ETV Bharat / state

গেৰুৱা বসন পিন্ধিলে সাংবাদিকসহ 20 গৰাকী শিল্পী তথা কলা-কুশলীয়ে

author img

By

Published : Sep 28, 2020, 9:32 PM IST

"কংগ্ৰেছত যেনেকৈ ৰাহুল গান্ধী-ছোনিয়া গান্ধীৰ তলত কাম কৰিব লাগে, বিজেপিৰ কাৰ্যকৰ্তাই কোনোদিনাই কাৰোবাৰ অধীনত কোনোধৰণৰ কাম নকৰে" : ৰঞ্জিত দাস

guwahati
গুৱাহাটী

গুৱাহাটী, ২৮ ছেপ্টেম্বৰঃ ৰাজনীতিৰ পথাৰলৈ শিল্পী তথা কলা-কুশলীৰ পদাৰ্পণ হেঁচা-ঠেলাৰ মাজতে সোমবাৰে গেৰুৱা বসন পিন্ধিলে ২০ গৰাকী শিল্পী-কলা-কুশলীৰ লগতে দুগৰাকী সাংস্কৃতিক সাংবাদিকে। মহানগৰীৰ হেঙেৰাবাৰীস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত আয়োজিত এক যোগদান কাৰ্যসূচীত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে আনুষ্ঠানিকভাৱে দললৈ আদৰণি জনায় সাংস্কৃতিক সাংবাদিক দিগন্ত কুমাৰ চৌধুৰী আৰু কল্যাণ কুমাৰ কলিতাৰ লগতে কুৰি গৰাকী অভিনয় শিল্পী আৰু কলা-কুশলীক ।

সেইসকল ক্ৰমে- অঞ্জলী চেত্রী, মৃদুল বৰুৱা, দীপক কুমাৰ ৰয়, বিনয় ডেকা, কবিতা চুতিয়া, বিপুল বৰা, অঞ্জন জ্যোতি বেজ, জলী বৰা, কৃষ্ণমণি নাথ, অজন্তা বৰুৱা দাস, পুলেকেষ ভট্টাচার্য্য, নয়ন কৌশিক, হিমাংশু ডেকা, গৌতম ৰাজ, ভাৱনা কাকতি, ৰূপম অনুৰাগ, কবিন ৰাজ, ৰূপেন লহকৰ, দেৱাশ্রুতি ভূঞা আৰু অমৰেন্দ্ৰ আলেম্যান ডেকা ।

লগতে পঢ়কঃ বাক্সাৰ চৌকীত প্ৰাকৃতিক সৌন্দৰ্যৰ সমাহাৰ...

প্ৰাক্তন মন্ত্ৰী তথা সাংসদ পল্লৱ লোচন দাসে আঁতধৰা যোগদান কাৰ্যসূচীৰ আদৰণি ভাষণ আগবঢ়াই সভাপতি দাসে এনেদৰে কয়, "কংগ্ৰেছত যেনেকৈ ৰাহুল গান্ধী-ছোনিয়া গান্ধীৰ তলত কাম কৰিব লাগে, বিজেপিৰ কাৰ্যকৰ্তাই কোনোদিনে কাৰোবাৰ অধীনত কোনোধৰণৰ কাম নকৰে। বিজেপি দলে সদায় লগত কাম কৰে। কোনোবা প্ৰধানমন্ত্ৰী হৈছে, মুখ্যমন্ত্ৰী হৈছে, সভাপতি হৈছে সেয়া দলে দিয়া দায়িত্ব। কিন্তু সকলোৱে নিজকে বিজেপিৰ কাৰ্যকৰ্তা হিচাপেহে পৰিচয় দিয়ে।

গেৰুৱা বসন পিন্ধিলে সাংবাদিকসহ 20 গৰাকী শিল্পী তথা কলা-কুশলীয়ে

উল্লেখ যে, আজিৰ এই যোগদান কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ উপ-সভানেত্ৰী বিজুলী কলিতা মেধি, সাধাৰণ সম্পাদক সুকুমাৰ বিশ্বাস, সাংস্কৃতিক কোষৰ আহ্বায়ক যতীন বৰা, সহ-আহ্বায়ক বিদ্যা সাগৰ, কোষৰ সদস্য পল্লৱ পৱন বৰা আৰু ভিকি শৰ্মাকে ধৰি বহুকেইগৰাকী কাৰ্যকৰ্তা।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.