ETV Bharat / state

পিতৃ-মাতৃ হল নাগালেণ্ডৰ চিকু আৰু অসমৰ পিংকি

পৃথিৱীৰ ভিতৰতে উত্তৰ পূৰ্বাঞ্চলৰ পাৰ্বত্য এলেকাত পোৱা দুষ্পাপ্য প্ৰজাতিৰ এই দেও ছাগলী সংৰক্ষণ আৰু বংশ বৃদ্ধিৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ দুখন চিৰিয়াখানাই গ্ৰহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ ৷ অসম ৰাজ্যিক চিৰিয়াখানাত থকা দুজনী মাইকী ছাগলীৰ সংগী চিকুক অনা হয় নাগালেণ্ডৰ জু'লজিকেল পার্কৰ পৰা ।

Himalayan serow birth at Assam State Zoo
পিতৃ-মাতৃ হল নাগালেণ্ডৰ চিকু আৰু অসমৰ পিংকি
author img

By

Published : Jan 21, 2020, 10:33 PM IST

গুৱাহাটী,21 জানুৱাৰীঃ পিতৃ-মাতৃ হ’ল নাগালেণ্ডৰ চিকু আৰু অসমৰ পিংকি ৷ অসম ৰাজ্যিক চিৰিয়াখানাত জন্ম পালে পিংকিৰ প্ৰথমটো পোৱালি ৷ ভাৰতবৰ্ষৰ চিৰিয়াখানাৰ ভিতৰত প্ৰথমটো সফল পদক্ষেপ অসম ৰাজ্যিক চিৰিয়াখানাত ৷ দুষ্পাপ্য প্ৰজাতিৰ দেও ছাগলী সংৰক্ষণ আৰু বংশবৃদ্ধিৰ আজি প্ৰথমটো পৰীক্ষা সফল হয় চিৰিয়াখনত ৷ পৃথিৱীৰ ভিতৰতে উত্তৰ-পূৰ্বাঞ্চলৰ পাৰ্বত্য এলেকাত পোৱা দুষ্পাপ্য প্ৰজাতিৰ এই দেও ছাগলী সংৰক্ষণ আৰু বংশ বৃদ্ধিৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ দুখন চিৰিয়াখানাই গ্ৰহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ ৷ অসম ৰাজ্যিক চিৰিয়াখানাত থকা দুজনী মাইকী ছাগলীৰ সংগী চিকুক অনা হয় নাগালেণ্ডৰ জু'লজিকেল পার্কৰ পৰা । অসম ৰাজ্যিক চিৰিয়াখানালৈ 2019 বৰ্ষৰ মাৰ্চ মাহত দুয়োখন চিৰিয়াখানাৰ সিদ্ধান্ত মৰ্মে লৈ অহা হৈছিল মতা দেও ছাগলীটো ৷

পিতৃ-মাতৃ হল নাগালেণ্ডৰ চিকু আৰু অসমৰ পিংকি

উল্লেখযোগ্য যে উত্তৰ-পূৰ্বাঞ্চলৰ কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ পাৰ্বত্য অঞ্চলত পোৱা যায় এনে দেও ছাগলী ৷ অৰণ্য ধ্বংস আৰু অবৈধ চিকাৰৰ বাবে দিনক দিনে লুপ্ত হৈ অহা এনে প্ৰজাতিৰ দেও ছাগলী আনুমানিক 500 শ মানহে বৰ্তমান উত্তৰ পূৰ্বাঞ্চলৰ এই দুয়োখন স্থানতে পোৱা যায় ৷ অসম ৰাজ্যিক চিৰিয়াখানাত এনে দুষ্পাপ্য জীৱ জন্তু সংৰক্ষণৰ বাবে প্ৰসিদ্ধ আৰু এনে সফল পদক্ষেপে এতিয়া দিনক দিনে লুপ্ত হবলৈ ধৰা এই দেওছাগলীৰ বংশ বৃদ্ধিৰ ক্ষেত্ৰত নতুন আশাৰ ৰেঙণি কঢ়িয়াই আনিছে ।

লগতে পঢ়ক-মৰাণত আদিবাসী বিদ্ৰোহী সংগঠন 'আনলা'ৰ দুই দুৰ্ধৰ্ষ সদস্য গ্ৰেপ্তাৰ

Intro:পিতৃ মাতৃ হল নাগালেণ্ডৰ চিকু আৰু অসমৰ পিংকি। অসম ৰাজ্যিক চিৰিয়াখানাত জন্ম পালে পিংকিৰ প্ৰথমটো পোৱালি।ভাৰতবৰ্ষৰ চিৰিয়াখানাৰ ভিতৰত প্ৰথমটো সফল পদক্ষেপ অসম ৰাজ্যিক চিৰিয়াখানাত। দুষ্পাপ্য প্ৰজাতিৰ দেও ছাগলী সংৰক্ষণ আৰু বংশবৃদ্ধিৰ প্ৰথমটো পৰীক্ষা সফল হয় 2020 বৰ্ষৰ 15 জানুৱাৰীত। Body:দিনক দিনে বিলুপ্তিৰ পথত আগবাঢ়িছে দেওছাগলী। পৃথিৱীৰ ভিতৰতে উত্তৰ পূৰ্বাঞ্চলৰ পাৰ্বত্য এলেকাত পোৱা দুষ্পাপ্য প্ৰজাতিৰ এই দেউছাগলী সংৰক্ষণ আৰু বংশ বৃদ্ধিৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ দুখন চিৰিয়াখানাৰ প্ৰশংসনীয় পদক্ষেপ। অসম ৰাজ্যিক চিৰিয়াখানাত থকা দুজনী মাইকী ছাগলীৰ সংগী চিকুক অনা হয় নাগালেণ্ডৰ জু'লজিকেল পার্ক পৰা । জু'লজিকেল পাৰ্কৰ পৰা হস্তানন্তৰ কৰাৰ 10 মাহৰ পিছতে চিকু আৰু পিংকি প্ৰথম বাৰৰ বাবে পিতৃ মাতৃ হয়। অসম ৰাজ্যিক চিৰিয়াখানাৰ বিভাগীয় বন অধিকাৰী তেজস্ব মাৰীস্বামী য়ে জানিবলৈ দিয়া অনুসৰি অসম ৰাজ্যিক চিৰিয়াখানালৈ 2019 বৰ্ষৰ মাৰ্চ মাহত দুয়োখন চিৰিয়াখানাৰ সিদ্ধান্ত মৰ্মে লৈ অহা হৈছিল মতা দেও ছাগলীটো।
Bite:- বন অধিকাৰী।
উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলৰ কাৰ্বিআংলং আৰু ডিমাহাছাও জিলাৰ পাৰ্বত্য অঞ্চলত পোৱা যায় এনে দেও ছাগলী। আনহাতে অৰণ্যৰ ধ্বংস যজ্ঞ আৰু অবৈধ চিকাৰৰ বাবে দিনক দিনে লুপ্ত হৈ আহিছে এনে প্ৰজাতিৰ দেও ছাগলী যাৰ ফলত আনুমানিক 500 শ মানহে দেওছাগলীপোৱা যাব বৰ্তমান উত্তৰ পূৰ্বাঞ্চলৰ এই দুয়ো খন স্থানত।
Conclusion: অসম ৰাজ্যিক চিৰিয়াখানাপূৰ্বৰে পৰা এনে দুষ্পাপ্য জীৱ জন্তু সংৰক্ষণৰ বাবে প্ৰসিদ্ধ আৰু এনে সফল পদক্ষেপেএতিয়া নতুন আশাৰ ৰেঙণি কঢ়িয়াই আনিছে দিনক দিনে লুপ্ত হবলৈ ধৰা এই দেওছাগলীৰ বংশ বৃদ্ধিৰ ক্ষেত্ৰত।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.