ETV Bharat / state

লক ডাউনে জীৱিকা সলনি কৰিলে পাণ্ডুৰ তপনৰ

author img

By

Published : Jun 24, 2020, 8:48 PM IST

বেংকৰ পৰা ঋণ লৈ আৰম্ভ কৰা চাউণ্ড চিষ্টেমৰ প্ৰতিষ্ঠানখন লক ডাউনৰ বাবে বন্ধ হৈ থকাৰ ফলত সম্প্ৰতি উপায়ন্তৰ হৈ আলু-পিয়াজৰ ব্যৱসায়ত ধৰিছে পাণ্ডুৰ তপন সূত্ৰধৰ নামৰ এগৰাকী যুৱকে ৷

lockdown effect on tapan sutradhar, a youth from guwahati

গুৱাহাটী, 24 জুনঃ কৰ'ণা মহামাৰীয়ে সলনি কৰিলে বহু লোকৰে জীৱিকা ৷ ব্যতিক্ৰম নহয় মহানগৰীৰ পাণ্ডু লোক কলনিৰ তপন সূত্ৰধৰ নামপৰ যুৱকজনো ৷ তপন সূত্ৰধৰে নিজৰ লগতে আন কেইববাটাও পৰিয়াল পোহপাল দি আছিল মা লক্ষ্মী নামৰ চাউণ্ড চিষ্টেমৰ প্ৰতিষ্ঠানখনেৰে ৷ কিন্তু সম্প্ৰতি লক ডাউনৰ বাবে বন্ধ হৈ পৰিছে এনে বহু প্ৰতিষ্ঠান ৷ উল্লেখ্য যে, বেংকৰ পৰা ঋণ লৈ যুৱক জনে আৰম্ভ কৰিছিল সেই প্ৰতিষ্ঠানখন ৷

লক ডাউনে জীৱিকা সলনি কৰিলে পাণ্ডুৰ তপনৰ

কিন্তু বিগত চাৰি মাহে প্ৰতিষ্ঠান বন্ধ হৈ থকাৰ ফলত ঋণ প্ৰতিশোধ কৰিব নোৱাৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যুৱকজনৰ ৷ যাৰ বাবে উপায়ন্তৰ হৈ যুৱকজনে ঘৰতে বহি নাথাকি আৰম্ভ কৰিছে আলু-পিয়াজ, কণীৰ ব্যৱসায় ৷ সম্প্ৰতি সেই দোকানখনেৰেই অত্যাৱশ্যকীয় সামগ্ৰী বিক্ৰী কৰি ধন উপাৰ্জনৰ পথ মুকলি কৰিছে তপন সূত্ৰধৰে ৷

লগতে পঢ়কঃ কোভিড যোদ্ধাৰ চিকিৎসাৰ দায়িত্ব কোনে ল'ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.