ETV Bharat / state

গুৱাহাটীত শিক্ষাৰ্থীৰ সৈতে মত বিনিময় ISRO ৰ অধ‍্যক্ষ ড৹ এছ সোমনাথৰ

author img

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 8:54 PM IST

ISRO Chairman Dr Somnath: ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ISRO ৰ অধ‍্যক্ষ ড৹ শ্ৰীধৰ পাণিকাৰ সোমনাথক গুৱাহাটীত সম্বৰ্ধনা । বুধবাৰে প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ‍্যালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানত অংশ লয় বিজ্ঞানীগৰাকীয়ে ।

ISRO Chairman Dr Somnath
ISRO Chairman Dr Somnath

গুৱাহাটীত শিক্ষাৰ্থীৰ সৈতে মত বিনিময় ISRO ৰ অধ‍্যক্ষ ড৹ এছ সোমনাথৰ

গুৱাহাটী, 17 জানুৱাৰী: বুধবাৰে গুৱাহাটীত উপস্থিত হয় ISRO ৰ অধ্যক্ষ ড৹ শ্ৰীধৰ পানিকাৰ সোমনাথ । প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা সম্বৰ্ধনা তথা মত-বিনিময় অনুষ্ঠানত অংশ লয় বিজ্ঞানীগৰাকীয়ে । শেহতীয়াকৈ চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধত চন্দ্ৰযান-৩ ৰ সফল অৱতৰণ কৰোৱা বিজ্ঞানীদলৰ প্ৰমুখ বিজ্ঞানী তথা ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ ড৹ শ্ৰীধৰ পানিকাৰ সোমনাথ ৷

প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ে চন্দ্ৰযান-৩ ৰ সফলতাৰ বিজয় উৎসৱ তথা শেহতীয়াকৈ ISRO ৰ দ্বাৰা আদিত্য L-১ ৰ সূৰ্যমুখী অভিযান উপলক্ষে অনুষ্ঠিত কৰে এই বিশেষ অনুষ্ঠান । উক্ত অনুষ্ঠানত "চন্দ্ৰযান-৩" ৰ সফলতা শীৰ্ষক এখন তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হয় ।

অনুষ্ঠানত অংশগ্ৰহণ কৰে কেইবাখনো বিদ্যালয়, মহাবিদ্যালয়ৰ শিক্ষকৰ লগতে শিক্ষাৰ্থীসকলে । এই অনুষ্ঠানত অংশগ্ৰহণ কৰা ছাত্র-ছাত্ৰীসকলৰ সৈতে প্ৰত্যক্ষ মত-বিনিময় কৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ শ্ৰীধৰ পানিকাৰ সোমনাথে ।

ISRO আৰু সংস্থাটোৰ অন্য পৰিকল্পনাৰ সন্দৰ্ভত মন্তব্য কৰি ISRO ৰ অধ্যক্ষ ড৹ এছ পানিকাৰ সোমনাথে সংবাদ মাধ্যমৰ সন্মুখত কয় যে জলবায়ু আৰু চুনামি সম্পৰ্কে অধ্যয়নৰ বাবে ISRO ই ফেব্ৰুৱাৰীত প্ৰেৰণ কৰিব INSAT -3DS ৷ মহাকাশত চৰকাৰী আৰু ব্যক্তিগত দুয়োটা খণ্ডৰ তৰফৰ পৰা গৱেষণা কৰিব ISRO ই । ইতিমধ্যে কেইবাটাও ব্যক্তিগতখণ্ডৰ প্ৰতিষ্ঠা আগবাঢ়ি আহিছে বিভিন্ন ক্ষেত্ৰৰ অধ্যয়নৰ বাবে । ২০৩৫-৪০ চনৰ ভিতৰত চন্দ্ৰলৈ মহাকাশচাৰী পঠোৱা লক্ষ্য ISRO ৰ ।

ইতিমধ্যে ISRO ই মহাকাশচাৰীসকলকৰ Space Shoot নিজাকৈ প্ৰস্তুত কৰি আছে । ২০৪০ ভিতৰত ভাল খবৰ আহিব বুলি উল্লেখ কৰে বিশিষ্ট বিজ্ঞানীগৰাকীয়ে । পূৰ্বতে ৰাছিয়াৰ Space Shoot ব্যৱহাৰ কৰি আহিছিল ISRO ই ।

লগতে পঢ়ক: চৰকাৰৰ সাহায্য নলয় সদানন্দ গগৈয়ে, সামাজিক মাধ্যমত ক্ষোভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.