ETV Bharat / state

বাণিজ্যিক অনুজ্ঞাপত্ৰ বিহীন বিপণীৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমৰ অভিযান অব্যাহত

author img

By

Published : Jan 19, 2022, 10:52 PM IST

নিয়ম উলংঘা কৰা বিপণীৰ বিৰুদ্ধে GMC ৰ অভিযান অব্যাহত ৷ অবৈধভাৱে ব্যৱসায় চলাই থকা আৰু অস্বাস্থ্যকৰ পৰিৱেশত নিয়ম উলংঘা কৰি মহানগৰীত গ্ৰাহকক খোৱা সামগ্ৰী বিক্ৰী কৰি থকা ব্যৱসায়ীৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমৰ অভিযান (GMC's operation against illegal shops) ৷ বুধবাৰে সমান্তৰালকৈ বাণিজ্যিক অনুজ্ঞাপত্ৰ বিহীন বিপণীৰ বিৰুদ্ধে অভিযান চলাই গুৱাহাটী পৌৰ নিগমে (GMC continues its operation against commercially unlicensed outlets) ৷

GMC continues its operation against commercially unlicensed outlets
গুৱাহাটী পৌৰ নিগমৰ অভিযান অব্যাহত

গুৱাহাটী, 19 জানুৱাৰী : গুৱাহাটী পৌৰ নিগমৰ ট্ৰেড লাইচেঞ্চ নোহোৱাকৈ অবৈধভাৱে ব্যৱসায় চলাই থকা আৰু অস্বাস্থ্যকৰ পৰিৱেশত নিয়ম উলংঘা কৰি মহানগৰীত (GMC's operation against illegal shops) গ্ৰাহকক খোৱা সামগ্ৰী বিক্ৰী কৰি থকা ব্যৱসায়ীৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমে অভিযান অব্যাহত (GMC continues its operation against commercially unlicensed outlets) ৰাখিছে । মঙলবাৰে উজান বজাৰ অঞ্চলত অভিযান চলোৱাৰ পিছত পুনৰ গুৱাহাটী পৌৰ নিগমে বুধবাৰে লখৰাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত অভিযান চলায় ।

গুৱাহাটী পৌৰ নিগমৰ অভিযানকাৰী দলে ফাষ্টফুড, হোটেল, চাহৰ দোকান, মিঠাইৰ কাৰখানা আৰু গুদামকে ধৰি পাঁচখন ব্যৱসায়িক প্ৰতিষ্ঠানত অভিযান চলায় । পৌৰ নিগমৰ অভিযানকাৰী দলে আটাইকেইখন ব্যৱসায়িক প্ৰতিষ্ঠানে গুৱাহাটী পৌৰ নিগমৰ ট্ৰেড লাইচেঞ্চ নোহোৱাকৈ অবৈধভাৱে ব্যৱসায় চলাই থকাটো ধৰা পেলায় ।

গুৱাহাটী পৌৰ নিগমৰ ট্ৰেড লাইচেঞ্চ নোহোৱাকৈ অবৈধভাৱে ব্যৱসায় চলাই থকা ব্যৱসায়ী প্ৰতিষ্ঠান কেইখন হৈছে ক্ৰমে চুইট কাৰখানা অৱ কলিতা কেবিন, পণ্ডিত হোটেল, আগৰৱালা ত্ৰিপাল হাউচ, মংগল টি ষ্টল, অ’ল্ড ৰাইন’ ট্ৰেন্সপ’ৰ্টেচন চাৰ্ভিচৰ গুদাম । গুৱাহাটী পৌৰ নিগমৰ অভিযানকাৰী দলে নিগমৰ অধীনৰ ট্ৰেড লাইচেঞ্চ নোহোৱাকৈ অবৈধভাৱে ব্যৱসায় চলাই থকা ব্যৱসায়িক প্ৰতিষ্ঠানকেইখনৰ পৰা ৬,৫০০ টকাৰ জৰিমনা আদায় কৰে ৷ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানকেইখনৰ বিৰুদ্ধে পৌৰ নিগমে কাৰণ দৰ্শোৱাৰ জাননী দিয়ে ।

নিয়ম উলংঘা কৰা বিপণীৰ বিৰুদ্ধে GMC ৰ অভিযান

উল্লেখ্য যে, চুইট কাৰখানা অৱ কলিতা কেবিনৰ মিঠাইৰ কাৰখানাৰ ভিতৰতে পায়খানা আৰু বাথৰুম মুকলি অৱস্থাত থকা পৌৰ নিগমৰ অভিযানকাৰী দলে প্ৰত্যক্ষ কৰি মিঠাই কাৰখানাত অস্বাস্থ্যকৰ পৰিৱেশত প্ৰস্তুত কৰি থকা মিঠাইবোৰ নষ্ট কৰাৰ লগতে কাৰখানাৰ সামগ্ৰীবোৰ জব্দ কৰে ।

লগতে চাওক: উজানবজাৰত গুৱাহাটী পৌৰ নিগমৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.