গুৱাহাটী, 22 ডিচেম্বৰ : অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম কৃষি পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সভাখন (General meeting of assam krishi Parishad) মঙলবাৰে গুৱাহাটীৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় ৷
দলৰ অন্যতম সাধাৰণ সম্পাদক তথা অসম কৃষি পৰিষদৰ তত্বাৱধায়ক ডাঃ কমলাকান্ত কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত অংশগ্ৰহণ কৰি দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই আগন্তুক সময়চোৱাত অসম কৃষি পৰিষদে অসমৰ কৃষকৰ সুবিধা আৰু সহায়ক হোৱাকৈ দলীয় সাংগঠনিক কাম-কাজ আগবঢ়াই নিয়াৰ বাবে আহ্বান জনায় ৷
চৰকাৰে অসমৰ কৃষক ৰাইজৰ উন্নয়ন আৰু উন্নতিৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহৰ ওপৰত বক্তব্য প্ৰদান কৰি কৃষক সমাজক ইয়াৰ সুফলসমূহ লাভ কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই অতুল বৰাই ৷ কৃষি পৰিষদকো চৰকাৰী আঁচনিসমূহৰ বিষয়ে গ্ৰামাঞ্চলত সজাগতামূলক সভা আৰু ইয়াৰ উপকাৰিতাসমূহৰ ওপৰত গঠনমূলক ভূমিকা লোৱাৰ বাবে আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ৷
সভাত দলৰ সাধাৰণ সম্পাদক সত্যব্ৰত কলিতাই কৃষি পৰিষদক আগন্তুক সময়চোৱাত সক্ৰিয়তাৰে কাম-কাজ আগবঢ়াই নিবলৈ আহ্বান জনায় ৷ সভাত অংশগ্ৰহণ কৰি আন এগৰাকী সাধাৰণ সম্পাদক মনোজ শইকীয়াই অসমৰ কৃষক ৰাইজৰ সুবিধাৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহৰ সুফল প্ৰকৃত খেতিয়ক ৰাইজে লাভ কৰা উচিত বুলি মতপোষণ কৰি কৃষি উৎপাদনৰ জৰিয়তে ৰাজ্যখনক স্বাৱলম্বী কৰাত গুৰুত্ব আৰোপ কৰে ৷
আগন্তুক সময়চোৱাত যাতে কৃষকৰ আঁচনিসমূহৰ সুফল প্ৰকৃত কৃষকেহে লাভ কৰে, তাৰ বাবে কৃষি পৰিষদক সক্ৰিয়তাৰে চকু ৰখাৰ বাবে আহ্বান জনায় ৷ সভাৰ অন্তত পৰেশ চন্দ্ৰ বৈশ্যক সভাপতি, পূৰ্ণ গন্ধীয়া আৰু খুদেশ্বৰ পেগুক কাৰ্যকৰী সভাপতি, আনন্দ শইকীয়া আৰু জেহেৰুল হকক সাধাৰণ সম্পাদক দায়িত্ব প্ৰদানেৰে এখন পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয় ৷
নৱ-নিৰ্বাচিত সভাপতি পৰেশ চন্দ্ৰ বৈশ্যই সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰি চৰকাৰৰ ওচৰত কৃষকৰ উৎপাদিত ফচল নিম্নতম সহায়ক মূল্যত লাভ কৰি ক্ৰয় কৰা বাধ্যতামূলক কৰাৰ লগতে জিলা ভিত্তিত কৃষক পৰিষদ, চৰকাৰী বিভাগীয় বিষয়-ববীয়াৰ লগত যৌথভাৱে সমন্বয় সমিতি গঠন কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷ সভাৰ সভাপতি ডাঃ কমলাকান্ত কলিতাই আগন্তুক সময়চোৱাত কৃষি পৰিষদক অধিক শক্তিশালী আৰু গতিশীল কৰাৰ স্বাৰ্থত সমূহীয়াভাৱে দলীয় কাম-কাজ আগবঢ়াই নিয়াৰ বাবে আহ্বান জনায় ৷
মঙলবাৰে সভাত অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাৰ উপস্থিতিত শতাধিক কৃষকে অসম গণ পৰিষদত আনুষ্ঠানিকভাৱে যোগদান কৰে । অসমত ক’লা চাউল উৎপাদনৰ বাটকটীয়া উপেন ৰাভাৰ লগতে অসমৰ বিভিন্ন ঠাইৰ কৃষি উৎপাদনৰ লগত জড়িত অনুষ্ঠান ক্ৰমে বৰাজোল-নোনাপাৰ ফিছফেড প্ৰডিউচাৰ কোঃ অপাৰেটিভ ছ’চাইটি, নলবাৰী, কলং-কপিলী কোঃ অপাৰেটিভ ছ’চাইটি কামৰূপ, উষাৰাণী নাথ, কৃষি বিশেষজ্ঞ অমৰজিৎ লহকৰক সভাত সম্বৰ্ধনা জনোৱা হয় ।
সভাত অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক হিৰণ্য কুমাৰ কোঁৱৰ, সম্পাদক জাভেদ ইছলাম, সম্পাদক তথ্য প্ৰচাৰ ড৹ তপন দাস, কেন্দ্ৰীয় সদস্য দিলীপ দাস প্ৰমুখ্যকে আদি কৰি দলীয় বিষয়ববীয়া আৰু সদস্যসকল উপস্থিত আছিল ৷
লগতে পঢ়ক: Akhil Gogoi Opposes Assam Govt : হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ অসমৰ ইতিহাসৰ সবাটোকৈ ঋণগ্ৰস্ত চৰকাৰ !