ETV Bharat / state

Irregularities of NGO bid in GMC: অভিযন্তাৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ জি এম চিৰ

author img

By

Published : Jul 20, 2022, 5:33 PM IST

গুৱাহাটী পৌৰ নিগমত(জি এম চি) ঘৰে ঘৰে জাৱৰ সংগ্ৰহৰ বাবে এন জি অ'ক নিবিদা দিয়াৰ নামত সংঘটিত হৈছে অনিয়ম (Irregularities of NGO bid in Guwahati Municipal Corporation )। এনে অনিয়ম সংঘটিত কৰাৰ অভিযোগত গুৱাহাটী পৌৰ নিগমৰ (জি এম চি) এন জি অ' নিৰ্বাচন প্ৰক্ৰিয়াৰ বিষয়া তথা অভিযন্তা সীমান্ত জ্যোতি বৰুৱাৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে জি এম চিয়ে(GMC orders inquiry against engineer) ।

g
Irregularities of NGO bid in GMC:অভিযন্তাৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ জি এম চিৰ

গুৱাহাটী, ২০ জুলাই: গুৱাহাটী পৌৰ নিগমত(জি এম চি) ঘৰে ঘৰে জাৱৰ সংগ্ৰহৰ বাবে এন জি অ'ক নিবিদা দিয়াৰ নামত সংঘটিত হৈছে অনিয়ম(Irregularities of NGO bid in Guwahati Municipal Corporation)।এনে অনিয়ম সংঘটিত কৰাৰ অভিযোগত গুৱাহাটী পৌৰ নিগমৰ (জি এম চি) এন জি অ' নিৰ্বাচন প্ৰক্ৰিয়াৰ বিষয়া তথা অভিযন্তা সীমান্ত জ্যোতি বৰুৱাৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে জি এম চিয়ে (GMC orders inquiry against engineer)। লগতে তেওঁক উক্ত পদৰ পৰা অব্যাহতি দিয়া হৈছে বুলি গুৱাহাটী পৌৰ নিগম কতৃপক্ষই সদৰি কৰিছে । বিষয়াগৰাকীৰ বিৰুদ্ধে ধনৰ বিনিময়ত একাংশ এন জি অ'ক নিবিদা দিয়াৰ অভিযোগ উত্থাপিত হৈছে ।

গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই উল্লেখ কৰা মতে, গুৱাহাটী পৌৰ নিগমৰ মঙলবাৰে হৈ যোৱা সাধাৰণ সভাত বিষয়া সীমান্ত জ্যোতি বৰুৱাৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিয়া হৈছে । পৰৱৰ্তী সময়ত তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হ'ব বুলি তেওঁ কয় । ঘৰে ঘৰে জাৱৰ সংগ্ৰহৰ বাবে থকা এন জি অ'ৰ কাৰ্যকাল উকলি যোৱাৰ পূৰ্বে মাৰ্চত নতুন নিবিদা লোৱা হৈছিল । সেই সময়ত তেওঁ বহু এন জি অ'ক খবৰ দিয়া নাছিল। একাংশ এন জি অ'ক ধনৰ লেন দেন কৰি নিবিদা দিয়াৰ অভিযোগ উত্থাপিত হৈছে তেওঁৰ বিৰুদ্ধে । অতি শীঘ্ৰে জি এম চিয়ে এন জি অ' সমূহক জাৱৰ সংগ্ৰহৰ নিবিদা দিব বুলি মন্তব্য কৰে তেওঁ ।

উল্লেখ্য যে সীমান্ত জ্যোতি বৰুৱা জি এম চিৰ ডিভিজন ৬ ৰ অভিযন্তা হিচাপে কৰ্মৰত। তেওঁ জি এম চিৰ অস্থায়ী কৰ্মচাৰী । তেওঁ এন জি অ' নিৰ্বাচন প্ৰক্ৰিয়াৰ দায়িত্বপ্ৰাপ্ত বিষয়া আছিলে। জি এম চিত অস্থায়ী কৰ্মচাৰী সকলে এনে ধৰণৰ খেলি -মেলি কৰি অহাৰ অভিযোগ দীৰ্ঘদিনীয়া।

লগতে পঢ়ক:etv comment image Thumbnail image Transfer of Lat Mandals: সময়ে সময়ে বদলি হ’ব লাট মণ্ডল; দুৰ্নীতিগ্ৰস্থ মণ্ডলে পাব উচিত শাস্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.