ETV Bharat / state

কাহিলীপাৰাত পথৰ ওপৰত বাগৰিল বিদ্যুতৰ খুটা - assam news

পথেৰে গৈ থকা বাহনৰ ওপৰত খুটাটো ভাঙি পৰাত বিদ্যুৎ প্ৰবাহিত তাৰ বহু কেইখন বাহনৰ ওপৰত পৰাত পথৰ ওপৰতে বাহন এৰি পলায়ন কৰে বাহন চালক

কাহিলীপাৰাত পথৰ ওপৰত বাগৰিল বিদ্যুতৰ খুটা
author img

By

Published : Jul 29, 2019, 5:41 PM IST

গুৱাহাটী, 29 জুলাইঃ কাহিলিপাৰাৰ দক্ষিণগাঁৱত সংঘটিত হয় এক ভয়াৱহ দুর্ঘটনা ৷ পথ নিৰ্মাণ কাৰ্য চলি থাকোতেই পথৰ ওপৰত হঠাৎ বাগৰি পৰে বিদ্যুতৰ খুটা ৷ কাহিলিপাৰাৰ সদা ব্যস্ত পথেৰে শতাধিক বাহন অহা-যোৱা কৰি থকা সময়তে বিদ্যুতৰ খুটা বাগৰি পৰাত হুৱাদুৱা লাগে স্থানীয় ৰাইজৰ মাজত ৷

কাহিলীপাৰাত পথৰ ওপৰত বাগৰিল বিদ্যুতৰ খুটা

গুৱাহাটী, 29 জুলাইঃ কাহিলিপাৰাৰ দক্ষিণগাঁৱত সংঘটিত হয় এক ভয়াৱহ দুর্ঘটনা ৷ পথ নিৰ্মাণ কাৰ্য চলি থাকোতেই পথৰ ওপৰত হঠাৎ বাগৰি পৰে বিদ্যুতৰ খুটা ৷ কাহিলিপাৰাৰ সদা ব্যস্ত পথেৰে শতাধিক বাহন অহা-যোৱা কৰি থকা সময়তে বিদ্যুতৰ খুটা বাগৰি পৰাত হুৱাদুৱা লাগে স্থানীয় ৰাইজৰ মাজত ৷

কাহিলীপাৰাত পথৰ ওপৰত বাগৰিল বিদ্যুতৰ খুটা
Intro:মহানগৰীত এক ভয়াবহ দুৰ্ঘটনাৰ পৰা কথামপী ৰক্ষা পৰিল বহু লোকৰ প্ৰাণ। বিদ্যুৎ বিভাগৰ ঠিকাদাৰৰ নিম্ন মানৰ কাম। পথৰ ওপৰত বাগৰি পৰিল বিদ্যুৎ খুটা।

Body:সোমাবাৰে মহানগৰীৰ কাহিলিপাৰাৰ দক্ষিণগাঁৱত সংঘটিত হয় এক ভয়াবহ দুর্ঘটনা। সৌভাগ্যক্ৰমে ৰক্ষা পৰিল বহু লোকৰ প্ৰাণ। দক্ষিণগাঁৱত পথ নিৰ্মান কাৰ্য চলি থাকোতে পথৰ ওপৰত হঠাৎ বাগৰি পৰে বিদ্যুৎ খুটা। কাহিলিপাৰাৰ এই ব্যস্ত পথেৰে দুৰিয়াৰ সময়ত শতাধিক বাহনৰ অহা-যোৱা কৰি থাকোতে বিদ্যুৎৰ খুটা বাগৰি পৰাত স্থানীয় ৰাইজৰ মাজত হুৱাদুৱা লাগে। বিদ্যুৎৰ খুটা বগৰী পৰাত বিদ্যুৎ প্ৰবাহিত তাৰ বহু কেইটা বাহনৰ ওপৰত পৰাত পথৰ ওপৰতে বাহন এৰি পলায়ন কৰে বাহন চলক সকলে। বহু সময় ধৰি বিদ্যুৎৰ খুটাৰ লগতে বিদ্যুৎ প্ৰবাহিত তাৰ পথৰ ওপৰত পৰি থকাত ৰাইজৰ মাজত এক আতংকৰ সৃষ্টি হয়। জানিবলৈ পৰা মতে ঠিকাদাৰে অতি নিম্ন মানৰ কাম কৰাৰ বাবে এইদৰে পথৰ ওপৰত বিদ্যুৎৰ খুটা বাগৰি পৰে। মাত্ৰ ২ ফুট গাত কৰিয়ে ঠিকাদাৰে বিদ্যুৎৰ খুটা পুতিছিল।

বাইট : স্থানীয় ৰাইজ

Conclusion:উল্লেখযোগ্য যে বিদ্যুৎ বিভাগৰ গফলটিৰ ফলত ইয়াৰ পূৰ্বেও বহু দুর্ঘটনা সংঘটিত হৈছে। বিদ্যুৎ বিভাগৰ নিম্ন মানৰ কামৰ ফলত এনে দৰে বিদ্যুৎ পৰিবাহী তাৰ পথৰ ওপৰত ছিঙি পৰাত কেইবাজনো লোকৰ মৃত্যু হৈছে।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.