ETV Bharat / state

এতিয়াও অন্ধকাৰত অনুষ্কা শইকীয়াৰ মৃত্যুৰ ৰহস্য, প্ৰেমিক ৰাহুল শইকীয়াক আটক

বৰ্তমানেও ফাদিল হোৱা নাই ধেমাজিৰ অনুষ্কা শইকীয়াৰ মৃত্যুৰ ৰহস্য । বৰ্তমান সময়লৈ স্পষ্ট হোৱা নাই এয়া হত্যা নে আত্মহত্যা । আৰক্ষীৰ সন্দেহ- আত্মহত্যা কৰিছিল অনুষ্কাই (Anushka Saikia Case) ।

author img

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 3:32 PM IST

Anushka Saikia update
ক্ৰমাৎ ৰহস্যঘন হৈ পৰিছে মহানগৰীৰ অনুষ্কা শইকীয়াৰ মৃত্যুৰ ঘটনা

গুৱাহাটী, 30 নৱেম্বৰ : ক্ৰমাৎ ৰহস্যঘন হৈ পৰিছে মহানগৰীৰ অনুষ্কা শইকীয়াৰ মৃত্যুৰ ঘটনা ৷ মহানগৰীৰ হেঙেৰাবাৰীত ধেমাজিৰ অনুষ্কা শইকীয়াৰ মৃত্যুৰ ঘটনাই অতিক্ৰম কৰিলে চাৰিটা দিন । চাৰিটা দিন অতিক্ৰম কৰাৰ পিচতো আজি পৰ্যন্ত আৰক্ষীয়ে ৰহস্য উদঘাটন কৰিব নোৱাৰিলে অনুষ্কা শইকীয়াৰ মৃত্যুৰ ঘটনাটো হত্যা নে আত্মহত্যা ৷

Anushka Saikia update
অনুষ্কা শইকীয়াৰ প্ৰেমিক ৰাহুল শইকীয়াক আটক

অনুষ্কাৰ পৰিয়ালৰ লোকে এই ঘটনাক হত্যাকাণ্ড বুলি অভিযোগ কৰিছে যদিও আৰক্ষীৰ প্ৰাথমিক তদন্তত অনুষ্কাই আত্মহত্যা কৰা বুলিয়ে সন্দেহ কৰা হৈছে । আৰক্ষীৰ সন্দেহ অনুসৰি, প্ৰেমিক ৰাহুল শইকীয়াৰ বাবে এনে চৰমপন্থা বাছি লৈছিল অনুষ্কা শইকীয়াই । কাৰণ মৃত্যুৰ পূৰ্বে অনুষ্কাই সামাজিক মাধ্যমত এটা পোষ্ট কৰিছিল । যাৰ দ্বাৰা আৰক্ষীয়ে সন্দেহ কৰিছিল যে মৃত্যুৰ পূৰ্বে নিশা প্ৰেমিকৰ সৈতে অনুষ্কাৰ মাজত হৈছিল কাজিয়া । যাৰ পৰিণতিতে অনুষ্কাই বাছি লৈছিল এই চৰমপন্থা ।

ইফালে অনুষ্কা শইকীয়াৰ মৃত্যুৰ পিচতেই অনুষ্কাৰ ইনষ্টাগ্ৰামৰ পৰা ডিলিট হৈছিল সকলো ফটো । এই সন্দেহৰ ভিত্তিতে অনুষ্কাৰ প্ৰেমিক ৰাহুক শইকীয়াক থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল আৰক্ষীয়ে । আৰক্ষীৰ নিৰ্দেশ অনুসৰি বুধবাৰে দিছপুৰ থানাত উপস্থিত হৈছিল ৰাহুল । বহু সময় ধৰি ৰাহুলক জেৰা চাইছিল আৰক্ষীয়ে । নিশা ৰাহুলক লগত লৈ আৰক্ষীয়ে চলাইছিল অভিযানো ।

আনহাতে, প্ৰাপ্ত তথ্য অনুসৰি ৰাহুলৰ সৈতে অনুষ্কাৰ কাজিয়া হৈছিল বুলি আৰক্ষীৰ সন্মুখত স্বীকাৰ কৰিছে ৰাহুলে । আৰক্ষীয়ে বৰ্তমানেও অব্যাহত ৰাখিছে ঘটনাৰ তদন্ত । আৰক্ষীৰ তদন্তৰ অন্তত ৰাহুলক গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে । ইফালে ৰাহুলৰ পূৰ্বে ঘটনা সন্দৰ্ভত এগৰাকী বনকৰা মহিলাক সোধপোছৰ বাবে আটক কৰিছিল আৰক্ষীয়ে ৷

লগতে পঢ়ক : অনুষ্কাৰ ৰহস্যজনক আত্মহননক লৈ চাঞ্চল্য; বনকৰা মহিলাক জেৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.