ETV Bharat / state

minimum support price of paddy:নিৰ্ধাৰিত লক্ষ্যৰ ১০ লাখ মেট্ৰিক টন ধান ক্ৰয়ত পুনৰ ব্যৰ্থ চৰকাৰ - Food and Civil Supplies Corporation

কৃষকৰ পৰা ন্যূনতম সমর্থন মূল্যত ধান ক্ৰয়ৰ সময়সীমা ৩০ জুনত অন্ত পৰিল । এইবাৰো ১০ লাখ মেট্রিক টন ধান ক্ৰয়ৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হ'ব নোৱাৰিলে ৰাজ্য চৰকাৰ । ধান ক্ৰয়ৰ দায়িত্বত থকা প্রতিষ্ঠানকেইটাই কৃষকৰ পৰা নিৰ্ধাৰিত পৰিমাণৰ ধান ক্রয় কৰিব নোৱাৰিলে । চৰকাৰে দিয়া প্ৰতিশ্ৰুতি ৰক্ষ্যত পুনৰবাৰ ব্যৰ্থ হ'ল ।

minimum support price of paddy
অসম কৃষি সামগ্রী বিপণন পৰিষদ
author img

By

Published : Jul 4, 2023, 6:09 PM IST

গুৱাহাটী, ৪ জুলাই: এইবাৰো লক্ষ্যত উপনীত হ'ব নোৱাৰিলে ৰাজ্য চৰকাৰ । কৃষকৰ পৰা ১০ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ বাবে অসম চৰকাৰে লক্ষ্য নিৰ্ধাৰণ কৰিছিল । কিন্তু কৃষকৰ পৰা ন্যূনতম সমর্থন মূল্যত ধান ক্ৰয়ৰ সময়সীমা ৩০ জুনত অন্ত পৰিল যদিও এইবাৰো চৰকাৰে ১০ লাখ মেট্রিক টন ধান ক্ৰয়ৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হ'ব নোৱাৰিলে । কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ অধীনস্থ প্রতিষ্ঠানসমূহক চৰকাৰে লক্ষ্য বান্ধি দিছিল যদিও ধান ক্ৰয় কৰাৰ দায়িত্বত থকা প্রতিষ্ঠানকেইটাই কৃষকৰ পৰা নিৰ্ধাৰিত পৰিমাণৰ ধান ক্রয় কৰিব নোৱাৰিলে । ফলত চৰকাৰে দিয়া প্ৰতিশ্ৰুতি ৰক্ষাত পুনৰবাৰ ব্যৰ্থ হ'ল ।

minimum support price of paddy
অসম কৃষি সামগ্রী বিপণন পৰিষদ

ৰাজ্য় চৰকাৰৰ অধীনস্থ প্রতিষ্ঠান খাদ্য আৰু অসামৰিক যোগান নিগমে ধান ক্ৰয়ৰ নিৰ্দিষ্ট পৰিমাণত উপনীত হ'ব নোৱাৰিলে যদিও প্রতিষ্ঠানটোৰ ধান ক্ৰয়ৰ পৰিমাণ আশাব্যঞ্জক আছিল । অসম কৃষি সামগ্রী বিপণন পৰিষদেহে দায়িত্ব পোৱা অনুসৰি কৃষকৰ পৰা ধান ক্রয় কৰিবলৈ সক্ষম হয় । ইয়াৰ বিপৰীতে ভাৰতীয় খাদ্য নিগমকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ আন প্রতিষ্ঠানকেইটাই অসমৰ কৃষকৰ পৰা ধান ক্রয়ত সম্পূৰ্ণ অনীহা দেখুওৱাৰ কথা স্পষ্ট হৈ পৰিল ।

উল্লেখ্য যে ৰাজ্য চৰকাৰে মুঠ ছটা প্রতিষ্ঠানক অসমৰ কৃষকে উৎপাদন কৰা প্ৰথম খেতিৰ প্ৰায় ১০ লাখ মেট্রিক টন ধান ক্ৰয়ৰ লক্ষ্য বান্ধি দিছিল । কিন্তু ৩০ জুনত ধান ক্ৰয়ৰ সময়সীমা শেষ হ'ল যদিও ৫,৯২,৮৪৬ মেট্রিক টন ধানহে প্ৰতিষ্ঠান কেইটাইক্ৰয় কৰিবলৈ সক্ষম হৈছে। অর্থাৎ নিৰ্ধাৰিত লক্ষ্যৰ তিনি লাখ মেট্রিক টন ধান ক্ৰয় কৰাত ব্যৰ্থ হ'ল । অৱশ্যে বিগত বৰ্ষতকৈ এইবাৰ ন্যূনতম সমৰ্থিত দামত ধান ক্ৰয়ৰ পৰিমাণ বৃদ্ধি হৈছে । খাদ্য আৰু অসামৰিক বিভাগৰ তথ্য মতে, ৰাজ্যৰ বিভিন্ন স্থানত স্থাপন কৰা মুঠ ২০৪টা কেন্দ্ৰত প্রতিষ্ঠানসমূহে ৬১,১১৫ গৰাকী কৃষকৰ পৰা কুইণ্টলে প্রতি ১৯৪০ টকা দৰত ধান ক্রয় কৰিছিল ।

আন আন বছৰৰ দৰে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বৃহৎ প্রতিষ্ঠান ভাৰতীয় খাদ্য নিগমে অসমৰ কৃষকৰ পৰা ন্যূনতম সমর্থিত দামত ধান ক্ৰয় কৰাৰ ক্ষেত্ৰত চৰম অবহেলা কৰে । ৰাজ্য চৰকাৰে এফ চি আইক কৃষকৰ পৰা মুঠ ৪.০৪ লাখ মেট্রিক টন ধান ক্ৰয় কৰিবলৈ দায়িত্ব দিছিল যদিও প্রতিষ্ঠানটোৱে মাত্র ১.৯৪ লাখ মেট্রিক টন ধানহে ন্যূনতম সমর্থন মূল্যত ক্রয় কৰে । ইফালে, অসম চৰকাৰৰ অধীনস্থ খাদ্য আৰু যোগান নিগমক ৪,১৭,৫০০ মেট্রিক টন ধান ক্ৰয়ৰ দায়িত্ব দিয়া হৈছিল । ইয়াৰ বিপৰীতে প্ৰতিষ্ঠানটোৱে ৩,৪৪,১৬১ মেট্রিক টন ধান ক্রয় কৰে । কৃষি সামগ্রী বিপণন পৰিষদক বান্ধি দিয়া লক্ষ্যত প্রতিষ্ঠানটো উপনীত হয় । ইয়াৰ বিপৰীতে এফ চি আইৰ দৰে কেন্দ্ৰীয় চৰকাৰৰ আন প্রতিষ্ঠান ক্ৰমে নাক'ফ, নাফেড আৰু এন চি চি এফেও ন্যূনতম সমৰ্থিত দামত নিৰ্ধাৰণ কৰা অনুসৰি অসমৰ কৃষকৰ পৰা ধান ক্রয় নকৰিলে ।

অসমৰ কৃষকৰ পৰা ধান ক্ৰয়ৰ (প্রথম খেতি) নিৰ্ধাৰিত সময় অন্ত পৰাৰ পাছত দ্বিতীয় খেতি (খাৰিফ) ক্রয় কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ । খাৰিফ বতৰত কৃষকে উৎপাদন কৰা ধান ক্ৰয়ৰ বাবে ৰাজ্য চৰকাৰে লক্ষ্য গ্ৰহণ কৰিছে । ধানৰ দ্বিতীয় খেতি (খাৰিফ) কৃষকৰ পৰা ন্যূনতম সমৰ্থিত দামত ১,৩৪,৫০০ মেট্রিক টন ক্ৰয় কৰিবলৈ লক্ষ্য লৈছে । অৱশে এইবাৰ ছটাৰ পৰিৱৰ্তে চাৰিটা প্রতিষ্ঠানকহে ধান ক্ৰয়ৰ দায়িত্ব দিয়া হৈছে । এইবাৰ এন চি চি এফ আৰু নাক'ফক ধান ক্ৰয়ৰ দায়িত্ব দিয়া হোৱা নাই । লক্ষণীয় বিষয় যে ইয়াৰ পূৰ্বেও কোনো এবাৰো ধান ক্ৰয়ৰ ক্ষেত্রত ৰাজ্য চৰকাৰে নিৰ্ধাৰিত লক্ষ্যত উপনীত হ'ব পৰা নাই ।

লগতে পঢ়ক:জঘন্য! মুকবধিৰ মাতৃ আৰু কন্যাক ধৰ্ষণ কৰি যৌনাংগত ঢালিলে জলকীয়াৰ গুড়ি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.