ETV Bharat / state

মাটি দাদালি কৰি গ্ৰেপ্তাৰ হ’ল মণ্ডল গুলজাৰ

author img

By

Published : Sep 27, 2021, 10:44 PM IST

শদিয়াৰ পৰা ধুবুৰীলৈ অবৈধ মাটিৰ দালালৰ বিৰুদ্ধে অভিযান চলাইছে আৰক্ষীয়ে ৷ এই সময়তে, শোণিতপুৰ জিলাৰ ঠেলামৰা চক্ৰ বিষয়া কাৰ্যালয়ৰ এজনক মণ্ডলক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷

government employee arrested for illegal land trading
মাটিৰ দালালি কৰি মণ্ডলে লগালে কন্দল !

গুৱাহাটী , ২৭ ছেপ্টেম্বৰ : ৰাজ্যত সৰ্বত্ৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে দালাল ৰাজ বন্ধ কৰাৰ বাবে উঠি পৰি লাগিছে প্ৰশাসন ৷ শদিয়াৰ পৰা ধুবুৰীলৈ অবৈধ মাটিৰ দালালৰ বিৰুদ্ধে অভিযান চলাইছে আৰক্ষীয়ে ৷ এই সময়তে, শোণিতপুৰ জিলাৰ ঠেলামৰা চক্ৰ বিষয়া কাৰ্যালয়ৰ মণ্ডল গুলজাৰ হুছেইনক সোমবাৰে গুৱাহাটী ভঙাগড় অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ৷

জানিব পৰা মতে, মাটিৰ দালালৰ পৰা ধন দাবী কৰি গ্ৰেপ্তাৰ হ’ল গুলজাৰ ৷ ঠেলামৰাৰ চক্ৰ বিষয়া বৰেন্য ৰঞ্জন বৰঠাকুৰৰ নিৰ্দেশত গুলজাৰে এই ধন দাবী কৰা বুলি স্বীকাৰ কৰিছে গ্ৰেপ্তাৰ হোৱা গুলজাৰে ৷ আগধন হিচাপে মাটিৰ দালালৰ সৈতে ৪ লাখৰ চুক্তি মতে ৫০ হাজাৰ টকা দিবলৈ যাওতে তেওঁক হাতে-লোটে অপৰাধ দুৰ্নীতি শাখাই গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে ৷ চক্ৰ বিষয়াজনৰ নিৰ্দেশত মণ্ডলজনে এই দাবী কৰিছিল বুলি স্বীকাৰ কৰিছে গুলজাৰে ৷

লগতে পঢ়ক : চৰাইদেউত পিষ্টলসহ নগা যুৱক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.