ETV Bharat / state

কৃষকৰ দুখ বুজিব কোনে : ঠাকুৰকুছিত দীৰ্ঘদিনে পৰিত্যক্ত 30 লাখটকীয়া পানীযোগান আঁচনি

author img

By

Published : Nov 10, 2021, 5:50 PM IST

আভিজাত্যৰে পৰিপূৰ্ণ মহানগৰীৰ সমীপত পৰিত্যক্ত হৈ ৰৈছে জলসিঞ্চন ব্যৱস্থা ৷ 30 লক্ষাধিক টকা ব্যয় কৰি স্থাপন কৰা পানী যোগান আঁচনি সম্প্ৰতি পৰিণত হৈছে প্ৰহসনত ৷ পানীৰ অভাৱত চন পৰিছে বহু হেক্টৰ ভূমি ৷

ঠাকুৰকুছিত দীৰ্ঘদিনে পৰিত্যক্ত 30 লাখটকীয়া পানীযোগান আঁচনি

গুৱাহাটী, 10 নৱেম্বৰ : অতীজৰে পৰা দেশৰ কৃষকসকলৰ অৱস্থা তেনেই শোচনীয় হোৱা সকলোৱে দেখি আহিছে ৷ বছৰৰ বাৰ মাহে শস্যৰ বাবে কৃষকসকলৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় যদিও তেওঁলোকৰ সমস্যা সমূহ সমাধান কৰাৰ ক্ষেত্ৰত আজিলৈকে কোনো এখন চৰকাৰেই সহায় নকৰিলে ৷ নিম্ন মানদণ্ডৰ শস্য, পানীৰ অভাৱ আদি এশ-এবুৰি সমস্যাই লগ নেৰে কৃষকসকলক ৷ প্ৰায় এবছৰ ধৰি দেশত অব্যাহত থকা কৃষকসকলৰ প্ৰতিবাদৰ কথা নকলোৱেই বা ৷

অসমতো কৃষি কাৰ্যত সুবিধা হোৱাৰ অৰ্থে ৰাজ্য চৰকাৰে মুকলি কৰিছিল কেইবাখনো বিলাসী আঁচনি ৷ কিন্তু সেই সমূহৰ ভিতৰত কেইখন আজিৰ তাৰিখত কাৰ্যক্ষম তাৰে হয়তো সঠিক হিচাপ নোলাব ৷

পানীৰ অভাৱত চন পৰিছে বহু হেক্টৰ ভূমি

ৰাজ্য চৰকাৰৰ অধীনষ্ঠ বিয়াগোম জলসিঞ্চন বিভাগে পানী যোগানৰ সুবিধাৰ্থে মহানগৰীৰ সমীপৰ চন্দ্ৰপুৰৰ ঠাকুৰকুছিত মুকলি কৰিছিল এক বিলাসী পানীযোগান আঁচনি ৷ প্ৰায় 30 লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা আঁচনিখন কাৰ্যকৰী কৰাৰ ফলত উপকৃত হোৱাৰ ধাৰণা কৰিছিল স্থানীয় কৃষকসকলে ৷ আঁচনিখন মুকলি হ’ল ঠিকেই, কিন্তু কামত নাহিল কৃষকসকলৰ ৷

চলিত বৰ্ষৰ ১৫ ফেব্ৰুৱাৰীত মুকলি কৰা হৈছিল সৌৰশক্তি চালিত পানী যোগান আঁচনিখন ৷ প্ৰায় ১০ হেক্টৰ কৃষি ভূমিত পানী যোগান ধৰাৰ উদ্দেশ্যে আঁচনিখন মুকলি কৰা বুলি সেই সময়ত সদৰী কৰিছিল বিভাগীয় অভিযন্তাই ৷ সেয়েহে অঞ্চলটোৰ কৃষকসকলে শালিধানৰ খেতিৰ বাবে প্ৰস্তুতি চলাই যদিও সময়ত লাভ নকৰিলে এটোপালো পানী ৷ ফলত পানীৰ অভাৱত বহু কৃষি ভূমি ছন পৰি থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ৷

স্থানীয় কৃষকসকলে অভিযোগ কৰা অনুসৰি, পথাৰত পানী যোগানৰ বাবে স্থাপন কৰা মেচিন চলালে প্ৰথম ১৫-২০ মিনিট সময় ঠিকে পানী ওলায় ৷ কিন্তু তাৰপিছত আৰু মেচিনেৰে পানী ওলোৱাটো বন্ধ হৈ পৰে ৷ সেয়ে কৃষকসকলে নিৰ্ভৰ কৰিবলগীয়া হয় বৰষুণৰ পানীৰ বাবে ৷

কৃষকসকলে বিভাগীয় কৰ্তৃপক্ষৰ লগতে প্ৰকল্পটো নিৰ্মাণৰ দায়িত্বত ন্যস্ত ঠিকাদাৰক কথাটো অৱগত কৰিছিল যদিও বিভাগীয় ঠিকাদাৰে অভিযন্তালৈ আৰু অভিযন্তাই ঠিকাদাৰলৈ দোষ জাপি দি সামৰে দায়িত্ব ৷ ফলত খেতিপথাৰত তীব্ৰ পানীৰ সমস্যাত ভূগিবলগীয়া হৈছে কৃষকসকলে ৷ তথাপিও এই আঁচনি কাৰ্যক্ষম কৰি তুলি কৃষকসকলে তেওঁলোকৰ সমস্যা দুৰ কৰিবলৈ আহ্বান জনাইছে বিভাগীয় কৰ্তৃপক্ষক ৷

লগতে চাওক: মৃত্যুৰ ওচৰত হাৰ মানিলে ৰাজকন্যাই খুন্দিয়াই ঘূণীয়া কৰা যোছেফ মাৰাকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.