ETV Bharat / state

JEE কাণ্ড : ৫ জনক গ্ৰেপ্তাৰ মহানগৰ আৰক্ষীৰ

author img

By

Published : Oct 28, 2020, 10:31 PM IST

JEE কাণ্ডৰ সৈতে জড়িত ৫ জনকৈ লোকক গ্ৰেপ্তাৰ মহানগৰ আৰক্ষীৰ । আজাৰা আৰক্ষীৰ সহযোগত মহানগৰ আৰক্ষীয়ে প্ৰায় ৬ ঘন্টাযোৰা জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰিলে আটাইকেইজনক । ASGP সুপ্ৰতিভ লাল বৰুৱা, ACP নন্দিনী কাকতি, আজাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰদীপ চন্দ্ৰ কলিতাৰ আৰু মহানগৰ আৰক্ষী আয়ুক্ত মুন্ন প্ৰসাদ গুপ্তাৰ নেতৃত্বত চলিছিল অভিযান ৷ ই টি ভি ভাৰতত পোন প্ৰথমে সম্প্ৰচাৰ হৈছিল JEE ৰ কেলেংকাৰীৰ ঘটনা ।

jee scam
jee scam

আজাৰা, 28 অক্টোবৰ : অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে JEE পৰীক্ষা কেলেংকাৰী সন্দৰ্ভত ৫ জন লোকক । আজাৰা আৰক্ষীৰ সহযোগত মহানগৰ আৰক্ষীয়ে প্ৰায় ৬ ঘন্টাযোৰা জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰিলে আটাইকেইজনক । গ্ৰেপ্তাৰ লোৱা লোককেইজনৰ নাম ড° জ্যোতিময় দাস,নীলনক্ষত্ৰ দাস,হেমেন্দ্ৰ নাথ শৰ্মা,প্ৰাঞ্জল কলিতা আৰু হিৰুকমল পাঠক । ইয়াৰে হেমেন্দ্ৰ নাথ শৰ্মা, প্ৰাঞ্জল কলিতা আৰু হিৰুকমল পাঠক হৈছে ION Digital Zoneৰ কৰ্মকৰ্তা । আনহাতে, জ্যোতিময় দাস হৈছে নীলনক্ষত্ৰ দাসৰ পিতৃ । ধৃত পিতৃয়ে সকলো ক্ষেত্ৰতে কৰিছিল মেনেজ ।

ই টি ভি ভাৰতত পোন প্ৰথমে সম্প্ৰচাৰ হৈছিল JEE ৰ কেলেংকাৰীৰ ঘটনা । ধন দি জালিয়াতিৰে পৰীক্ষাত উত্তীৰ্ণ হৈছিল এগৰাকী যুৱক ৷ JEE পৰীক্ষাৰ খেলি মেলিৰ বিষয়ে মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই নিজেই চলাইছে তদন্ত প্ৰক্ৰিয়া । এই ঘটনা সন্দৰ্ভত গঠন কৰি দিয়া বিশেষ তদাৰক কমিটিয়ে চলাইছে জোৰদাৰ তদন্ত । ঘটনাত জড়িতৰ সন্দেহত ION Digital Zoneৰ প্ৰায় 20 জনক সোধ-পোছৰ বাবে আটক কৰা হৈছিল ৷

JEE কাণ্ড : ৫ জনক গ্ৰেপ্তাৰ মহানগৰ আৰক্ষীৰ

ASGP সুপ্ৰতিভ লাল বৰুৱা, ACP নন্দিনী কাকতি, আজাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰদীপ চন্দ্ৰ কলিতাৰ আৰু মহানগৰ আৰক্ষী আয়ুক্ত মুন্ন প্ৰসাদ গুপ্তাৰ নেতৃত্বত চলিছিল অভিযান ৷ যোৱা ৫ ছেপ্টেম্বৰত JEEৰ পৰীক্ষা অনুষ্ঠিত হৈছিল আজাৰাস্থিত ION ডিজিটেল জ'নত । পৰীক্ষাৰ্থীৰ বিপৰীতে অন্য লোকে পৰীক্ষা দিয়া এটি অডিঅ’ ক্লিপ ভাইৰেল হোৱাৰ পিছতে গুৱাহাটী মহানগৰীৰ মথুৰা নগৰৰ মিত্ৰ দেৱ শৰ্মা নামৰ এজন সচেতন নাগৰিকে আজাৰা আৰক্ষী থানাত যোৱা ২৩ অক্টোবৰ তাৰিখে এজাহাৰ দাখিল কৰিছিল ।

লগতে পঢ়ক : খোদ মুন্না প্ৰসাদ গুপ্তাই চলাইছে JEE জালিয়াতিৰ তদন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.