ETV Bharat / state

কেন্দ্ৰীয় কাৰাগাৰত অখিল গগৈক সাক্ষাৎ মেধা পাটেকাৰ আৰু সন্দীপ পাণ্ডেৰ - কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ

বুধবাৰে দুপৰীয়া ১২ বজাত দুয়োগৰাকী সমাজকৰ্মীয়ে লাখৰাস্থিত কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হৈ অখিল গগৈৰ লগতে কৰাবন্দী হৈ থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অন্যান্য নেতা সকলক সাক্ষাৎ কৰে ৷ কাৰাগৰৰ ভিতৰত প্ৰায় ২ ঘণ্টা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাসকলৰ সৈতে আলোচনাত মিলিত হয় দুয়োগৰাকী সমাজকৰ্মী ৷

Medha Patekar and Sandeep pandey meet Akhil Gogoi at central jail
কেন্দ্ৰীয় কাৰাগাৰত অখিল গগৈক সাক্ষাৎ মেধা পাটেকাৰ আৰু সন্দ্বীপ পাণ্ডেৰ
author img

By

Published : Feb 19, 2020, 6:21 PM IST

গুৱাহাটী,19 ফেব্ৰুৱাৰীঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈক মাওবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত কাৰাগাৰত বন্দী কৰি ৰখা ঘটনাক সমালোচনা নৰ্মদা বচাও আন্দোলনৰ নেত্ৰী মেধা পাটেকাৰ আৰু সমাজকর্মী সন্দীপ পাণ্ডেৰ ৷ বুধবাৰে দুপৰীয়া ১২ বজাত দুয়োগৰাকী সমাজকৰ্মীয়ে লাখৰাস্থিত কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হৈ অখিল গগৈৰ লগতে কাৰাবন্দী হৈ থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অন্যান্য নেতাসকলকো সাক্ষাৎ কৰে ৷

অখিল গগৈক সাক্ষাৎ মেধা পাটেকাৰৰ

কাৰাগাৰৰ ভিতৰত প্ৰায় ২ ঘণ্টা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাসকলৰ সৈতে আলোচনাত মিলিত হয় দুয়োগৰাকী সমাজকৰ্মী ৷ মেধা পাটেকাৰে কয় যে, কোনোধৰণৰ প্ৰমাণ নোহোৱাকৈ অখিক গগৈসহ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অন্যান্য নেতা সকলক মাওবাদীৰ অভিযোগত গ্ৰেপ্তাৰ কৰাটো গৰিহণাৰ যোগ্য ৷ চৰকাৰে গণতান্ত্ৰিক আন্দোলনকাৰীসকললৈ ভয় কৰিছে ৷ অখিল গগৈসহ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অন্যান্য নেতাসকল ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে ৷

আনহাতে, সমাজকর্মী সন্দীপ পাণ্ডেই কা বিৰোধী আন্দোলনকাৰী সকলক গ্ৰেপ্তাৰৰ সমালোচনা কৰি চৰকাৰে ৰাজনৈতিক ষড়যন্ত্ৰ কৰি অখিল গগৈক কাৰাবন্দী কৰি ৰাখিছে বুলি মন্তব্য কৰে ৷ অখিল গগৈ বিজেপিৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান বাবে বিজেপিয়ে তেখেতক মাওবাদীৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে ৷ সন্দীপ পাণ্ডেই নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনক ৰাজপথৰ পৰা খেলপথাৰলৈ লৈ যোৱা বুলি সদৌ অসম ছাত্ৰ সন্থাকো তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৷ তেখেতে কয় যে, চৰকাৰে আছুক ব্যৱহাৰ কৰি নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনক চৰকাৰী ভাবে চলাই নিয়াৰ চেষ্টা কৰিছে ৷ আন্দোলনক ৰাজপথৰ পৰা খেলপথাৰলৈ লৈ যোৱাটো একমাত্ৰ চৰকাৰৰ ষড়যন্ত্ৰ ৷

সন্দ্বীপ পাণ্ডেৰ ভাষ্য

উল্লেখ্য যে, দুয়োগৰাকী সমাজকৰ্মীয়ে দুদিনীয়া অসম ভ্ৰমণত বৃহস্পতিবাৰে ৰাজ্যখনৰ সাংবাদিক, সমাজকর্মী, বুদ্ধিজীৱি সকলৰ সৈতে আলোচনাত মিলিত হ'ব ৷

লগতে পঢ়ক-বঙাইগাঁৱত নামনিমুৱা ত্ৰিবান্দ্ৰম এক্সপ্ৰেছৰ খুন্দাত থিতাতে নিহত দম্পতী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.