Anupriya patil) বৃহস্পতিবাৰে এখন সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে ।

Minister Anupriya patil announced that spices board will establish in Assam
অসমত হ'ব মছলাৰ গুণাগুণ পৰীক্ষা কৰাৰ পৰীক্ষাগাৰ
author img

By

Published : Sep 30, 2021, 7:13 PM IST

গুৱাহাটী, ৩০ ছেপ্টেম্বৰ : অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত উৎপাদিত মছলাৰ গুণাগুণ পৰীক্ষা কৰাৰ বাবে অসমত স্থাপন কৰা হ'ব পৰীক্ষাগাৰ । লগতে স্থাপন কৰা হ'ব মছলা বোৰ্ড । এই কথা ঘোষণা কৰে দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ ৰাজ্যিক মন্ত্রী অনুপ্ৰিয়া পেটেলে(Anupriya patil) । বৃহস্পতিবাৰে গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ সভা কক্ষত আয়োজন কৰা এখন সংবাদমেলত কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে কয় যে, পূৰ্বতে মছলাৰ গুণাগুণ পৰীক্ষাৰ বাবে নমুনা কলকাতালৈ প্ৰেৰণ কৰা হৈছিল ।

মন্ত্রীগৰাকীয়ে লগতে কয় ‘‘উত্তৰ-পূৰ্বাঞ্চলৰ কৃষিজাত সামগ্ৰীৰ ৰপ্তানিৰ ক্ষেত্রত প্ৰচুৰ সম্ভাৱনীয়তা আছে আৰু এই দিশটোৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে । হস্ততাঁত আৰু কৃষি সামগ্ৰীৰ ভাল ব্ৰেণ্ডিং আৰু পেকেজিঙৰ বাবে অসমত প্ৰশিক্ষণ কেন্দ্ৰৰ যোগেদি প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ব । মুম্বাইৰ বিশেষজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হ'ব, যাতে ব্ৰেণ্ডিং আৰু পেকেজিঙৰ মান উন্নত হয় আৰু বজাৰ দখল কৰিব পাৰে । অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উৎপাদিত কৃষিজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধি আৰু মাৰ্কেটিঙৰ ক্ষেত্রত কেন্দ্ৰীয় চৰকাৰৰ সহযোগ থাকিব ।’’

অসমৰ বৃহৎ চাহ উদ্যোগটোৰ বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বুলি মন্ত্রীগৰাকীয়ে সদৰি কৰে । তেওঁ কয় যে, চাহ খণ্ডৰ উন্নয়ন আৰু প্ৰম'চনৰ বাবে ২০১৭ চনৰ পৰা ২০২৬ চনলৈ 'টি ডি পি এছ' আঁচনিৰ অধীনত বিভিন্ন কাম কৰি থকা হৈছে । এই আঁচনিখনত কেতবোৰ নতুনত্ব অনা হৈছে আৰু ইয়াৰ বাবে ৯৬৭ কোটি টকা দিয়া হৈছে ।

বিশেষকৈ ক্ষুদ্ৰ চাহ খেতিয়কসকলক আত্মনিৰ্ভৰশীল কৰি তোলাৰ ক্ষেত্রত গুৰুত্ব দিয়া হৈছে । ক্ষুদ্ৰ চাহ খেতিয়কে নিজা ফেক্টৰী স্থাপন কৰিব বিচাৰিলে এই পুঁজিৰ যোগেদি চৰকাৰে সহযোগিতা আগবঢ়াব বুলিও তেওঁ মন্তব্য কৰে । অসমক চাহ ৰপ্তানিৰ হাব হিচাপে গঢ়ি তোলাত গুৰুত্ব দিয়া হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে, চাহৰ ৰপ্তানি বৃদ্ধিৰ বাবে ৯৮ কোটি টকা ব্যয় কৰা হ'ব ।

আনহাতে, দিবলৈ বাকী থকা ৰাজসাহায্যৰ বাবে ২৯৮ কোটি টকা মোকলাই দিয়া হৈছে । সেইদৰে অসম আৰু পশ্চিমবংগৰ চাহ বাগানৰ মহিলাসকলৰ স্বাস্থ্য আৰু শৈক্ষিক উন্নয়নৰ বাবে এহাজাৰ কোটি টকা ধাৰ্য কৰা হৈছে । মন্ত্রীগৰাকীয়ে কয় যে, অসমৰ পুৰণি আৰু বৃহৎ চাহ খণ্ডৰ সৰ্বাংগীন বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব দিয়াৰ লগতে বহুকেইটা পদক্ষেপ গ্ৰহণ কৰিছে ।

লগতে পঢ়ক : মহামাৰীৰ সময়ত এড়ী-পলু পালনেৰে স্বাৱলম্বী ডিব্ৰুগড়ৰ এগৰাকী বয়োজ্যেষ্ঠ মহিলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.