ETV Bharat / state

মানৱ সৰবৰাহকাৰীৰ টাৰ্গেট অসম তথা উত্তৰ-পূৰ্বাঞ্চল

author img

By

Published : Aug 5, 2020, 9:58 PM IST

প্ৰায় চাৰি মাহৰ অধিক সময় ধৰি অব্যাহত লক্ ডাউন আৰু ৰাজ্যৰ তেইশ খন জিলাত সৃষ্টি হোৱা অভূতপূৰ্ব বান পৰিস্থিতিয়ে ইতিমধ্যে ভয়াবহ আৰ্থিক দুৰবস্থাৰ মাজলৈ ঠেলি দিছে অসমৰ এক বৃহৎ সংখ্যক নাগৰিকক । বিপন্ন হৈছে আবাল-বৃদ্ধ-বনিতাৰ জীৱন । এনে পৰিস্থিতিৰ সুযোগ লৈ নিজৰ অসৎ ব্যৱসায়িক উদ্দেশ্যে চৰিতাৰ্থ কৰাৰ বাবে উঠি পৰি লাগিছে মানব সৰবৰাহৰ লগত জড়িত দুষ্ট চক্ৰ সমূহ ।

Human traffickers on the prowl as COVID, flood wreck havoc in Assam

গুৱাহাটী, 5 আগষ্ট : ক’ভিড 19 আৰু ৰাজ্যত সৃষ্টি হোৱা ভয়াবহ বানে বৃহৎ সংখ্যক নাগৰিকৰ জীৱন আৰু জীৱিকাক সংকটাপূৰ্ণ কৰি তুলিছে । প্ৰতি বছৰেই বানৰ ঠিক পাচতে অসমৰ বানপীড়িত গ্ৰাম্যাঞ্চলৰ দুৰ্দশা জৰ্জৰ লোকৰ আৰ্থিক দুৰবস্থাৰ সুযোগ লয় মানৱ সৰবৰাহ লগত জড়িত দুষ্ট চক্ৰই । এইবাৰ দুয়োটা দুৰ্যোগে সাধাৰণ জনক কঙাল কৰাৰ সময়ত পৰিস্থিতি অধিক গুৰুতৰ হৈ পৰিছে ।

লগতে পঢ়ক : অযোধ্যাত ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰায় চাৰি মাহৰ অধিক সময় ধৰি অব্যাহত লক্ ডাউন আৰু ৰাজ্যৰ তেইশ খন জিলাত সৃষ্টি হোৱা অভূতপূৰ্ব বান পৰিস্থিতিয়ে ইতিমধ্যে ভয়াবহ আৰ্থিক দুৰবস্থাৰ মাজলৈ ঠেলি দিছে অসমৰ এক বৃহৎ সংখ্যক নাগৰিকক । বিপন্ন হৈছে আবাল-বৃদ্ধ-বনিতাৰ জীৱন । গৰিষ্ঠসংখ্যকৰেই আজি উপাৰ্জন বুলিবলৈ একো নাই, এসাঁজ খাদ্যৰ বাবেও হাহাকাৰ কৰিবলগীয়া হৈছে তেওঁলোকে । আৰু এনে পৰিস্থিতিৰ সুযোগ লৈ নিজৰ অসৎ ব্যৱসায়িক উদ্দেশ্যে চৰিতাৰ্থ কৰাৰ বাবে উঠি পৰি লাগিছে মানব সৰবৰাহৰ লগত জড়িত দুষ্ট চক্ৰ সমূহ ।

লগতে পঢ়ক : প্ৰতিশ্ৰুতি আৰু বঞ্চনা : অনিশ্চয়তাত 524 গৰাকী শিক্ষকৰ চাকৰিৰ ভৱিষ্যৎ

উল্লেখ্য যে মানৱ সৰবৰাহৰ ক্ষেত্ৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনক কেতবোৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চক্ৰই লক্ষ্য হিচাপে লৈ আহিছে । বিশেষ কৈ প্ৰতি বছৰে বানে ৰাজ্যখনক জুৰুলা কৰাৰ পাচতে দুৰ্দশাগ্ৰস্ত পৰিয়ালৰ কিশোৰ-কিশোৰী সকলক ৰাজ্য তথা দেশৰ বাহিৰলৈ সৰবৰাহ কৰাৰ বাবে তৎপৰ হৈ উঠে । এই কামত তেওঁলোক সফলো হয় । নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ'ৰ তথ্য অনুসৰি অসমৰ মানব সৰবৰাহৰ বাবে এক হটস্পট । যোৱা প্ৰায় ছটা বছৰত অসমত মানৱ সৰবৰাহৰ ঘটনা লক্ষণীয়ভাবে বৃদ্ধি পাইছে । তথ্য অনুসৰি 2015 চনত এনে ধৰণৰ গোচৰৰ সংখ্যা আছিল 1494 টা ৷ যি পৰিসংখ্যা দেশৰ মুঠ মানব সৰবৰাহৰ গোচৰৰ 22 শতাংশ । এই সৰবৰাহৰ 1317 গৰাকীয়েই আছিল শিশু তথা কিশোৰ-কিশোৰী । শতাংশ হিচাবত ই দেশৰ মুঠ শিশু সৰবৰাহৰ 38 শতাংশ । এই ধৰণৰ অপৰাধ সংঘটিত হোৱা অসমৰ মূল জিলা কেইখন হ’ল শোণিতপুৰ, লখিমপুৰ, ধেমাজি, কোকৰাঝাৰ, চিৰাং আৰু বাক্সা ।

মানৱ সৰবৰাহকাৰীৰ টাৰ্গেট অসম তথা উত্তৰ-পূৰ্বাঞ্চল

লগতে পঢ়ক : খানাপাৰাৰ পৰিৱৰ্তে জজ খেলপথাৰত হ'ব স্বাধীনতা দিৱসৰ অনুষ্ঠান

এনে অৱস্থাত পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ বাবে অসম আৰক্ষীয়ে Anti Human Trafficking Unit ( AHTU) গঠন কৰে যদিও তেনে পদক্ষেপ আজিও সফল হোৱা পৰিলক্ষিত হোৱা নাই । আৰক্ষী প্ৰশাসনৰ বাবে ই যেন আজিও এক আনুসংগিক অথবা কম গুৰুত্বপূৰ্ণ বিষয় । কিন্তু এইবাৰ ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ উদ্যোগত ক’ভিড ৰ সময়ত হ’ব পৰা মানব সৰবৰাহ প্ৰতিহত কৰিবলৈ অসম শিশু অধিকাৰ সুৰক্ষা আয়োগ আৰু কিছু সংখ্যক স্থানীয় আৰু আন্তৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংগঠনে কাৰ্যকৰী পদক্ষেপ লৈছে । আয়োগৰ অধ্যক্ষা ডঃ সুনীতা চাংকাকতিয়ে ই টি ভি ভাৰতক জনোৱা মতে এইবাৰ মানব সৰবৰাহ প্ৰতিহত কৰাৰ বাবে গাওঁ পঞ্চায়তৰ ভূমিকাক বিশেষভাৱে আগস্থান দিয়া হৈছে ।

লগতে পঢ়ক : শোণিতপুৰৰ ভৰাশিঙৰীত দুটা ফৈদৰ সংঘৰ্ষঃ জ্বলিল কেবাখনো বাহন

অসম শিশু অধিকাৰ সুৰক্ষা আয়োগৰ ফালৰ পৰা ৰাজ্যৰ প্ৰতিখন জিলাৰ উপায়ুক্ত আৰু মুখ্য কাৰ্যবাহী বিষয়ালৈ পত্ৰও প্ৰেৰণ কৰা হৈছে । একেদৰে চেভ দ্য চিল্ডৰেনকে ধৰি কেইবাটাও স্বেচ্ছাসেৱী সংগঠনে এনে সৰবৰাহ প্ৰতিৰোধ কৰাৰ বাবে শিশু আৰু কিশোৰীক লৈ গ্ৰাম্যাঞ্চলত তথ্য আৰু সংযোগ কেন্দ্ৰ গঢ়ি তুলিছে । আশা কৰা হৈছে এনে তৎপৰতাই এইবাৰ কিছু পৰিমাণে হলেও পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হ’ব ।

লগতে পঢ়ক : অৰুণাচলৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু ভাৰতীয় বায়ুসেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ মূৰব্বীৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.