ETV Bharat / state

Liquor sale in Guwahati : পূজাৰ তিনিদিনত গুৱাহাটীত 22.5 কোটি টকাৰ সুৰা বিক্ৰীৰ অভিলেখ

author img

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 3:16 PM IST

Updated : Oct 25, 2023, 5:18 PM IST

শাৰদীয় দুৰ্গোৎসৱত ৰাজধানী চহৰত সুৰা বিক্ৰীৰ অভিলেখ। অষ্টমী, নৱমী আৰু দশমীত মহানগৰীত ২২.৫ কোটি টকাৰ সুৰা বিক্ৰী। আবকাৰী বিভাগে প্ৰকাশ কৰিছে তথ্য।

Liquor sale in Guwahati
সুৰা বিক্ৰীৰ অভিলেখ

গুৱাহাটী, 25 অক্টোবৰ : উৎসৱ-পাৰ্বণৰ সময়ত ৰাজ্যত সুৰাৰ বিক্ৰীয়ে অভিলেখ সৃষ্টি কৰাটো নতুন কথা নহয় ৷ প্ৰত্যেক বছৰেই বিভিন্ন উৎসৱ-পাৰ্বনৰ সময়ত অসমত সুৰাৰ বিক্ৰীয়ে অভিলেখ সৃষ্টি কৰি আহিছে ৷ এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই ৷

মঙলবাৰে বিজয়া দশমীৰে শাৰদীয় দুৰ্গোৎসৱৰ সামৰণি পৰিল ৷ শাৰদীয় দুৰ্গোৎসৱৰ উখল-মাখল পৰিৱেশৰ মাজত গুৱাহাটী মহানগৰীত সুৰাপায়ী সকলে গঢ়িলে অভিলেখ ৷ দুৰ্গা পূজাৰ তিনিদিনত গুৱাহাটী মহানগৰীত বিক্ৰী হ'ল 22.5 কোটি টকাৰ সুৰা ৷ বিগত বৰ্ষত এই পৰিমাণ আছিল 16.80 কোটি টকা ৷ এইবছৰ সুৰাৰ বিক্ৰী প্ৰায় 6 কোটি টকালৈ বৃদ্ধি পালে ৷ লক্ষণীয় বিষয় যে এইবাৰ দশমীৰ দিনাও সুৰাৰ বিপণি খোলা আছিল ৷

ৰাজহ লাভৰ বাবে চৰকাৰে এইবাৰ দশমীত সুৰাৰ বিপণি বন্ধ ৰখাৰ পূৰ্বৰ নিৰ্দেশ বাহাল নাৰাখিলে ৷ সাধাৰণতে দশমীৰ দিনা সুৰাৰ বিপণি বন্ধ থাকে ৷ কিন্তু এইবাৰ দশমীতো সহজলভ্য কৰা হ'ল সুৰা ৷ যাৰ বাবে বিক্ৰীৰ পৰিমাণো যথেষ্ট বৃদ্ধি পালে আৰু চৰকাৰে ৰাজহো বেছিকৈ পালে ৷

আবকাৰী বিভাগৰ তথ্য মতে গুৱাহাটী মহানগৰীত অষ্টমী, নৱমী আৰু দশমীৰ দিনা অৰ্থাৎ তিনি দিনত 22.5 কোটি টকাৰ সুৰা বিক্ৰী হয় ৷ লক্ষণীয় বিষয় যে প্ৰত্যেক বছৰেই ৰাজধানী চহৰখনত সুৰা বিক্ৰী ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে ৷ অৱশ্যে এয়া ভাল নে বেয়া সেয়া ৰাইজেই বিচাৰ কৰিব ৷ কিন্তু এটা কথা ঠিক যে চৰকাৰখনে সুৰাৰ বিক্ৰী বৃদ্ধিত বিশেষ গুৰুত্ব দিছে ৷ যাতে ৰাজহৰ পৰিমাণ বৃদ্ধি পায় ৷ ইয়াৰ বাবে চৰকাৰে সুৰাৰ বিপণি বৃদ্ধিত বিশেষ গুৰুত্ব দিছে ৷ আনকি দশমীৰ দিনা থকা ড্ৰাই ডে' পৰ্যন্ত উঠাই দিছে ৷

উল্লেখ্য যে বিশ্বকৰ্মা পূজাৰ দিনাও অভিলেখ পৰিমাণৰ সুৰা বিক্ৰী হৈছিল গুৱাহাটী মহানগৰীত ৷ এইবাৰ বিশ্বকৰ্মা পূজাৰ দিনা গুৱাহাটী মহানগৰীত 8.40 কোটি টকাৰ সুৰা বিক্ৰী হৈছিল ৷ 2022 বৰ্ষত বিশ্বকৰ্মা পূজাৰ দিনা বিক্ৰী হৈছিল 6.20 কোটি টকাৰ সুৰা ৷ আনহাতে 2021 বৰ্ষত এই পৰিমাণ আছিল 3.70 কোটি টকা ৷ অৰ্থাৎ প্ৰত্যেক বছৰেই বিক্ৰীৰ হাৰ বৃদ্ধি হৈছে ৷ নৱবৰ্ষ, দুৰ্গা পূজা, কালী পূজা, বিশ্বকৰ্মা পূজা, ফাকুৱা, বিহু আদি বিভিন্ন উৎসৱ-পাৰ্বনত নতুন নতুন অভিলেখ গঢ়ি সুৰা বিক্ৰী ক্ৰমাৎ বৃদ্ধি পাই গৈ আছে ৷

আবকাৰী বিভাগৰ তথ্য মতে অসমত বৰ্তমান 1,684 খন বিলাতী সুৰাৰ দোকান থকাৰ উপৰিও 896 খন বাৰ আৰু 486 খন দেশীয় সুৰাৰ দোকান আছে ৷ চৰকাৰী তথ্য মতে চলিত 2023-24 বিত্তীয় বৰ্ষৰ প্ৰথম পাঁচটা মাহতে অসমত আবকাৰী ৰাজহ সংগ্ৰহ হৈছিল 1,718.75 কোটি টকা ৷ উল্লেখ্য যে অসমত দৈনিক গড়ে 10.86 কোটি টকাৰ আবকাৰী ৰাজহ সংগ্ৰহ হয় ৷ সুৰাৰ পৰাই বছৰি প্ৰায় চাৰি হাজাৰ কোটি টকাৰ ৰাজহ সংগ্ৰহ হয় ৷ এক কথাত ক'বলৈ গ'লে ৰাজকোষ টনকিয়াল কৰাৰ ক্ষেত্ৰত সুৰাপায়ী সকলৰো বিশেষ ভূমিকা আছে ৷

লগতে পঢ়ক : Opposition Unity Forum: আসন বুজাবুজিক লৈ বৃহস্পতিবাৰে গুৱাহাটীত বিৰোধী ঐক্য মঞ্চৰ গুৰুত্বপূৰ্ণ বৈঠক

Last Updated : Oct 25, 2023, 5:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.