গুৱাহাটী, ১৫ মাৰ্চ : আজিৰে পৰা আৰম্ভ হ'ল হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ লগতে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা ৷ বিশ্বজুৰি একপ্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰা ক'ভিডৰ বাবে বিগত বৰ্ষত অনুষ্ঠিত হোৱা নাছিল হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ লগতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ৷
২০২১ বৰ্ষত পৰীক্ষা অনুষ্ঠিত নকৰাকৈয়ে পূৰ্বৰ পৰীক্ষাৰ আধাৰত বিকল্প মূল্যায়নেৰে ফলাফল ঘোষণা কৰা হৈছিল ৷ এইবাৰ ক'ভিড পৰিস্থিতি উন্নত হোৱাৰ বাবে আজিৰে পৰা আৰম্ভ হৈছে শিক্ষাৰ্থীৰ শৈক্ষিক জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ দুয়োটা পৰীক্ষা ৷ ইতিমধ্যে মেট্ৰিক পৰীক্ষাৰ প্ৰক্টিকেল পৰীক্ষা সমূহ অনুষ্ঠিত হৈ গৈছে ৷
ক'ভিড পৰিস্থিতিৰ বাবে নিয়মীয়া পাঠদান নোহোৱাৰ পৰিপ্ৰেক্ষিতত এইবাৰৰ মেট্ৰিক পৰীক্ষা পাঠ্যক্ৰমৰ ৪০ শতাংশ কৰ্তন কৰি অনুষ্ঠিত কৰা হৈছে ৷ ইফালে ২০২১ বৰ্ষৰ প্ৰশ্নকাকত আৰু উত্তৰবহীৰে এইবাৰৰ পৰীক্ষা অনুষ্ঠিত কৰাক লৈ কিছু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল যদিও, চৰকাৰীভাৱে সকলো কথা স্পষ্ট কৰি দিয়াত বিষয়টো শাম কাটে ৷
আজিৰে পৰা ৩১ মাৰ্চলৈ অনুষ্ঠিত হ’বলগীয়া মেট্ৰিক পৰীক্ষাত মুঠ ৪,৩১,১৩২ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে মুঠ ৪,১৯,৮৮৭ গৰাকী পৰীক্ষাৰ্থী ৷ ইয়াৰ ভিতৰত ১,৯৫,১৮১ জন ছাত্ৰ আৰু ২,২৪,৭০৬ গৰাকী ছাত্ৰ ৷
উল্লেখ্য যে, হাইমাদ্ৰাছা পৰীক্ষাত মুঠ ১১,২৪৫ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে ৷ ইয়াৰ ভিতৰত ৪,১৯৯ জন ছাত্ৰ আৰু ৭,০৪৬ গৰাকী ছাত্ৰ ৷ এইবাৰ মেট্ৰিক পৰীক্ষাত ২১ গৰাকী দৃষ্টিহীন আৰু ৪৬ গৰাকী মুকবধিৰ পৰীক্ষার্থী অৱতীৰ্ণ হৈছে ৷ এইবাৰ ৰাজ্যৰ মুঠ ৯০৩ টা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হৈছে ৷
আনহাতে আজিৰে পৰা আৰম্ভ হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত এইবাৰ মুঠ ২,১৫,০২২ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছে ৷ ইয়াৰে কলা শাখাত ১,৬৪,২১৯ গৰাকী, বিজ্ঞান শাখাত ৩৪,৪০৭ গৰাকী আৰু বাণিজ্য শাখাত ১৫,৫৮১ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছে ৷ সেইদৰে ভকেশ্যনেল শাখাত ৮২১ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছে ৷
তদুপৰি ৭৯৬ টা কেন্দ্ৰত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হৈছে ৷ শিক্ষাৰ্থীসকলক প্ৰশ্নকাকত পঢ়িবৰ বাবে অতিৰিক্ত ১৫ মিনিট সময় দিয়া হৈছে ।
লগতে চাওক : আজিৰে পৰা আৰম্ভ মেট্ৰিক-উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা