ETV Bharat / state

মূল্যবৃদ্ধিঃ শুকুৰবাৰে ৰাজ্য কঁপাব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে - Petrol

কেন্দ্ৰীয় চৰকাৰে সদনত দাখিল কৰা প্ৰতিবেদন অনুসৰি পেট্ৰলৰ প্ৰকৃত মূল্য 33.98 টকা কিন্তু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে পেট্ৰলৰ ওপৰত কৰ জাপি দিছে 46.8% ৷ লগতে ডিজেলৰ প্ৰকৃত মূল্য 38.48 টকা কিন্তু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে পেট্ৰলৰ ওপৰত কৰ জাপি দিছে 36.3% ৷

মূল্যবৃদ্ধিঃ শুকুৰবাৰে ৰাজ্য কঁপাব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে
author img

By

Published : Sep 26, 2019, 8:24 PM IST

গুৱাহাটী,26 ছেপ্তেম্বৰ: ৰাজ্যত আকাশলংঘী মূল্যবৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে সাধাৰণ লোকক ৷ দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰী ক্ৰয় কৰিবলৈও এতিয়া চিন্তাত পৰিছে সৰ্বসাধাৰণ ৷ ইয়াৰ প্ৰতিবাদত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে শুকুৰবাৰে ৰাজ্যজুৰি গ্ৰহণ কৰিব এক বিশাল প্ৰতিবাদী কাৰ্য্যসূচী ৷ গুৱাহাটীৰ গান্ধীবস্তিস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত বৃহস্পতিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে এখনি সংবাদমেল অনুষ্ঠিত কৰি প্ৰকাশ কৰিছে এই কথা ৷ উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে সদনত দাখিল কৰা প্ৰতিবেদন অনুসৰি পেট্ৰলৰ প্ৰকৃত মূল্য 33.98 টকা কিন্তু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে পেট্ৰলৰ ওপৰত কৰ জাপি দিছে 46.8% ৷ লগতে ডিজেলৰ প্ৰকৃত মূল্য 38.48 টকা কিন্তু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে পেট্ৰলৰ ওপৰত কৰ জাপি দিছে 36.3% ৷ আন্তঃৰাষ্ট্ৰীয় বজাৰত সাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ পাছতো দিনে দিনে বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ মূল্য ৷ যি সময়ত সাধাৰণ জনতাক মূল্যবৃদ্ধিয়ে জ্বলা-কলা খোৱাইছে সেই সময়ত মুখ্যমন্ত্ৰীৰ তত্বাৱধানত অসম আৰক্ষী আৰু অসম চৰকাৰৰ এজন প্ৰভৱশালী মন্ত্ৰীয়ে কয়লা, সাৰ, চুপাৰী, বালি, কাঠ আদিৰ বিভিন্ন বস্তুৰ ওপৰত ছিণ্ডিগেট চলাই থকাৰ অভিযোগ কৃষক নেতাগৰাকীৰ ৷

ইয়াৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক চমুকৈ CAB ৰ সন্দৰ্ভত অখিল গগৈয়ে মন্তব্য কৰে যে,

"নাগৰিকত্ব সংশোধনী বিধেয়ক খনৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বিৰোধী শক্তি সমূহৰ মাজত বিভাজন আনিব খুজিছে ৷ কেন্দ্ৰ চৰকাৰে বর্তমান ভাৰতত ফেচিবাদী শাসন কৰি আছে গতিকে অসমত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাসকল একগোট হোৱাৰ সময় আহি পৰিছে ৷ ভাৰতবৰ্ষৰ চাৰিওফালে এতিয়া কেৱল ভূৱা ৰাষ্ট্ৰবাদ দেখিবলৈ পোৱা গৈছে ৷ ভাৰতীয় জনতা পাৰ্টিয়ে আজিলৈকে কেৱল ধৰ্মৰ নামতেই ৰাজনীতি কৰি আহিছে ৷ ভাৰতবৰ্ষত মানুহে এতিয়া কেৱল ধৰ্মীয় উন্মাদনাত ভুগিছে "৷

সংবাদমেলত অখিল গগৈ

লগতে পঢ়ক: ৰাজ্যত এতিয়া উপ নিৰ্বাচনৰ বতাহঃ কোনে কাক টিকট দিব?

Intro:ৰাজ্যত হোৱা মূল্যবৃদ্ধিৰ বাবে শুকুৰবাৰে ৰাজ্য কঁপাব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে

Body:গুৱাহাটীৰ গান্ধীবস্তিস্থিত কেন্দ্রীয় কাৰ্যালয়ত বৃহস্পতিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে এখনি সংবাদমেল অনুষ্ঠিত কৰি কয় যে ৰাজ্যত হোৱা আকাশলঙ্ঘী মূল্যবৃদ্ধিয়ে জ্বলাকলা
খুৱাইছে সাধাৰণ লোকক। ইয়াৰ প্ৰতিবাদত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে শুকুৰবাৰে ৰাজ্যজুৰি এক বিশাল প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰিব। অসমৰ প্রতিখন জিলা সদৰত অনুষ্ঠিত হব এই কাৰ্যসুচী। এই সংবাদমেলত কৃষক নেতা অখিল গগৈয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত কয় যে CAB বিৰোধী শাস্তি সমূহ মাজত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বিভাজন আনিব খুজিছে। কৃষক মুক্তি সংগ্ৰাম সমিতি সদায় নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আছিল আৰু থাকিব। কেন্দ্র চৰকাৰে বর্তমান ভাৰতত ফেচিবাদী শাসন কৰি আছে। অসমত CAB ৰ বিৰোধীতা কৰাসকলে একগোট হোৱাৰ সময় আহি পৰিছে। ভাৰতীয় জনতা পাৰ্টিয়ে আজিলৈ কেৱল ধৰ্মৰ নামতহে ৰাজনীতি কৰি আহিছে। ভাৰতবৰ্ষত মানুহে এতিয়া কেৱল ধৰ্মীয় উন্মাদনাত ভুগিছে। এতিয়া ভাৰতবৰ্ষত চাৰিওফালে ভুৱা ৰাষ্ট্ৰীয়বাদ দেখিবলৈ পোৱা গৈছে। যাৰ বাবে এতিয়া আইনৰ কথাই ভাৰতত স্থান নাপায়।

Conclusion: দিল্লী চৰকাৰে সদনত দাখিল কৰা অনুসৰি পেট্ৰলৰ আচল মূল্যা 33.98 টকা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে পেট্ৰলৰ ওপৰত কৰ জাপি দিছে 46.8% । ডিজলৰ আচল মূল্যা 38.48 টকা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে পেট্ৰলৰ ওপৰত কৰ জাপি দিছে 36.3% । আন্তঃৰাষ্ট্ৰীয় বজাৰত সাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ পাছতো দিনে দিনে বৃদ্ধি পাইছে পেট্ৰল ডিজলৰ মূল্য। যি সময়ত সাধাৰণ জনতাক মূল্যবৃদ্ধিয়ে জলাকলা খোৱাইছে সেই সময়ত মুখ্যমন্ত্ৰী, অসম আৰক্ষী আৰু অসম চৰকাৰৰ এজন প্রভাৱশালী মন্ত্রীয়ে ৰাজ্য আৰু বান বিভাগে চলাই আছে কয়লা, সাৰ, চুপাৰী ছিল, বালি, কাঠ আদিৰ ছিণ্ডিগেট।

Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.