ETV Bharat / state

Education Sector of Assam : শিক্ষা খণ্ডৰ উন্নয়নৰ বাবে 2,798.63 কোটি টকা ব্যয় কৰিব অসম চৰকাৰে

author img

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 4:39 PM IST

ৰাজ্যখনত শিক্ষা খণ্ডৰ উন্নতিৰ বাবে বৃহৎ পৰিমাণৰ ধন‌ ব্যয় কৰা হ’ব ৷ অসম চৰকাৰে নাবাৰ্ড আন্তঃগাঁথনি উন্নয়ন সাহাৰ্যৰ অধীনত মুঠ 2,798.63 কোটি টকা ব্যয়েৰে অভিযান্ত্ৰিক মহাবিদ্যালয় ,‌নতুন বিদ্যালয় আৰু বিশ্ববিদ্যালয় নিৰ্মাণকে ধৰি কেইবাটাও আন্তঃগাঁথনিমূলক প্ৰকল্প হাতত লৈছে ৷

Govt of Assam
শিক্ষা খণ্ডৰ উন্নতিৰ বাবে বৃহৎ পৰিমাণৰ ধন‌ ব্যয় কৰা হ’ব

গুৱাহাটী, 6 নৱেম্বৰ : লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটাৰ‌ পিছত আন এটা আঁচনি গ্ৰহণৰ কথা ঘোষণা ‌কৰি‌ আহিছে | সোমবাৰে‌ এক্স (টুইটাৰ) যোগে ৰাজ্যখনত শিক্ষা খণ্ডৰ উন্নতিৰ বাবে বৃহৎ পৰিমাণৰ ধন‌ ব্যয় কৰা হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে ৷

  • With a thrust on improving the education sector in the State, Govt of Assam is undertaking several infrastructural initiatives such as building new schools and Universities.

    HCM Dr @himantabiswa reviewed the progress in a meeting recently. pic.twitter.com/lMsKxBdyxW

    — Chief Minister Assam (@CMOfficeAssam) November 6, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়‌ যে ৰাজ্যখনত শিক্ষা খণ্ডৰ উন্নতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি, অসম চৰকাৰে নাবাৰ্ড আন্তঃগাঁথনি উন্নয়ন সাহাৰ্য (এন আই ডি এ) ৰ অধীনত মুঠ 2,798.63 কোটি টকা ব্যয়েৰে অভিযান্ত্ৰিক মহাবিদ্যালয় ,‌নতুন বিদ্যালয় আৰু বিশ্ববিদ্যালয় নিৰ্মাণকে ধৰি কেইবাটাও আন্তঃগাঁথনিমূলক প্ৰকল্প হাতত লৈছে ৷ শেহতীয়াকৈ অনুষ্ঠিত এখন বৈঠকত সকলোবোৰ প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিছে ‌বুলি তেওঁ সদৰী কৰে ৷

"ৰাজ্যখনত শিক্ষা খণ্ডৰ উন্নতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি, অসম চৰকাৰে নতুন বিদ্যালয় আৰু বিশ্ববিদ্যালয় নিৰ্মাণৰ দৰে কেইবাটাও আন্তঃগাঁথনিমূলক পদক্ষেপ গ্ৰহণ কৰিছে ৷" মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ এক্সত অৰ্থাৎ টুইটাৰত এই কথা সদৰী কৰে তেওঁ ৷ অসম চৰকাৰে এন আই ডি এৰ অধীনত তিনিখন অভিযান্ত্ৰিক মহাবিদ্যালয়, ন খন মডেল মহাবিদ্যালয়, ছয়খন বিশ্ববিদ্যালয় আৰু 2,500 অত্যাধুনিক প্ৰাথমিক বিদ্যালয়ৰ আন্তঃগাঁথনিৰ উন্নয়ন সাধন কৰিব‌ বুলি তেওঁ লগতে কয় ৷

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে অসম চৰকাৰে নাবাৰ্ডৰ সৈতে কেইবাখনো বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰিছিল ৷ এই চুক্তিৰ আধাৰত নাবাৰ্ড আন্তঃগাঁথনি উন্নয়ন সাহাৰ্যৰ অধীনত অসম চৰকাৰে অসমৰ শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে বিভিন্ন পৰিকল্পনা গ্ৰহণ কৰিছিল ৷ এই পৰিকল্পনাৰ ভিত্তিত অসম চৰকাৰে শিক্ষা খণ্ডৰ উন্নয়নৰ বাবে এই পদক্ষেপ গ্ৰহণ ‌কৰিছে।

লগতে পঢ়ক : Health Insurance to Govt employees: চৰকাৰী দৰমহা লাভ কৰা কৰ্মচাৰীয়ে পাব সীমাহীন স্বাস্থ্য বীমা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.