ETV Bharat / state

Separate Barak Valley: মুখ্যমন্ত্ৰীৰ তৎপৰতাৰ বাবেই উত্থাপন হৈছে পৃথক বৰাকৰ দাবী; কমলাক্ষ দে’ পুৰকায়স্থ

author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 6:08 PM IST

সম্প্ৰতি তীব্ৰতৰ হৈ উঠিছে পৃথক বৰাকৰ দাবী ৷ ইয়াৰ মাজতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বৰাকৰ কংগ্ৰেছী বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই ৷ পৃথক বৰাকৰ দাবীৰ বাবে মুখ্যমন্ত্ৰীক জগৰীয়া কৰিলে কংগ্ৰেছ বিধায়কগৰাকীয়ে ৷

Separate Barak Valley
Separate Barak Valley
বৰাকৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে মুখ্যমন্ত্রীক জগৰীয়া কংগ্ৰেছৰ

গুৱাহাটী, ২৯ ছেপ্টেম্বৰ: বৰাকৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাকে জগৰীয়া কৰিলে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই ।

শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত পৃথক বৰাকৰ দাবী উত্থাপন হোৱাৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক পুৰকায়স্থই কয় যে মুখ্যমন্ত্ৰীৰ তৎপৰতাত পৃথক বৰাকৰ দাবী উত্থাপন হৈছে ।

বৰাকৰ লোকক মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই উৎসাহিত কৰিছে বুলি অভিযোগ কৰি তেওঁ কয় যে পৃথক কমতাপুৰ আৰু বড়োলেণ্ডৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে অসমখনক আৰু ভাগ কৰিবলৈ দিয়া নহ’ব বুলি কৈছিল । কিন্তু সেইজন মুখ্যমন্ত্রীয়ে বৰাকত গৈ বৰাকৰ লোকক পৃথক বৰাকৰ বাবে উৎসাহিত কৰিছে ।

বৰাকৰ লোকে বিচাৰিলে পৃথক বৰাকৰ প্ৰসংগত আলোচনা হ’ব পাৰে বুলি মুখ্যমন্ত্রীয়ে নিজে কৈছে । অসমখনক আৰু বিভক্ত কৰিব নোৱাৰি বুলি সদৰী কৰি তেওঁ কয় যে ইতিমধ্যে অসমখন সাতখন ৰাজ্যত বিভক্ত হৈছে ।

তেওঁ কয় যে বৰাকত চলি থকা খেলৰ আঁৰত মুখ্যমন্ত্রীৰ তৎপৰতা আছে । মুখ্যমন্ত্রীয়ে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত বিভাজন আনিব বিচাৰিছে বুলি অভিযোগ কৰি তেওঁ কয় উজনি-নামনি তথা বৰাক ভেলীৰ নামত ইতিমধ্যে বিভাজন অনা হৈছে ।

বৰাকত মুখ্যমন্ত্রীৰ সম্পত্তি আছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে নিশ্চিত নহয় যদিও জানিব পৰা মতে বৰাকত মুখ্যমন্ত্রীৰ কেইবাটাও পে'ট্ৰল পাম্প আৰু কেইবাখনো চাহ বাগান আছে । অসমৰ ৰাইজে মুখ্যমন্ত্রীৰ সকলো কথা গম পাইছে বুলি সদৰী কৰি তেওঁ কয় যে বিজেপি অসমৰ ৰাইজৰ অন্তৰত নাই ।

সামাজিক মাধ্যমত মুখ্যমন্ত্রী আৰু মন্ত্রী পীযুষ হাজৰীকাৰ ফটো আপলোড কৰিলে ৰাইজে দিয়া কমেণ্ট চালেই সকলো গম পোৱা যাব বুলি তেওঁ কয় । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে আগতে ইণ্ডিয়া বুলি ক’লে পাকিস্তানে ভয় খাইছিল আৰু এতিয়া বিজেপিয়ে ভয় খাই । লগতে তেওঁ কংগ্ৰেছৰ এজনো বিজেপিলৈ নাযায় বুলি স্পষ্ট কৰি দিয়ে ।

লগতে পঢ়ক: Kamalakhya Dey Purkayastha: বিধানসভাত সৰৱ হোৱা বাবেই CM ভিজিলেন্সৰ তদন্ত; কমলাক্ষ দে’ পুৰকায়স্থ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.