ETV Bharat / state

Constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণ ফলত কোন কোন মন্ত্ৰী-বিধায়ক হ’ব সমষ্টিবিহীন ? - Constituency delimitation in Assam

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাই অন্ধকাৰ নমাই আনিছে শাসক-বিৰোধী বহু কেইগৰাকী মন্ত্ৰী-বিধায়কৰ ৰাজনৈতিক ভৱিষ্যতলৈ ৷ কোন কোন মন্ত্ৰী-বিধায়কে সমষ্টি হেৰুৱাই নতুন সমষ্টি বিচাৰিব লাগিব চাওক এই প্ৰতিবেদনত ৷

Constituency delimitation
Constituency delimitation
author img

By

Published : Jun 21, 2023, 8:12 PM IST

গুৱাহাটী, ২১ জুন : অচিৰেই ৰাজ্যৰ বহু মন্ত্ৰী-বিধায়ক হ’ব সমষ্টিহীন৷ দেশৰ নিৰ্বাচন আয়োগে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰাৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰখনত তোলপাৰ লাগিছে ৷ বিশেষকৈ ৰাজ্যখনৰ ৰাজনীতিকসকলৰ মাজত সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাখনক লৈ তৎপৰতা বৃদ্ধি পাইছে ৷

কোনোবা ৰাজনীতিক যদি উৎসাহী হৈ পৰিছে তেন্তে আন কোনোবাজনৰ ৰাজনৈতিকৰ কেৰিয়াৰলৈকে ভাবুকি আহি পৰিছে ৷ খচৰাত সমষ্টিৰ নতুন সীমা নিৰ্ধাৰণৰ লগে লগে হাহাকাৰ লাগিছে একাংশ নেতা-মন্ত্ৰী আৰু বিধায়কৰ ৷ খচৰা মতেই সমষ্টিৰ সীমা চূড়ান্ত হ’লে একাংশ নেতা-বিধায়ক আৰু মন্ত্ৰীয়ে চিৰদিনৰ বাবে নিজৰ সমষ্টি হেৰুৱাব ৷ বিচাৰিব লাগিব নতুন ৰাজনৈতিক ঠিকনা ৷ নামিছে ৰাজনৈতিক সংকট ৷

এই তালিকাত শাসকীয় বিজেপিৰ কিছু বিধায়ক-মন্ত্ৰীৰ লগতে আছে বিৰোধীৰো বিধায়ক ৷ মঙলবাৰে প্ৰকাশিত খচৰাত বহু কেইগৰাকী বিধায়ক আৰু মন্ত্ৰীৰ সমষ্টি নোহোৱা হৈছে৷ খচৰাত বহু সমষ্টি সংৰক্ষিত কৰা হৈছে৷ লগতে বহু সমষ্টি একেবাৰে বিলুপ্তি ঘটাই ২২ টা নতুন সমষ্টি সৃষ্টি কৰা হৈছে ৷

শাসকীয় বিজেপিৰ কোনে হেৰুৱাব বিধানসভা সমষ্টি ?

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ৰণজিৎ দাস, পৰিমল শুক্লবৈদ্যৰ পৰা বিধায়িকা সুমন হৰিপ্ৰিয়ালৈ ভালেকেইজন মন্ত্ৰী-বিধায়কৰ ৰাজনৈতিক ভৱিষ্যতলৈ আহিব প্ৰত্যাহ্বান৷ ধৰ্মপুৰ সমষ্টিৰ বিধায়ক বনমন্ত্ৰী মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীলৈয়ো আহিব প্ৰত্যাহ্বান ৷ খচৰা অনুসৰি ধৰ্মপুৰ সমষ্টি নোহোৱা হৈ পৰিব ৷ ধৰ্মপুৰৰ এটা অংশ সংযোজিত হ’ব নতুন টিহু সমষ্টিত, আন এটা অংশ সংযোজিত হ’ব বৰক্ষেত্ৰী সমষ্টিত৷ মন্ত্ৰী পাটোৱাৰীয়ে সন্ধান কৰিব লাগিব এটা নতুন সমষ্টিৰ ৷

আনহাতে আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যও হ’ব সমষ্টিবিহীন৷ বৰাকৰ ধলাই বিধানসভা সমষ্টিৰ কেইবাৰৰো বিধায়ক পৰিমল শুক্লবৈদ্য ৷ কৰ্তন কৰা হ’ব ধলাই সমষ্টি৷ অনুসূচীত জাতিৰ বাবে সংৰক্ষিত আছিল এই ধলাই সমষ্টি ৷ বিলুপ্ত কৰা হৈছে মন্ত্ৰী ৰণজিৎ দাসে বৰ্তমান প্ৰতিনিধিত্ব কৰা পাটাছাৰকুচি আৰু পূৰ্বে প্ৰতিনিধিত্ব কৰা সমষ্টি সৰভোগ ৷

আনহাতে বিজেপিৰেই বিধায়িকা সুমন হৰিপ্ৰিয়াৰ হাজো সমষ্টিটো অনুসূচীত লোকৰ বাবে সংৰক্ষিত কৰা হৈছে খচৰাত ৷ অন্ধাৰাচ্ছন্ন হৈ পৰিব সুমন হৰিপ্ৰিয়াৰ ৰাজনৈতিক কেৰিয়াৰ ৷ ইফালে শাসকীয় বিজেপি চৰকাৰৰ অংশীদাৰ মন্ত্ৰী ইউ জি ব্ৰহ্মৰ চপাগুৰি সমষ্টিটোও কৰ্তন কৰা হৈছে ৷ বিজেপিৰ মিত্ৰ দল অগপৰ দখলত থকা শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিটোও নোহোৱা হ’ব প্ৰস্তাৱিত খচৰা মতে ৷

লগে লগে অনিশ্চিত হৈ ৰ’ব সমষ্টিটোৰ পৰা ৫ বাৰকৈ জয়লাভ কৰা বিধায়ক প্ৰদীপ হাজৰিকাৰ ৰাজনৈতিক ভৱিষ্যত । যাৰ বাবে এতিয়া জাঙুৰ খাই উঠিছে প্ৰদীপ হাজৰিকা আৰু তেঁওৰ সমৰ্থক সকলৰ লগতে আন দল-সংগঠন ৷ গুৱাহাটীৰ পূব গুৱাহাটী সমষ্টি আৰু পশ্চিম গুৱাহাটী সমষ্টি দুটা নোহোৱা হ’ব যদিও নতুনকৈ গঠন হোৱা দুই সমষ্টি নিউ গুৱাহাটী আৰু মধ্য গুৱাহাটী সমষ্টি দুটা পূৰ্বৰ সমষ্টি দুটাৰ পৰিপূৰক হ’ব বুলি ধাৰণা কৰা হৈছে ৷ কৰ্তন কৰা হৈছে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ পানেৰী সমষ্টিও ৷

বিৰোধীৰ কোন কোন পৰিব ৰণত ?

সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত ধৰাশায়ী হ’ব বহু সংখ্যক বিৰোধী বিধায়ক ৷ প্ৰভাৱিত হ’ব কংগ্ৰেছৰ বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস ৷ পূৰ্বে বকো সমষ্টি বৰ্তমান অনুসূচিত জাতিৰ বাবে ৷ এই সমষ্টিটো এতিয়া সালসলনি ঘটাই অনুসূচিত জনজাতিৰ বাবেহে সংৰক্ষিত কৰা হ’ব ৷ স্বাভাৱিকতে সংকটৰ সন্মুখীন হ’ব নন্দিতা দাস ৷

আনহাতে ছয়গাঁও সমষ্টি নাইকীয়া কৰা হ’ব ৷ কি হ’ব বৰ্তমানৰ ছয়গাঁৱৰ কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ ! লগে লগে নতুন সমষ্টি বিচাৰিব লাগিব ৰেকিবুদ্দিন আহমেদে ৷ সমষ্টি নোহোৱা হ’ব সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক তথা কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুচেইন শিকদাৰৰ ৷ সৰুক্ষেত্ৰী সমষ্টি কৰ্তন কৰা হ’ব খচৰাৰ প্ৰস্তাৱমতে ৷ নতুন সমষ্টি বিচাৰিব লগা হ’ব বিধায়ক জাকিৰে ৷

একেদৰে বৰপেটা সমষ্টিটো অনুসূচিত জাতিৰ বাবে সংৰক্ষিত কৰাৰ বাবে কংগ্ৰেছ বিধায়ক আব্দুৰ ৰহিম আহমেদৰো ৰাজনৈতিক কেৰিয়াৰলৈ আহিব অনিশ্চয়তা ৷ কংগ্ৰেছৰ দখলত থকা অভয়াপুৰী পশ্চিম বিধানসভা সমষ্টিটোও কৰ্তন কৰা হ’ব ৷ লগে লগে সমষ্টিবিহীন হ’ব কংগ্ৰেছী বিধায়ক প্ৰদীপ সৰকাৰ ৷ আনহাতে কংগ্ৰেছৰ বিধায়ক ভৰত নৰহৰ নাওবৈছা সমষ্টিটো এইবাৰ অনুসূচিত জাতিৰ বাবে সংৰক্ষিত কৰা হ’ব ৷

ৰাজনীতি নেৰিলে আকৌ এবাৰ ভৰত নৰহে বিচাৰিব লাগিব নতুন সমষ্টি ৷ নোহোৱা হ’ব চিপিআইএমৰ দখলত থকা সৰভোগ সমষ্টিও ৷ সমষ্টিটোৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে নতুনকৈ কৰিব লাগিব সমষ্টি নিৰ্ধাৰণ ৷

কংগ্ৰেছৰ দৰে ক্ষতিগ্ৰস্ত হ’ব এআইইউডিএফো ৷ বদৰুদ্দিন আজমলৰ ভাতৃ চিৰাজুদ্দিন আজমলৰ দখলত থকা যমুনামুখ সমষ্টিটোৱেই নাইকীয়া কৰি দিয়া হ’ল ৷ আনহাতে কংগ্ৰেছ এৰি আজমলৰ দলত যোগদান কৰিবলৈ সাজু হৈ থকা বিধায়ক শ্বেৰমান আলিৰ বাঘবৰ সমষ্টিও নাইকীয়া হ’ব নতুন সীমা নিৰ্ধাৰণ মতে ৷

লগতে পঢ়ক: Constituency delimitation: ক’ত কি কি সমষ্টিৰ ৰূপৰেখা সলনি হ’ব সমষ্টি পুনৰ নিৰ্ধাৰণৰ দ্বাৰা ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.