ETV Bharat / state

Labour welfare scam : শ্ৰম বিভাগৰ ৮০ কোটি টকীয়া কেলংকাৰীৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ - Labour welfare scam

শ্ৰম বিভাগৰ ৮০ কোটি টকা হৰলুকি কৰি গ্ৰেপ্তাৰ হ’ল আলোক সৰকাৰ (Alok Sarkar arrested)৷ শ্ৰমিকৰ বাবে আবন্টিত ৮০ কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছিল পূৱেৰুন কনষ্ট্ৰাকশ্যন কোম্পানী আৰু গাৰ্গো ইনষ্টিটিউটৰ স্বত্বাধিকাৰী আলোক সৰকাৰৰ বিৰুদ্ধে (Labour welfare scam Assam)৷

Labour welfare scam
শ্ৰম বিভাগৰ ৮০ কোটি টকীয়া কেলংকাৰীৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ
author img

By

Published : Oct 24, 2022, 7:03 PM IST

Updated : Oct 24, 2022, 7:51 PM IST

গুৱাহাটী, ২৪ অক্টোবৰ : দক্ষতা বিকাশৰ নামত কোটি কোটি টকা হৰলুকি কৰি গ্ৰেপ্তাৰ হ’ল ব্যক্তিগত প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী (Alok Sarkar arrested)৷ শ্ৰম বিভাগত বৃহৎ কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে পূৱেৰুন কনষ্ট্ৰাকশ্যন কোম্পানী, গাৰ্গো ইনষ্টিটিউট নামৰ প্ৰতিষ্ঠানৰ গৰাকী আলোক সৰকাৰক ।

দক্ষতা বিকাশৰ প্ৰশিক্ষণৰ নামত সংঘটিত হৈছিল ৮০ কোটি টকাৰ কেলেংকাৰী (80 crores scam of labour welfare)। পূৱেৰুন কনষ্ট্ৰাকশ্যন কোম্পানী আৰু গাৰ্গো ইনষ্টিটিউট নামৰ প্ৰতিষ্ঠান দুটাৰ গৰাকী আলোক সৰকাৰে প্ৰশিক্ষণ দিয়াৰ নামত সংঘটিত কৰিছে এই কেলেংকাৰী । শ্ৰমিক কৃষক কল্যাণ পৰিষদে দিছপুৰ থানাত তৰা এক গোচৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে সোমবাৰে আলোক সৰকাৰক গ্ৰেপ্তাৰ কৰে ।

উল্লেখ্য যে ২০১৬-১৯ চনত শ্ৰম বিভাগে ইলেক্ট্ৰিচিয়ান, ৰাজমিস্ত্ৰী, কাঠ মিস্ত্ৰি, প্লামবাৰকে ঘৰি অন্যান্য শ্ৰমিকসকলে যাতে স্থায়ী নিযুক্তি লাভ কৰে সেই উদ্দেশ্যে এই Skill development ৰ প্ৰশিক্ষণ দিয়াৰ বাবে এক আঁচনি গ্ৰহণ কৰিছিল । সেই প্ৰশিক্ষণ দিয়াৰ নিবিদা লাভ কৰিছিল গৰ্গো কোম্পানী, আজিতাচ প্ৰাইভেট লিমিডেট আৰু পূবেৰুণ কোম্পানীয়ে । এই তিনিওটা কোম্পানীৰ স্বত্বাধিকাৰী হৈছে আলোক চৰকাৰক ।

কোম্পানী তিনিটাই ৰাজ্যৰ বিভিন্ন জিলাত ২০ হাজাৰ শ্ৰমিকক ৬০ দিনৰ প্ৰশিক্ষণ দিয়ে । প্ৰশিক্ষণ চলি থকা সময়ত প্ৰতি দিনে প্ৰতিজন শ্ৰমিকক খোৱাৰ বাবদ ৫০ টকা আৰু অহা যোৱাৰ বাবত ১০০ টকাকৈ দিয়াৰ উপৰিও প্ৰশিক্ষণৰ শেষত মাননী হিচাপে ১৬৮০০ টকা প্ৰদান কৰিব লাগে । কিন্তু এই কোম্পানী তিনিটাই একাংশ শ্ৰমিকক এহাজাৰ পৰা ন হাজাৰ টকালৈ বেংক একাউন্টযোগে প্ৰাপ্য আদায় দিয়ে যদিও ৮০ % শ্ৰমিকে তেওঁলোকৰ প্ৰাপ্য ধন নাপালে ।

শ্ৰম বিভাগৰ ৮০ কোটি টকীয়া কেলংকাৰীৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

সেয়েহে দিছপুৰ থানাত এই সন্দৰ্ভত কৃষক শ্ৰমিক উন্নয়ন পৰিষদে এজাহাৰ দাখিল কৰিছিল । বিষয়টোৰ সন্দৰ্ভত গোচৰ ৰুজু কৰি সোমবাৰে আলোক সৰকাৰক জেৰা চলায় দিছপুৰ আৰক্ষীয়ে । জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে আলোক সৰকাৰক ৷ (Skill development training by presenting fake bills)৷

লগতে পঢ়ক : Doctor brutally beaten in Nagaon: নগাঁৱত কৰ্তব্যৰত চিকিৎসকক প্ৰহাৰ; আটক 1

Last Updated : Oct 24, 2022, 7:51 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.