গুৱাহাটী, ১৯ জানুৱাৰী : বিগত প্ৰায় দুটা দশকৰো অধিক কাল জুৰি চলি থকা ছিণ্ডিকেটৰাজ বন্ধ কৰিবলৈ বৰ্তমানৰ চৰকাৰখনে হাতত লোৱা পদক্ষেপৰ অংশস্বৰূপে ইতিমধ্যে কয়লা ব্যৱসায়ৰ বাবে চৰকাৰে অনুজ্ঞাপত্ৰৰ ব্যৱস্থা কৰিছে । কিন্তু এতিয়াও বন্ধ হোৱা নাই কয়লাৰ অবৈধ সৰবৰাহ বা বাৰ্মিজ চুপাৰিৰ অবৈধ ব্যৱসায় ।
কয়লা আৰু চুপাৰিৰ অবৈধ ব্যৱসায় বাহাল থকাৰ ক্ষেত্ৰত দিছপুৰৰ ভূমিকাও ৰহস্যজনকৰূপে চিহ্নিত হৈছে । কিয়নো মুখ্যমন্ত্ৰীয়ে ইতিপূৰ্বে ঘোষণা কৰিছিল যে, ১১ অথবা ১২ জানুৱাৰীত কয়লা আৰু চুপাৰি সৰবৰাহৰ ক্ষেত্ৰত চৰকাৰে এক নতুন নিৰ্দেশনা জাৰি কৰিব (SOP for trade and transportation of coal)।
মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা সেই সময় উকলা এসপ্তাহ হ'ল । কিন্তু আজিও প্ৰকাশ কৰা নহ'ল কয়লা-চুপাৰিৰ SOP । বিশেষকৈ বৰাক উপত্যকাৰ তিনিখন জিলা ক্ৰমে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ উপায়ুক্তই নিজা নিজা জিলাত ১১ বা ১২ জানুৱাৰীত এই SOP প্ৰকাশ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে বিগত বিধানসভাৰ শীতকালীন অধিৱেশনত ঘোষণা কৰিছিল ।
অদ্যপি কোনোধৰণৰ SOP জাৰি নকৰাত অবৈধ বেপাৰীৰ বাবে এই সময়চোৱা হৈ পৰিছে অত্যন্ত লাভজনক । ৰমৰমীয়াকৈ চলিছে কয়লা আৰু চুপাৰিৰ ব্যৱসায় (Illegal coal smuggling in Assam)।
ৰাইজৰ চকুত ধূলি মাৰিবলৈ আৰক্ষীয়ে মাজে-সময়ে কয়লা বা চুপাৰি কঢ়িওৱা দুই-এখন ট্ৰাক জব্দ কৰিছে যদিও এতিয়াও SOP ৰ অভাৱত বৰাক উপত্যকাৰ পৰা হৈ আছে কয়লা আৰু চুপাৰিৰ অবৈধ সৰবৰাহ ।
লগতে পঢ়ক: Cattle smuggling in Assam : কমলপুৰত চোৰাংকৈ অনা গৰুভৰ্তি বাহন জব্দ