ETV Bharat / state

গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ কিহৰ প্ৰতিবাদ ? - গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষাৰ্থী

ষষ্ঠ ষান্মাসিকৰ পৰীক্ষা ৪ জুলাইৰ পৰা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ৷ যাৰ বিৰোধিতাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীয়ে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ বানপীড়িত শিক্ষাৰ্থীয়ে বিশ্ববিদ্যালয়ৰ চৌহদত সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

gu-students-protest-against-to-rescheduled-degree-6th-semester-exam
গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ কিহৰ প্ৰতিবাদ ?
author img

By

Published : Jun 30, 2022, 7:33 PM IST

গুৱাহাটী, 30 জুন : শনিবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ে এক নিৰ্দেশ জাৰি কৰি ষষ্ঠ ষান্মাসিকৰ সকলো পাঠ্যক্ৰমৰ পৰীক্ষা ৪ জুলাইৰ পৰা অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে(GU rescheduled degree 6th semester exam) । যাৰ বিৰোধিতাৰে বৃহস্পতিবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীসকলে সাব্যস্ত কৰে প্ৰতিবাদ(GU students protest) ৷ বৃহস্পতিবাৰে বানপীড়িত শিক্ষাৰ্থীয়ে বিশ্ববিদ্যালয়ৰ চৌহদত সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ কিহৰ প্ৰতিবাদ ?

ছয়গাঁও কলেজ, মঙলদৈ কলেজ আদি বিভিন্ন কলেজৰ বানপীড়িত একাংশ শিক্ষাৰ্থীয়ে সাব্যস্ত কৰে এই প্ৰতিবাদ । উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাই বিশ্ববিদ্যালয়ৰ জৰিয়তে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক বানপানীৰ বাবে স্নাতক ষষ্ঠ ষান্মাসিকৰ পৰীক্ষা পিছুৱাই দিয়াৰ দাবী উত্থাপন কৰে ।

ইফালে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকে এই সম্পৰ্কত পৰৱৰ্তী সময়ত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি সদৰী কৰে ৷ ইপিনে, বুধবাৰে গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাই বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, পঞ্জীয়ক, পৰীক্ষা নিয়ন্ত্ৰক, শ্ৰেণীসমূহৰ সচিব আৰু শৈক্ষিক পঞ্জীয়কৰ উপস্থিতিত বিশ্ববিদ্যালয়ৰ আগন্তুক ২০২২-২৩ বৰ্ষৰ স্নাতকোত্তৰ শাখাৰ নামভৰ্তিৰ বিভিন্ন দিশসমূহৰ লগতে বিশ্ববিদ্যালয়ৰ আন আন সমস্যা সমূহৰ ওপৰত আলোচনা কৰে ।

আলোচনাৰ অন্তত স্নাতকোত্তৰ শাখাৰ নতুন নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ আসন সংৰক্ষণৰ অনুপাত ৫০:৫০ৰ পৰা ৮০:২০ লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক স্নাতকোত্তৰ শাখাৰ প্ৰৱেশিকা পৰীক্ষাৰ তাৰিখ কিছুদিন পিছুৱাই দিয়াৰ বাবে দাবী উত্থাপন কৰে ।

লগতে পঢ়ক : নামনি অসমৰ বান পৰিস্থিতি অধিক ভয়াবহ হোৱাৰ আশংকা: আঙুলি উঠিছে ভূটানৰ ফালে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.