ETV Bharat / state

গুৱাহাটীত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ ই আই বিৰ - আবকাৰী চোৰাংচোৱা সংস্থা

ভুৱা চালানৰ জৰিয়তে এই বৃহৎ পৰিমাণৰ বিলাতী সুৰাখিনি হিমালয়া ডিষ্টিলেৰী প্ৰাইভেট লিমিটেডৰ পৰা মৰিয়নিৰ বৰগোঁহাই এন্টাৰপ্ৰাইজ বণ্ডেড ৱেৰহাউচ নামৰ প্ৰতিষ্ঠানটোলৈকে নি থকা হৈছিল ।

guwahati-imfl-seized
গুৱাহাটীত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ ই আই বিৰ
author img

By

Published : Oct 15, 2020, 9:34 PM IST

গুৱাহাটী, ১৫ অক্টোবৰ : বুধবাৰে মাজনিশা আবকাৰী চোৰাংচোৱা সংস্থা (ই আই বি) ই অভিযান চলাই গুৱাহাটীৰ তেতেলীয়া অঞ্চলত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰে । অভিযানকাৰী দলটোৱে এই অবৈধ সৰবৰাহৰ লগত জড়িত দুজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে সুৰাখিনি কঢ়িয়াই অনা ট্ৰাকখনো জব্দ কৰে ।

ভুৱা চালানৰ জৰিয়তে এই বৃহৎ পৰিমাণৰ বিলাতী সুৰাখিনি হিমালয়া ডিষ্টিলেৰী প্ৰাইভেট লিমিটেডৰ পৰা মৰিয়নিৰ বৰগোঁহাই এন্টাৰপ্ৰাইজ বণ্ডেড ৱেৰহাউচ নামৰ প্ৰতিষ্ঠানটোলৈকে নি থকা হৈছিল । অভিযানকাৰী দলটোৱে গ্ৰেপ্তাৰ কৰা লোক দুজন হৈছে ৰবিবুল হক আৰু ৰঞ্জন দৈমাৰী । ধৃত লোক দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰু দুজন লোক ক্ৰমে দিগন্ত নেওগ আৰু দীনেশ ৰাভাৰ বিৰুদ্ধে অভিযান চলোৱা হয় যদিও দুয়োজনেই বৰ্তমান পলাতক । উল্লেখযোগ্য যে বহু বছৰ পূৰ্বেই ম্যাদ ওকলা চালানৰ জৰিয়তে এই বিলাতী সুৰাখিনি সৰবৰাহ কৰাৰ চেষ্টা চলোৱা হৈছিল ।

লগতে পঢ়ক: কৰ্কট ৰোগক পৰাস্ত কৰিবলৈ দৃঢ় সংকল্পবদ্ধ সঞ্জয় দত্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.