ETV Bharat / state

গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰ্চুৱেলি নষ্ট কৰিলে উত্তৰ পূৰ্বাঞ্চলৰ ৪ হাজাৰ কিলোগ্ৰাম ড্ৰাগছ

author img

By

Published : Oct 8, 2022, 10:46 PM IST

গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰ্চুৱেলি শনিবাৰে নষ্ট কৰে ৪০ হাজাৰ কিলোগ্ৰামৰো অধিক নিচাজাতীয় সামগ্ৰী (Amit Shah virtually destroyed huge amount of drugs) । কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ পৰা ভাৰ্চুৱেলি নষ্ট কৰে ড্ৰাগছখিনি

Home Minister Amit Shah virtually destroyed huge amount of drugs in North East
গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰ্চুৱেলি ধ্বংস কৰিলে উত্তৰ-পূৰ্বাঞ্চলৰ ৪ হাজাৰ কিলোগ্ৰাম ড্ৰাগছ

গুৱাহাটী, ৮ আক্টোবৰ: তিনিদিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰে অসমত আহিছে গৃহমন্ত্ৰী অমিত শ্বাহ (Home Minister Amit Shah) ৷ দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি গৃহমন্ত্ৰীগৰাকীয়ে আজি গুৱাহাটীত ড্ৰাগছ সৰবৰাহ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা বিষয়ক আঞ্চলিক সন্মিলনত অংশগ্ৰহণ কৰে ।

এই সন্মিলনৰ পৰাই গৃহমন্ত্ৰীগৰাকীয়ে ভাৰ্চুৱেলি নষ্ট কৰে ৪০ হাজাৰ কিলোগ্ৰামৰো অধিক নিচাজাতীয় সামগ্ৰী (Amit Shah virtually destroyed huge amount of drugs) । গুৱাহাটীত মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰোয়ে(NCB) জব্দ কৰা ১১ হাজাৰ কিলোগ্ৰাম আৰু অসম আৰক্ষীয়ে জব্দ কৰা ৮ হাজাৰ কিলোগ্ৰাম ড্ৰাগছকে আদি কৰি বিভিন্ন নিচাজাতীয় সামগ্ৰীত অগ্নিসংযোগ কৰি ধ্বংস কৰা হয় ।

ইয়াৰ সমান্তৰালভাৱে অৰুণাচল প্ৰদেশত ৪ হাজাৰ কিলোগ্ৰাম, মেঘালয়ত ১৬০০ কিলোগ্ৰাম, নাগালেণ্ডত ৩৯৮ কিলোগ্ৰাম, মণিপুৰ ১৯০০ কিলোগ্ৰাম, মিজোৰাম ১৫০০ কিলোগ্ৰাম , ত্ৰিপুৰা ১২০০০ কিলোগ্ৰাম ড্ৰাগছ নষ্ট কৰা হয় (Huge amount of drugs destroyed in North East)।

অনুষ্ঠানত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত কয়, "দেশত ড্ৰাগছে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ গতিকে আমি সকলোৱে একগোট হৈ নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায় বন্ধ কৰিব লাগিব ৷ আজি 40 হাজাৰ কেজি ড্ৰাগছ আমি অনলাইন যোগে উত্তৰ পূৱত নষ্ট কৰিছো ৷"

তেওঁ লগতে কয়, ড্ৰাগছে সমাজখন ধ্বংসৰ ফালে লৈ গৈছে ৷ সকলোৱে ইয়াৰ বিৰুদ্ধে যুঁজিব লাগিব ৷ গতিকে উত্তৰ-পূৱৰ সকলো মুখ্যমন্ত্ৰীয়ে ইয়াৰ বাবে কঠোৰ পদক্ষেপ ল’ব লাগিব ৷ দেশত মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰোয়ে কিছুদিন পূৰ্বে ধ্বংস কৰিছিল কেইবাহাজৰ কোটি টকাৰ ড্ৰাগছ ৷ উত্তৰ-পূৱৰ সকলোৱে ড্ৰাগছৰ বিৰুদ্ধে ৰণনীতি হাতত ললেহে ড্ৰাগছমুক্ত ভাৰত গঢ়িব পৰা সম্ভৱপৰ হ’ব ৷"

উল্লেখ্য যে যোৱা ১৫ মাহত অসম চৰকাৰে এন ডি পি এছ আইনৰ অধীনত ৪০৮৮টা গোচৰ পঞ্জীয়ন কৰাৰ লগতে বৃহৎ পৰিমাণৰ গাঞ্জা, আফিং, মৰ্ফিন আৰু অন্যান্য নিষিদ্ধ পদাৰ্থ জব্দ কৰিছে । আজিৰ এই সন্মিলনত কেন্দ্ৰীয় ড'নাৰ মন্ত্ৰী জি কিষাণ ৰেড্ডী, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, অৰুণাচলৰ প্ৰদেশ, মণিপুৰ, মিজোৰাম, ছিকিম, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী, নাগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় গৃহ সচিব আৰু সামাজিক ন্যায় আৰু সবলীকৰণৰ সচিবকে ধৰি অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক: ত্ৰিপুৰাত দাহ কৰা হয় কোটি টকাৰ নিচাজাতীয় সামগ্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.