ETV Bharat / state

অসম চুক্তিৰ ৬নং দফাৰ প্ৰতিবেদন বিধানসভাত আলোচনা হ’ব লাগে : কমলাক্ষ দে পুৰকায়স্থ

author img

By

Published : Feb 26, 2020, 7:27 PM IST

বুধবাৰে দিছপুৰ বিধায়ক আৱাসত অনুস্থিত সংবাদমেলত অসম চুক্তিৰ ৬নং দফাৰ প্ৰতিবেদন গৃহমন্ত্ৰীক দিয়াৰ পূৰ্বে বিধানসভাত আলোচনাৰ দাবী কংগ্ৰেছ বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ ৷ বিধানসভাৰ মজিয়াত অসম চুক্তিৰ ৬নং দফা সন্দৰ্ভত দুদিনীয়া এক আলোচনাৰো প্ৰস্তাৱ উত্থাপন কৰে বিধায়ক গৰাকীয়ে ৷

Kamlakhya dey Purakayastha on 6th clause of Assam Accord
অসম চুক্তিৰ ৬নং দফাৰ প্ৰতিবেদন বিধানসভাত আলোচনা হ’ব লাগে-কমলাক্ষ দে পুৰকায়স্থ

কামৰূপ,26 ফেব্ৰুৱাৰীঃ অসম চুক্তিৰ ৬নং দফাৰ প্ৰতিবেদন গৃহমন্ত্ৰীক দিয়াৰ পূৰ্বে বিধানসভাত আলোচনাৰ দাবী কংগ্ৰেছ বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ ৷ বুধবাৰে দিছপুৰ বিধায়ক আৱাসত অনুস্থিত সংবাদমেলৰ জৰিয়তে এই দাবী উত্থাপন কৰে কংগ্ৰেছ বিধায়ক গৰাকীয়ে ৷ বিধানসভাৰ মজিয়াত অসম চুক্তিৰ ৬নং দফা সন্দৰ্ভত দুদিনীয়া এক আলোচনাৰো প্ৰস্তাৱ উত্থাপন কৰে বিধায়ক গৰাকীয়ে ৷ কমলাক্ষ দে পুৰকায়স্থই কয় যে,যিহেতু অসম বিধানসভাত সকলো জাতি জনজাতিৰ লোকে প্ৰতিনিধিয়ে প্ৰতিনিধিত্ব কৰে সেইহে এই বিষয়টো অসম বিধান সভাত আলোচনাৰ প্ৰয়োজন আছিল বুলি মই ভাবো ।

অসম চুক্তিৰ ৬নং দফাৰ প্ৰতিবেদন বিধানসভাত আলোচনা হ’ব লাগে

ইয়াৰ উপৰিও আগন্তুক ৰাজ্য সভাৰ নিৰ্বাচন সন্দৰ্ভত বিধায়ক গৰাকীয়ে কয় যে, 'আমাৰ দলৰ মাজৰে প্ৰাৰ্থী আগবঢ়োৱাৰ বাবে আলোচনা কৰা হৈছে লগতে ধৈৰ্য ভাৱাপন্ন প্ৰাৰ্থী আমি বিচাৰিছো ।'

লগতে পঢ়ক-ৰঙিয়া জংচনত দুৰ্বৃত্তই লুটিলে ৰেলযাত্ৰীৰ ধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.