ETV Bharat / state

IndiGo Flight Emergency Landing : ৰাজ্যৰ কেইবাগৰাকীও ৰাজনৈতিক নেতাক কঢ়িয়াই নিয়া ইণ্ডিগ’ বিমানত বিজুতি - অসমৰ কেবিনেট মন্ত্ৰী বিমল বৰা

ইণ্ডিগো বিমানত যান্ত্ৰিক বিজুটি ৷ জৰুৰীভাৱে অৱতৰণ কৰা হয় বৰঝাৰ বিমান বন্দৰত ৷ কেইবাশ যাত্ৰীৰ লগতে শাসক-বিজেপি দলৰ কেবাজনো নেতা আছিল বিমানখনৰ ভিতৰত ৷ ইণ্ডিগ’ বিমানখনৰ নম্বৰ আছিল 6E-2652 ৷

IndiGo Flight Carrying Assam Ministers Makes Emergency Landing in Guwahati Airport
ইণ্ডিগো বিমানত বিজুটি
author img

By

Published : Jul 4, 2023, 12:58 PM IST

নিউজ ডেস্ক, 4 জুলাই : বৰঝাৰৰ পৰা উৰণ আৰম্ভ কৰা এখন ইণ্ডিগ’ বিমানত যান্ত্ৰিক বিজুটি ৷ সূত্ৰৰ পৰা জানিব পৰা মতে, অসমৰ কেইবাজনো ৰাজনৈতিক নেতাক লৈ যোৱা এখন ইণ্ডিগ’ বিমানখনে মঙলবাৰে গুৱাহাটী বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰে । এই সন্দৰ্ভত লাভ কৰা তথ্য অনুসৰি ইণ্ডিগ’ৰ বিমানখন গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ পৰা ৰাওনা হৈছিল যদিও উৰণ আৰম্ভ কৰাৰ পিচতেই জৰুৰীকালীন অৱতৰণ কৰিবলগীয়াত পৰিছিল । বিমানখনৰ 2 নম্বৰ ইঞ্জিনত বিজুটি ঘটা বুলি জানিবলৈ পৰা গৈছে ৷

সূত্ৰৰ পৰা জানিবলৈ পৰা মতে, ঢকুৱাখানাৰ বিধায়ক নৱ কুমাৰ দলেৰ লগতে অসমৰ কেবিনেট মন্ত্ৰী বিমল বৰা আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আছিল ইণ্ডিগ’ বিমানখনত ৷ ইয়াৰোপৰি, কংগ্ৰেছ নেতা ৰমেন বৰঠাকুৰ, বিজেপি নেতা সুভাষ দত্তয়ো বিমানখনত আছিল বুলি সূত্ৰত প্ৰকাশ ৷ লগতে আছিল কেবাশ যাত্ৰী কঢ়িয়াই লৈ যোৱা হৈছিল বিমানখনত । বিমানখনে উৰণ আৰম্ভ কৰাৰ পিচতে বিজুটিৰ সন্মুখীন হয় আৰু পুনৰ বৰঝাৰ বিমানবন্দৰলৈ উভতি আহে । সূত্ৰই জনোৱা মতে, ইণ্ডিগ’ বিমানখনৰ নম্বৰ আছিল 6E-2652 আৰু বিমানখনে ডিব্ৰুগড় অভিমুখে উৰণ আৰম্ভ কৰিছিল বুলি জানিবলৈ পৰা গৈছে ।

উল্লেখ কৰা প্ৰয়োজন যে, আজিৰ এই ঘটনাৰ পূৰ্বে একেখন বিমানতেই আন এক কাৰিকৰী সমস্যাই দেখা দিছিল ৷ যাৰ ফলত একেধৰণে জৰুৰীকালীনভাৱে বিমানখন অৱতৰণ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল । অৱশ্যে বাতৰি প্ৰস্তুত কৰাৰ পৰলৈকে এই সন্দৰ্ভত এতিয়াও বিমান সংস্থাসমূহে কোনো আনুষ্ঠানিক মন্তব্য কৰা নাই । বিজুটি ঘটাৰ ফলত বহুসময়লৈকে যাত্ৰীসকল বিমানখনৰ ভিতৰতে আৱদ্ধ হ’ব লগীয়াত পৰে ৷

লগতে পঢ়ক : Manipur situation: শাম কাটিছে অগ্নিগৰ্ভা পৰিস্থিতিৰ; 5 জুলাইৰ পৰা খুলিব বিদ্যালয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.