গুৱাহাটী, 11 নৱেম্বৰঃ গুৱাহাটীৰ চচলত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ ৷ অখিল গগৈ নেতৃত্বত সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ২ শতাধিক লোকে ৷ অসম চৰকাৰৰ নতুন ভূমিনীতি বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷ ভূমিনীতিত গুৱাহাটীৰ পাহাৰ অথবা বনাঞ্চলত বাসকৰা কোনো লোক বাদ পৰিব নোৱাৰিব বুলি মন্তব্য কৰে কৃষক নেতা অখিল গগৈয়ে । তাৰোপৰি গুৱাহাটীৰ বাবে পৃথক ভূমিনীতি প্ৰস্তুত কৰাৰ দাবী সংগঠনটোৰ । শীঘ্ৰে এই বিয়ষত ব্যৱস্থা গ্ৰহণ নকৰিলে চৰকাৰে ফল ভুগিব বুলিও মন্তব্য অখিল গগৈৰ । চৰকাৰে বিষয় সন্দৰ্ভত আলোচনাত নবহিলে পৰবৰ্তী সময়ত ইয়াতকৈও অধিক জংগী প্ৰতিবাদ সাব্যস্ত কৰিব বুলি হুংকাৰ প্ৰদান কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।
লগতে পঢ়কঃ-টিংখাঙৰ পথাৰত আগতীয়া আঘোণ