ETV Bharat / state

Gauhati HC approves Assam Government’s decision : ৰাজ্যজুৰি প্ৰতিক্ৰিয়া - সাহিত্য সমালোচক বিপুল শৰ্মা

অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষা বিষয়ক যোগ্যতামূলক প্ৰশ্নকাকত আঁতৰোৱা(Assamese paper remove from APSC)ৰ বাবে ৰাজ্যিক কেবিনেটে বঙাইগাঁও কেবিনেটত সিদ্ধান্ত লৈছিল ৷ শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়েও চৰকাৰৰ এই সিদ্ধান্তত অনুমোদন(Gauhati HC approves Assam Government’s decision) জনায় ৷ ইয়াৰ পাছতে ৰাজ্যৰ সচেতন মহলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

Gauhati HC approves Assam Government’s decision
ৰাজ্যজুৰি প্ৰতিক্ৰিয়া
author img

By

Published : Dec 11, 2021, 9:48 PM IST

গুৱাহাটী, ১১ ডিচেম্বৰ : অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা ভাষা বিষয়ক যোগ্যতামূলক প্ৰশ্নকাকত আঁতৰোৱা(Assamese paper remove from APSC)ৰ পিছতেই এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । গুৱাহাটী উচ্চ ন্যায়ালয়ে আয়োগৰ পৰীক্ষাৰ পৰা ৩০০ নম্বৰৰ বাধ্যতামূলক ভাষা বিষয়ক প্ৰশ্নকাকতখনি আঁতৰোৱাৰ বাবে গ্ৰহণ কৰা চৰকাৰী সিদ্ধান্তত শুকুৰবাৰে মোহৰ মাৰে । ইয়াৰ পিছতে সচেতন মহলৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ।

শিক্ষাবিদ আব্দুল মান্নানে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, অসমীয়া ভাষা যদি অসমতে নাথাকে, থাকিব ক’ত । ন্যায়ালয়ৰ ৰায়ৰ প্ৰতি সন্মান জনায় নাগৰিক হিচাপে কওঁ যে, অসমীয়া ভাষা অসমত থাকিব লাগিব । আয়োগৰ পৰীক্ষাৰ মাধ্যমেৰে গৈ যিসকল বিষয়া হ’ব, তেওঁলোকে অসমীয়া ভাষা নাজানিলে ৰাইজৰ লগত ভাৱ বিনিময় কৰাৰ ক্ষমতা নাথাকিব । এইটো সুখৰ কথা নহয় ।

সাহিত্য সমালোচক বিপুল শৰ্মা

বিশিষ্ট শিক্ষাবিদগৰাকীয়ে লগতে কয় যে, অসমৰ পৰিসীমাৰ ভিতৰত যদি অসমীয়া ভাষাৰ অস্তিত্ব বিপন্ন হয় । অসমত অসমীয়া ভাষা যদি স্বীকৃতি দিয়া নহয়, দিব ক’ত ! এই প্ৰশ্নটো সকলোৱে চিন্তা কৰি চোৱা উচিত । চৰকাৰে নিৰ্দিষ্ট সময়ত উচিত পদক্ষেপ ল’লে ন্যায়ালয়ৰ পৰা সঠিক সিদ্ধান্ত পালো হয় । ইয়াৰ বাবে সম্পূৰ্ণভাৱে জগৰীয়া চৰকাৰ । চৰকাৰে জাতিৰ অস্তিত্ব ৰক্ষা কৰাৰ নানা ধৰণৰ খেলিমেলিৰ সমস্যা সৃষ্টি কৰিব পৰা কূটনৈতিক চক্ৰান্ত কৰি আছে । অসমীয়া ভাষা সংস্কৃতিৰ অস্তিত্ব ৰক্ষা শ্ল’গান দি তাৰ আঁৰত চৰকাৰৰ পৃথক এজেণ্ডা আছে বুলি শিক্ষাবিদগৰাকীয়ে মন্তব্য কৰে ।

আনহাতে সাহিত্য সমালোচক বিপুল শৰ্মাই কয় যে, অসমবাসীৰ বাবে এইয়া দুৰ্ভাগ্যজনক কথা । অসমত অসমীয়া ৰাজ্য ভাষাৰ স্বীকৃতি দিয়াৰ বাবে অসমীয়াই আন্দোলন কৰিছিল । আয়োগৰ বিষয়টোক লৈ আন ৰাজ্যবোৰৰ দৰে সৱল স্থিতি থাকিব লাগিছিল অসম চৰকাৰৰ । চৰকাৰেও এই বিষয়ত সৱল স্থিতি ল’ব বিচৰা নাই সেই কথা স্পষ্ট হৈ পৰিছে । উল্লেখ্য যে, ২৪ নৱেম্বৰত বঙাইগাঁও কেবিনেটত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গ্ৰহণ কৰিছিল এই সিদ্ধান্ত(Assam government decision to remove Assamese paper from APSC) ।

কেবিনেটৰ এই সিদ্ধান্তৰ পাছত ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । শুকুৰবাৰে উচ্চ ন্যায়ালয়ে এ পি এছ চিৰ ২০২২ বৰ্ষৰ সংযুক্ত প্ৰতিযোগীতামূলক পৰীক্ষা(মূল)ত ভাষা বিষয়বস্তু প্ৰশ্নকাকত অবিহনে অনুষ্ঠিত কৰাৰ নিৰ্দেশ প্ৰদান কৰে । কিন্তু অন্যান্য আইনী দিশৰ প্ৰতি লক্ষ্য ৰাখি গোচৰকেইটাৰ পৰৱৰ্তী শুনানি ১৪ ফেব্ৰুৱাৰীত প্ৰদান কৰা হ’ব ।

লগতে পঢ়ক : APSC ৰ পৰা অসমীয়া ভাষা নোহোৱা কৰা সিদ্ধান্তই জাতিৰ সংকট আৰু বৃদ্ধি কৰিব !

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.