ETV Bharat / state

হিমন্তই বন্ধ কৰিলেও আজমলে খুলিব মাদ্ৰাছা-টোল - সংস্কৃত টোল

মাদ্ৰাছা আৰু সংস্কৃত টোল বন্ধ কৰাৰ বাবে চৰকাৰে লোৱা পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰিছে এ আই ইউ ডি এফৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলে ৷ আজমলৰ মতে, অহা নিৰ্বাচনত জয়ী হ’ব কংগ্ৰেছ-এ আই ইউ ডি এফ মিত্ৰযোঁটৰ ৷ চৰকাৰ গঠনৰ পাচতেই কেবিনেট সিদ্ধান্ত লৈ পুনঃ চৰকাৰী মাদ্ৰাছাত পাঠদান আৰম্ভ কৰোৱা হ’ব বুলি ৰাজহুৱা সভাত ঘোষণা আজমলৰ ৷

Himanta, Ajmal at loggerheads over closure of Madrassa education
নৱেম্বৰৰ পৰা বন্ধ হ’ব মাদ্ৰাছা-সংস্কৃত টোল
author img

By

Published : Oct 9, 2020, 10:25 PM IST

Updated : Oct 9, 2020, 10:55 PM IST

গুৱাহাটী, ৯ অক্টোবৰঃ চৰকাৰে বন্ধ কৰিব মাদ্ৰাছা-সংস্কৃত টোল৷ ইতিমধ্যে কেবিনেটত লোৱা এই সিদ্ধান্তৰ সফল সম্পাদন হ’ব নৱেম্বৰৰ পৰা ৷ চৰকাৰী খৰচেৰে ধৰ্মীয় শিক্ষা দিয়া নহয় কোনো কাৰণত ৷ অৱশ্যে কোনোবাই যদি ব্যক্তিগতভাৱে এই শিক্ষা গ্ৰহণ কৰে তাত চৰকাৰৰ আপত্তি নাই ৷ এই কথা ঘোষণা কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে ৷

নৱেম্বৰৰ পৰা বন্ধ  হ’ব  মাদ্ৰাছা-সংস্কৃত টোল
মৌলানা বদৰুদ্দিন আজমল

বিভাগীয় তথ্য অনুসৰি, সম্প্ৰতি ৰাজ্যত আছে সৰ্বমুঠ ৬১৪ খন ৷ স্বীকৃতিপ্ৰাপ্ত মাদ্ৰাছা সমূহৰ ভিতৰত ৪০০ খন হৈছে হাই মাদ্ৰাছা, ১১২ খন জুনিয়ৰ হাই মাদ্ৰাছা , আৰু ১০২ খন চিনিয়ৰ মাদ্ৰাছা ৷

ইয়াৰে ৬৬ খন চিনিয়ৰ মাদ্ৰাছাক ইতিমধ্যে ফজিল মাদ্ৰাছালৈ উন্নীত কৰা হৈছে । একেদৰে ২১০ খন হাই মাদ্ৰাছাক উন্নীত কৰা হৈছে হায়াৰ মাদ্ৰাছালৈ । আনহাতে, ৰাজ্যিক সংস্কৃত ব'ৰ্ডৰ অধীনত পৰিচালিত হৈ আহিছে ৰাজ্যৰ সংস্কৃত টোলসমূহ । অসমৰ ৩২ খন জিলাত মুঠ ৬০০ খন এনে সংস্কৃত বিদ্যালয় আছে । 32 খন জিলাত 600 খন সংস্কৃত টোল আছে ৷

হিমন্তই বন্ধ কৰিলেও আজমলে খুলিব মাদ্ৰাছা-টোল

মাদ্ৰাছা আৰু সংস্কৃত টোল বন্ধ কৰাৰ বাবে চৰকাৰে লোৱা পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰিছে এ আই ইউ ডি এফৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলে ৷ আজমলৰ মতে, অহা নিৰ্বাচনত জয়ী হ’ব কংগ্ৰেছ-এ আই ইউ ডি এফ মিত্ৰযোঁটৰ ৷ চৰকাৰ গঠনৰ পাচতেই কেবিনেট সিদ্ধান্ত লৈ পুনঃ চৰকাৰী মাদ্ৰাছাত পাঠদান আৰম্ভ কৰোৱা হ’ব বুলি ৰাজহুৱা সভাত ঘোষণা আজমলৰ ৷

ধৰ্মীয় শিক্ষানুষ্ঠানক কেন্দ্ৰ কৰি এতিয়া দুই মেৰুত বিজেপি- এ আই ইউ ডি এফ ৷ চৰকাৰৰ সিদ্ধান্ত কি হয়, ৰাইজে এই সিদ্ধান্তক কেনেদৰে লয় সেইয়া এক তাৎপৰ্যপূৰ্ণ বিষয় হৈ পৰিছে ৷

লগতে পঢ়ক :যৌতুক বিচাৰি পত্নীক অত্যাচাৰ : ৰঙাঘৰত স্বামী

Last Updated : Oct 9, 2020, 10:55 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.