ETV Bharat / state

হাই মাদ্ৰাছাত উত্তীৰ্ণৰ হাৰ ৯৩.১৮ শতাংশ - SEBA result

হাইমাদ্ৰাছাত মুঠ ১২,২৭৫ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ১,৭৫৯ গৰাকীয়ে প্ৰথম বিভাগ, ৫,৫৮৬ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৪,০৯৩ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয় । ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৯৩.৫৮ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৯২.৯৩ শতাংশ ।

high madrassa result of Assam
হাই মাদ্ৰাছাত উত্তীৰ্ণৰ হাৰ
author img

By

Published : Jul 30, 2021, 5:17 PM IST

গুৱাহাটী, ৩০ জুলাই : ৰাজ্যৰ শৈক্ষিক ইতিহাসত প্ৰথমবাৰৰ বাবে পৰীক্ষা অবিহনে ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত (HSLC) আৰু হাই মাদ্ৰাছা (High Madrasa) পৰীক্ষাৰ ফলাফল । ক'ভিডকালীন পৰিস্থিতিৰ বাবে এইবাৰ অসম মাধ্যমিক শিক্ষা পৰিষদ (Board of Secondary Education) চমুকৈ ছেবাই (SEBA) মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিলে । নৱম আৰু দশম শ্ৰেণীৰ পূৰ্বৰ পৰীক্ষাৰ ফলাফলকে ধৰি আন কেতবোৰ দিশত মূল্যায়ণ কৰি এইবাৰ পৰীক্ষা অবিহনে শিক্ষাৰ্থীৰ শৈক্ষিক জীৱনৰ গুৰুত্বপূৰ্ণ মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ল ।

শুকুৰবাৰে পুৱা ১১ বজাত অনলাইনযোগে ঘোষণা কৰা হয় ফলাফল । কেইবাটাও ৱেবছাইটত (Website) উপলব্ধ কৰা হৈছে ফলাফল । ঘোষণা হোৱা ফলাফল অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হাৰ ৯৩.১০ শতাংশ । আনহাতে, হাইমাদ্ৰাছাত উত্তীৰ্ণৰ হাৰ ৯৩.১৮ শতাংশ ।

হাইমাদ্ৰাছাত মুঠ ১২,২৭৫ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ১,৭৫৯ গৰাকীয়ে প্ৰথম বিভাগ (First Division), ৫,৫৮৬ গৰাকীয়ে দ্বিতীয় বিভাগ (Second Division) আৰু ৪,০৯৩ গৰাকীয়ে তৃতীয় বিভাগত (Third Division) উত্তীৰ্ণ হয় ।

ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৯৩.৫৮ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৯২.৯৩ শতাংশ । হাইমাদ্ৰাছাৰ ফলাফলত ১০০ শতাংশৰে শীৰ্ষত আছে ওদালগুৰি জিলা । আনহাতে, ৯৯.৪২ শতাংশ উত্তীৰ্ণৰে দ্বিতীয়ত বাক্সা জিলা আৰু ৯৮.৮১ শতাংশ উত্তীৰ্ণৰে তৃতীয় স্থানত আছে চিৰাং জিলা । উল্লেখ্য যে, পৰীক্ষা অবিহনে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছাৰ ফলাফলত এইবাৰ উত্তীৰ্ণৰ হাৰে অভিলেখ সৃষ্টি কৰিলে ।

লগতে পঢ়ক :মেট্ৰিকৰ ফলাফল : স্থান প্ৰাপক নোহোৱাকৈ ত্ৰিশ সহস্ৰাধিকে পালে ষ্টাৰ-ডিষ্টিংছন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.