ETV Bharat / state

Prevent criminal activities: অপৰাধজনিত কাৰ্যকলাপ ৰোধ কৰাৰ বাবে বৈঠক আৰক্ষীৰ

author img

By

Published : Dec 4, 2022, 1:19 PM IST

মহানগৰী তথা দাঁতিকাষৰীয়া অঞ্চলত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা (Crime incidents in Guwahati increase) । হত্যা, লুণ্ঠন আদি ঘটনাই মূৰৰ কামোৰণিৰ সৃষ্টি কৰিছে মহানগৰ আৰক্ষীৰ । এনে পৰিস্থিতিত মহানগৰৰ তথা ইয়াৰ দাঁতিকাষৰীয়া জিলাসমূহত অপৰাধজনিত কাৰ্যকলাপ ৰোধ কৰিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় DGP ভাস্কৰজ্যোতি মহন্ত ।

meeting of police to prevent criminal activities
অপৰাধজনিত কাৰ্য্যকলাপ ৰোধ কৰাৰ বাবে বৈঠক আৰক্ষীৰ

গুৱাহাটী,৪ ডিচেম্বৰ: ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা । বিশেষকৈ গুৱাহাটী মহানগৰীতো প্ৰায় প্ৰতিদিনেই সংঘটিত হৈছে বিভিন্ন অপৰাধজনিত ঘটনা (Crime incidents in Guwahati increase) । হত্যা, ধৰ্ষণৰ উপৰিও চিলনী চোৰে মূৰৰ কামোৰণিৰ সৃষ্টি কৰিছে মহানগৰ আৰক্ষীৰ । কামৰূপ মহানগৰৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া জিলাসমূহত অপৰাধজনিত কাৰ্যকলাপ ৰোধ কৰাৰ বাবে দৃঢ় পদক্ষেপ গ্ৰহণ কৰা লগতে শনিবাৰে এই বিষয়সমূহ বিস্তৃতভাৱে পৰ্যালোচনা কৰা হয় (Meeting of top police officers in Guwahati) ।

আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত (Director General of Police Bhaskarjyoti Mahanta) আৰু বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙৰ (Special Director General of Police G P Singh) উপস্থিতিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা এই পৰ্যালোচনা সভাত অপৰাধজনিত কাৰ্যকলাপ ৰোধ কৰাৰ বাবে জিলাসমূহৰ মাজত সমন্বয় ৰক্ষা কৰি চলাত গুৰুত্ব আৰোপ কৰা হয় ।

বৈঠকত অপৰাধজনিত কাৰ্যকলাপত জড়িত কোনো অপৰাধী যাতে সাৰি যাব নোৱাৰে তাৰ বাবে সকলোধৰণৰ দৃঢ় পদক্ষেপ গ্ৰহণ কৰাৰ বাবে মতপোষণ কৰা হয় । এই ক্ষেত্ৰত চোকা দৃষ্টি ৰাখিবলৈ আৰক্ষী অধীক্ষকসকলক নির্দেশ দিয়া হয় ।

বৈঠকত মহানগৰ আৰক্ষী আয়ুক্ত হৰমিট সিঙৰ উপৰিও অপৰাধ অনুসন্ধান বিভাগ, বিশেষ শাখা আৰু আইন-শৃংখলা শাখাৰ মহাপৰিদৰ্শকত্ৰয়ৰ লগতে কামৰূপ, নগাঁও, মৰিগাঁও, তামুলপুৰ, ওদালগুৰি, বাক্সা, নলবাৰী, গোৱালপাৰা আৰু দৰং জিলাৰ আৰক্ষী অধীক্ষকসকল আৰু গুৱাহাটী মহানগৰৰ উপ-আৰক্ষী আয়ুক্তকেইগৰাকীও উপস্থিত থাকে ।

উল্লেখ্য যে, অপৰাধ ৰোধ কৰাৰ বাবে সমাধান সূত্ৰ বিচাৰি শনিবাৰে এই বৈঠক অনুষ্ঠিত কৰা হয় । কিছুদিন পূৰ্বে দিনদুপৰতে গুৱাহাটীৰ পাঞ্জাবাৰীত এগৰাকী ব্যক্তিক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে আৰু আঢ়ৈ লাখ টকা লুটি লৈ যায় । কিন্তু আজিলৈ হত্যাকাৰী সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে ।

ইফালে জিলাসমূহৰ শীৰ্ষ আৰক্ষী বিষয়াৰে বৈঠক অনুষ্ঠিত কৰা সময়তে মহানগৰীৰ এটা প্ৰান্তৰ পৰা চিলনী চোৰে দিনদুপৰতে থপিয়াই নিয়ে মোবাইল ফোন । মহানগৰীৰ ডাউন টাউনৰ কে কে সন্দিকৈ পথৰ পৰা চিলনী চোৰে থপিয়াই নিয়ে মহিলাৰ পৰা মোবাইল ফোন । প্ৰতিদিনাই ৰাজ্যত এনে ধৰণৰ অপৰাধমূলক ঘটনাৰ সংখ্যা বৃদ্ধি পোৱাত সাধাৰণ জনতা নিৰাপত্তাহীন হৈ পৰিছে ।

লগতে পঢ়ক: Badaruddin Ajmal controversy : আজমলৰ বিৰুদ্ধে বৰপেটাত এজাহাৰ দাখিল AJP ৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.