গুৱাহাটী : সোমবাৰে ভোগালীৰ উৰুকা । ভোগালী বিহুৰ উৰুকাৰ আছে বিশেষ মাদকতা ৷ উৰুকাৰ নিশাটোতে পৰিয়াল, বন্ধুবৰ্গ সকলোৱে একেলগ হৈ এসাঁজ খোৱাৰ পৰম্পৰা চলি আহিছে । উৰুকাৰ বাবে মাছ ব্যৱসায়ীসকলৰ প্ৰস্তুতি আৰম্ভ হৈছে ।
ভোগালীৰ মাছৰ বজাৰ মানে গুৱাহাটীৰ ঐতিহাসিক উজান বজাৰ মাছৰ বজাৰৰ ছবিখনেই মনলৈ আহে । বিগত বৰ্ষসমূহৰ দৰে এইবাৰো উৰুকাৰ দিনটোত গ্ৰাহকক আদৰিবলৈ সাজু হৈছে উজান বজাৰৰ মৎস্য ব্যৱসায়ীসকল । ৭০-৮০ টন থলুৱা মাছেৰে উৰুকাৰ বজাৰৰ প্ৰস্তুতি তুংগত উঠিছে । বৃহত্তৰ উজানবজাৰ অনুসূচীত নিবনুৱা মৎস ব্যৱসায়ী সন্থাৰ সাধাৰণ সম্পাদক ভাস্কৰ দাসে এই প্ৰসংগত কয়, "উৰুকাৰ বজাৰত উজান বজাৰ মাছৰ বজাৰলৈ নগাঁও, মৰিগাঁও, শিৱসাগৰ লখিমপুৰ, বৰপেটা,হাজো, ছিপাঝাৰকে আদি কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ৭০-৮০ টন মাছ আহিব । যোৱা বছৰ প্ৰায় ৬০ টন মাছ আহিছিল । এইবাৰ তাতকৈ বেছি আহিব । "
![Bhogali Bihu 2025](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12-01-2025/assghy02masphoto7210450_12012025171132_1201f_1736682092_988.jpg)
উৰুকাৰ বজাৰত কি মাছ সৰ্বাধিক বিক্ৰী হয় ?
এই বিশেষ দিনটোত বজাৰখনত কি কি মাছ বিক্ৰী হয় সেই সন্দৰ্ভত উল্লেখ কৰি তেওঁ কয়, "উৰুকাৰ বজাৰত সৰ্বাধিক চিতল মাছ বিক্ৰী হয় যদিও ৰৌ, বৰালি, ভকুৱা, আঁৰি আদিকে ধৰি ডাঙৰ মাছৰ লগতে বিভিন্ন প্ৰজাতিৰ সৰু মাছো পোৱা যাব । আজি সন্ধিয়াৰ পৰা মাছ অহা আৰম্ভ হ'ব আৰু উৰুকাৰ পুৱতি নিশা পাইকাৰী বজাৰ আৰম্ভ হ'ব । ইয়াৰ পিছতেই খুচুৰা মাছৰ মেলা আৰম্ভ হ'ব । এইবাৰ সৰ্বাধিক ২০ কিলোগ্ৰাম ওজনৰ চিতল, ভকুৱা আদি মাছ আহিব বুলি আশা কৰা হৈছে ।"
তেওঁ লগতে কয়, "উৰুকা উপলক্ষে প্ৰতি বছৰে আমি মুখ্যমন্ত্ৰীক মাছ উপহাৰ দি আহিছো । সেই পৰম্পৰা অব্যাহত ৰাখি আজি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ১০ কিলোগ্ৰাম ওজনৰ ভকুৱা আৰু ৯ কিলোগ্ৰাম ওজনৰ চিতল মাছ উপহাৰ দিছো । তদুপৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাকো চিতল মাছ উপহাৰ দিছো ।"