ETV Bharat / state

Braille Hemkosh World Record : বিশ্ব ৰেকৰ্ডৰ পৃষ্ঠাত সোমাল ব্ৰেইল হেমকোষ - গীনিজ বুকৰ স্বীকৃতি

'হেমকোষ' অভিধানৰ ব্ৰেইল সংস্কৰণে লাভ কৰিলে গীনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছৰ স্বীকৃতি ৷ হেমকোষৰ ব্ৰেইল সংস্কৰণটোক গীনিজ বুকে বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ দ্বিভাষিক ব্ৰেইল অভিধান হিচাপে স্বীকৃতি প্ৰদান কৰিলে (Braille Hemkosh World Record) । এই অভিধানখনেই হৈছে দক্ষিণ-পূব এছিয়াৰ প্ৰথমখন পূৰ্ণাংগ ব্ৰেইলী অভিধান । 'অসমীয়া প্ৰতিদিন'ৰ সম্পাদক তথা ‘সাদিন প্ৰতিদিন গোষ্ঠী’ৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাৰ প্ৰচেষ্টাত ‘হেমকোষ’ৰ এই ব্ৰেইল সংস্কৰণ প্ৰকাশ কৰি উলিওৱা হৈছিল ৷

Braille Hemkosh World Record
হেমকোষলৈ গীনিজ বুকৰ স্বীকৃতি
author img

By

Published : Apr 25, 2023, 12:48 PM IST

Updated : Apr 25, 2023, 2:10 PM IST

নিউজ ডেস্ক, ২৫ এপ্ৰিল : অসমীয়া সংস্কৃতিৰ পিচত এইবাৰ ভাষা । এইবাৰ অসমীয়া ভাষাই স্বীকৃতি লাভ কৰিলে জগত সভাত । কেৱল স্বীকৃতিয়েই নহয়, গৰাকী হ'ল বিশ্ব অভিলেখৰ । অসমীয়া নৱবৰ্ষৰ প্ৰথম মাহটোতে অসমীয়া ভাষা আৰু সংস্কৃতিয়ে ৰচনা কৰিলে বিশ্ব অভিলেখ । বিহুৰ পিচত এইবাৰ অসমীয়া ভাষাই সৃষ্টি কৰিলে গীনিজ ৱৰ্ল্ড ৰেকৰ্ড (Assam Bihu world records) । হেমকোষ অভিধানৰ জৰিয়তে আহিছে এই স্বীকৃতি । হেমকোষ অভিধানৰ ব্ৰেইল সংস্কৰণে লাভ কৰিছে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ স্বীকৃতি (Hemkosh Braille Guinness Book of World Records) ।

হেমকোষ ব্ৰেইল সংস্কৰণলৈ গীনিজ বুকৰ স্বীকৃতি
হেমকোষলৈ গীনিজ বুকৰ স্বীকৃতি

উল্লেখ্য যে, দৃষ্টিহীনসকলৰ বাবে এক নতুন আশাৰ বতৰা হৈছে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ অমৰ সৃষ্টি হেমকোষ অভিধানৰ এই ব্ৰেইল সংস্কৰণ । হেমকোষৰ এই ব্ৰেইল সংস্কৰণটোৱে লাভ কৰিছে গীনিজ বুকৰ বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ দ্বিভাষিক ব্ৰেইল অভিধানৰ স্বীকৃতি । সোমবাৰে গীনিজ বুক কৰ্তৃপক্ষৰ তৰফৰ পৰা সাদিন-প্ৰতিদিন গোষ্ঠীৰ সঞ্চালক ঋষি বৰুৱালৈ প্ৰদান কৰা এক পত্ৰত এই বিশ্ব স্বীকৃতিৰ কথা ঘোষণা কৰা হৈছে ।

পত্ৰখনত উল্লেখ কৰা হৈছে, "আপোনাক জনাবলৈ পাই ৰোমাঞ্চিত হৈছোঁ যে আপোনালোকৰ সৰ্ববৃহত ব্ৰেইল অভিধানে গীনিজ বিশ্ব অভিলেখৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে । এই অভিধানখনে গীনিজ বিশ্ব ৰেকৰ্ডছৰ প্ৰমাণ-পত্ৰ লাভ কৰাৰ বাবে যোগ্যতা অৰ্জন কৰিছে (Hemkosh Braille set Guinness world records)’’ ।

উল্লেখ্য যে, হোমকোষপ্ৰাণ প্ৰয়াত দেৱানন্দ বৰুৱাই হেমকোষৰ চতুৰ্থৰ পৰা চতুৰ্দশ সংস্কৰণলৈ সম্পাদনা কৰিছিল । তাৰ পৰৱৰ্তী সময়ত হেমকোষখন দৃষ্টিশক্তিহীনসকলৰ সুবিধাৰ্থে ব্ৰেইল পদ্ধতিত প্ৰকাশৰ চিন্তা-চৰ্চা কৰা হয় । তাৰ পিচত সমাজ কল্যাণ বিভাগৰ ব্ৰেইল ছপাশালৰ কৰ্মচাৰীৰ সহযোগত হেমকোষৰ ব্ৰেইল সংস্কৰণটোৱে ছপাৰ মুখ দেখে ।

বিগত বৰ্ষৰ ১৬ ছেপ্টেম্বৰত তদানীন্তন অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে অভিধানখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে (Prof Jagadish Mukhi unveiled Hemkosh Braille) । আনহাতে, পৰৱৰ্তী সময়ত সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাই হেমকোষৰ এই ব্ৰেইল সংস্কৰণটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ হাতত অৰ্পণ কৰে । হেমকোষৰ এই নৱতম সংস্কৰণটো লাভ কৰি প্ৰধানমন্ত্ৰীও অভিভূত হৈ পৰে । লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 'মন কী বাত' অনুষ্ঠানত এই অভিধানখনৰ কথা উল্লেখ কৰে (PM Modi appreciated Hamkosh Braille) ।

লগতে পঢ়ক : Keshab Mahanta Meeting with JICA : গুৱাহাটীত জাইকাৰ উচ্চস্তৰীয় প্ৰতিনিধি দলৰে স্বাস্থ্যমন্ত্ৰীৰ বৈঠক

Last Updated : Apr 25, 2023, 2:10 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.