ETV Bharat / state

PMAY scheme: প্রধানমন্ত্রী আবাস যোজনাৰ ক্ষেত্রত বহু পিছ পৰি আছে অসম - প্ৰধানমন্ত্ৰী আৱাস যোজনা

চৰকাৰী তথ্য মতে প্রধানমন্ত্রী আৱাস যোজনাৰ অধীনত অসমত ২০১৬ চনৰ পৰা এতিয়ালৈ ১০ লাখৰো অধিক পকী ঘৰ হৈছে । বাস্তৱ ক্ষেত্রত ৬০ শতাংশৰো অধিক ঘৰৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা নাই । অসমত আঁচনিখন ৰূপায়ণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰো আছে অভিযোগ । গৃহ নিৰ্মাণৰ প্ৰয়োজনীয় সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ অধিকাংশ দুখীয়া পৰিয়ালে ঘৰৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱা নাই (PMAY house in Assam) ।

PMAY scheme
PMAY scheme
author img

By

Published : Jun 8, 2023, 7:20 PM IST

গুৱাহাটী, ৮ জুন: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে দেশজুৰি ৰূপায়ন কৰা জনপ্ৰিয় ‘প্ৰধানমন্ত্ৰী আবাস যোজনা’ চমুকৈ পি এম এ ৱাই আঁচনিখনৰ কাম অসমত শামুকীয়া গতিত চলি আছে (PMAY scheme in Assam) । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰায়ে দৰিদ্ৰজনক সেৱা কৰাৰ কথা কয় যদিও দৰিদ্ৰজনৰ বাবে প্ৰয়োজনীয় এই আঁচনিখন অসমত সফল ৰূপায়ণ নোহোৱাটো চৰম পৰিতাপৰ বিষয় ৷

যি সময়ত প্ৰধানমন্ত্ৰীৰ সপোনৰ এই আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ আন আন ৰাজ্যসমূহ বহুদূৰ আগুৱাই গৈছে সেই সময়ত এই নিৰ্দিষ্ট আঁচনিখন ৰূপায়ণত অসম পিছপৰি ৰৈছে । অৱশ্যে শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত আঁচনিখনৰ কামে কিছু অগ্ৰগতি লাভ কৰিছে ।

চৰকাৰী তথ্য মতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত অসমত ২০১৬ চনৰ পৰা এতিয়ালৈ ১০ লাখৰো অধিক পকী ঘৰ সম্পূর্ণ হৈ উঠিছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰা তৎপৰতাৰ ফলতেই ৰাজ্যখনত ১০ লাখৰো অধিক গৃহ নির্মাণ সম্পূর্ণ হোৱাটো যথেষ্ঠ আশাব্যঞ্জক ৰূপে পৰিগণিত হৈছে ।

উল্লেখ্য যে ২০১৬ চনৰ পৰা আজিৰ তাৰিখলৈ ১০ লাখৰো অধিক গৃহ নির্মাণৰ বিপৰীতে বিগত দুটা বর্ষত ২০২১ চনৰ ১০ মে’ৰ পৰা চলিত বর্ষৰ ১০ মে’লৈ ৭,০৩,৬৩৩টা ঘৰ নির্মাণ সম্পূর্ণ হৈছে । অর্থাৎ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত ৭ লাখৰো অধিক গৃহ দুটা বর্ষত নির্মাণ কৰিবলৈ সক্ষম হৈছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ২০ লাখতকৈ অধিক ঘৰ জি’ টেগ কৰা হৈছে । ইয়াৰে ভিতৰত ১৫.৫ লাখ পৰিয়াল যোগ্য হিচাবে পৰিগণিত হৈছে । অৱশ্যে লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত অসম আন ৰাজ্য তুলনাত এতিয়াও বহু পিছপৰি আছে ।

তথ্য অনুসৰি ২০১৬-১৭ বিত্তীয় বৰ্ষৰ পৰা এতিয়ালৈকে অসমৰ বাবে প্ৰধানমন্ত্ৰী আবাস যোজনা (গ্ৰামীণ)ৰ অধীনত কেন্দ্ৰীয় চৰকাৰে মুঠ ২০ লাখৰো অধিক আবাস গৃহ নিৰ্মাণৰ লক্ষ্য লৈছিল । আনহাতে অনুমোদন দিয়া হিচাপত ৫০ শতাংশ আৱাস গৃহৰ কামহে সম্পূৰ্ণ হৈছে । গ্ৰামাঞ্চলৰ দৰেই নগৰ অঞ্চলতো আঁচনিখনৰ কাম লেহেম গতিত চলি আছে ।

উল্লেখ যে প্ৰতিটো পৰিয়ালেই থাকিবলৈ যাতে এটা ঘৰ লাভ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৫ চনত এই আঁচনিখন আৰম্ভ কৰিছিল । আঁচনিখনৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ২০২২ চনৰ ভিতৰত দেশৰ গ্ৰাম্য আৰু চহৰ অঞ্চলত বাস কৰা প্ৰতিটো দুখীয়া পৰিয়ালকে আৱাস গৃহ প্ৰদানৰ লক্ষ্য হাতত লৈছিল । কিন্তু অসমৰ দৰে আন বহুকেইখন ৰাজ্যই আঁচনিখনৰ কাম সঠিকভাৱে ৰূপায়ণ নকৰাত এতিয়া চৰকাৰে আঁচনিৰ ম্যাদ ২০২৪ চনলৈ বৃদ্ধি কৰিছে ।

ইফালে অসমত এই আঁচনিখন ৰূপায়ণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰো অভিযোগ উত্থাপন হৈ আহিছে । বহু অঞ্চলত যোগ্যজনে এই আঁচনিখনৰ সুফল লাভ কৰা নাই । বহু অঞ্চলত আধৰুৱা হৈয়ে ৰৈছে বহুসংখ্যক আৱাস গৃহ । যাৰ ফলত ৰাজ্যখনত আঁচনিখন সঠিকভাৱে ৰূপায়িত হোৱা নাই ।

ইফালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ নামত ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে মিছাৰ আশ্ৰয় লোৱাৰ অভিযোগ উঠিছে । অভিযোগ অনুসৰি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কোৱাৰ দৰে অসমত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ (গ্ৰামীন) অধীনত ৰাজ্যত ১০ লাখৰ অধিক ঘৰৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা নাই ।

মন্ত্ৰীগৰাকীয়ে দাবী কৰাৰ বিপৰীতে অসমত ১০ লাখ ঘৰৰ ৬০ শতাংশৰেই নির্মাণ কাৰ্য সম্পূর্ণ হোৱা নাই । প্ৰকৃততে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকক আঁচনিখনৰ অধীনত এটা ঘৰ নিৰ্মাণ কৰিবলৈ ধার্য কৰা ধনেৰে ঘৰ নিৰ্মাণ কৰাটো বৰ্তমান সময়ত অসম্ভৱ হৈ পৰিছে ।

গৃহ নিৰ্মাণৰ প্ৰয়োজনীয় সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ অধিকাংশ দুখীয়া পৰিয়ালে ঘৰৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱা নাই । নিজা জমা ধন থকা কমসংখ্যক পৰিয়ালেহে কেন্দ্ৰই এটা ঘৰৰ বাবে দিয়া ধনৰ লগত নিজা ধন যোগ কৰি নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে । তেনেস্থলত চৰকাৰী সংখ্যাৰ বিপৰীতে প্ৰকৃতাৰ্থত সেই হিচাপত গৃহ নিৰ্মাণ হোৱা নাই ।

লগতে পঢ়ক: BJP Janasamparka Campaign: বৰ্তমান সময়ত শান্তিৰ অসম ঘূৰি আহিছে - ৰূপজ্যোতি কুৰ্মী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.