ETV Bharat / state

গুৱাহাটীত বিপদ সীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ - শ্লুইছ গেট

মহানগৰীত বিপদ সীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ । বিপদ সীমাৰ ২৪ ছেন্টিমিটাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰৰ ৷

Brahmaputra
বিপদ সীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ
author img

By

Published : Aug 30, 2021, 5:30 PM IST

গুৱাহাটী, ৩০ আগষ্ট : মুষলধাৰ বৰষুণ অব্যাহত থকাৰ বাবে ফেনে-ফোটোকাৰে বাঢ়িবলৈ ধৰিছে ব্ৰহ্মপুত্ৰ । মহানগৰীত বিপদ সীমা অতিক্ৰম কৰিলে ব্ৰহ্মপুত্ৰৰ জলস্তৰে । জলসম্পদ বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে সম্প্ৰতি মহানগৰীত বিপদ সীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ।

বিপদ সীমাৰ প্ৰায় ২৪ ছেন্টিমিটাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ । যোৱা ১৭ আগষ্টৰ পৰা ব্ৰহ্মপুত্ৰ জলস্তৰ বৃদ্ধি হৈছিল যদিও দেওবাৰে দুপৰীয়াৰে পৰা বিপদ সীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ । ব্ৰহ্মপুত্ৰৰ জলস্তৰৰ বিপদ সীমা ৪৯.৬৮ মিটাৰ । দেওবাৰে পুৱা ৮ বজাত জলস্তৰ ৪৯.৫৩ মিটাৰ থকাৰ বিপৰীতে আবেলি ৪ বজাত ৪৯.৭৯ মিটাৰলৈ বৃদ্ধি পায় । নিশা ১১ বজালৈ ৪৯.৮২ মিটাৰলৈ জলস্তৰ বৃদ্ধি পাইছিল ।

Brahmaputra
গুৱাহাটীত বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ

লগতে পঢ়ক : কলিয়াবৰৰ বানাক্ৰান্তৰ মনৰ বুজ ল’লে মন্ত্ৰী কেশৱ মহন্তই

আনহাতে, সোমবাৰে পুৱা ৮ বজাত ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৪৯.৮৮ মিটাৰ হোৱাৰ বিপৰীতে আবেলি ৪ বজালৈ ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৪৯.৯২ মিটাৰলৈ বৃদ্ধি পাইছে । মঙলবাৰে পুৱা ৬ বজালৈ ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৫০.১৫ বৃদ্ধি হ’ব বুলি কেন্দ্ৰীয় জল আয়োগে জাননী দিয়া বুলি জলসম্পদ বিভাগৰ সূত্ৰটোৱে প্ৰকাশ কৰে ।

ইপিনে ১৭ আগষ্টৰ পৰা ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাত ভৰলুমুখৰ শ্লুইছ গেটখন বন্ধ কৰি ৰখা হৈছে । জলসম্পদ বিভাগৰ শ্লুইছ গেটৰ পাম্পষ্টেচনত থকা ১০ টা পাম্পৰ তিনি-চাৰিটা পাম্পেৰে ১৭ আগষ্টৰ পৰা ভৰলুৰ পানী সিঁচি থকা হৈছিল যদিও যোৱা তিনিদিনৰ পৰা দিনে নিশাই ১০ টা পাম্পেৰে ভৰলুৰ পানী সিঁচি ব্ৰহ্মপুত্ৰত পেলোৱাৰ ব্যৱস্থা কৰিছে বুলিও সূত্ৰটোৱে প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : বিভাগীয় নিষেধাজ্ঞাৰ পিছতো ব্ৰহ্মপুত্ৰৰ বুকুত নাও চলাচল অব্যাহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.