ETV Bharat / state

FIR against MLA Rupjyoti Kurmi: বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে লতাশিল থানাত এজাহাৰ - Exclusion of mughal empire controversy

বহুবল্কী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে গোচৰ ৷ গুৱাহাটীৰ লতাশিল থানাত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তাইজুদ্দিন আহমেদে লতাশিল আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ ৷ সাম্প্ৰদায়িক মন্তব্যৰে সমাজত বিশৃংখলতা সৃষ্টিৰ লগতে সাম্প্ৰদায়িক অস্থিৰতা সৃষ্টিৰ চেষ্টা আৰু ৰাষ্ট্ৰবিৰোধী কথাৰ অভিযোগেৰে বিধায়কগৰাকীৰ বিৰুদ্ধে দাখিল কৰা হৈছে এই এজাহাৰ (FIR against MLA Rupjyoti Kurmi) ৷

FIR against MLA Rupjyoti Kurmi
ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে গোচৰ
author img

By

Published : Apr 6, 2023, 1:36 PM IST

ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে এজাহাৰ দাখিল

গুৱাহাটী,৬ এপ্ৰিল : বিজেপিৰ বহুবল্কী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে গোচৰ ৷ গুৱাহাটীৰ লতাশিল থানাত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ ৷ সাম্প্ৰদায়িক মন্তব্যৰে সমাজত বিশৃংখলতা সৃষ্টিৰ লগতে সাম্প্ৰদায়িক অস্থিৰতা সৃষ্টিৰ চেষ্টা আৰু ৰাষ্ট্ৰবিৰোধী কথাৰ অভিযোগেৰে বিধায়কগৰাকীৰ বিৰুদ্ধে দাখিল কৰা হৈছে এই এজাহাৰ (FIR against MLA Rupjyoti Kurmi) ৷

উল্লেখ্য যে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে পাঠ্যপুথিৰ পৰা মোগলৰ অধ্যায় বাদ দিয়া বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ ঐতিহাসিক কীৰ্তিচিহ্ন তথা বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহল ধ্বংস কৰি সেই স্থানত মন্দিৰ নিৰ্মাণৰ দাবী উত্থাপন কৰিছিল ৷ লগতে তেওঁ কুতুবমিনাৰ ভাঙি মন্দিৰ নিৰ্মাণৰো পোষকতা কৰে। ইয়াৰ বাবে তেওঁ নিজৰ এটা বছৰৰ দৰমহাও আগবঢ়াব বুলি মন্তব্য কৰিছিল (Mughal Empire controversy) ৷

বিধায়ক কুৰ্মীৰ সেই মন্তব্যৰ আধাৰতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তাইজুদ্দিন আহমেদে লতাশিল আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ ৷ তাইজুদ্দিন আহমেদে ৪ এপ্ৰিলত ৰূপজ্যোতি কুৰ্মীয়ে তাজমহল আৰু কুতুবমিনাৰ ধ্বংস কৰি সেই স্থানত মন্দিৰ নিৰ্মাণৰ কৰিবলৈ কোৱা কথাক দুৰ্ভাগ্যজনক আখ্যা দিছে ৷ তাজমহলে বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰাৰ কথা উল্লেখ কৰি ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য অতি সাম্প্ৰদায়িক আৰু ৰাষ্ট্ৰবিৰোধী আখ্যা দিছে অধিবক্তাগৰাকীয়ে ৷ বিধায়ক কুৰ্মীৰ মন্তব্যই সামাজিক বিশৃংখলতা সৃষ্টিৰ লগতে সাম্প্ৰদায়িক ঐক্যত ব্যাঘাত জন্মাব বুলি অভিযোগ উত্থাপন কৰি এই গোচৰ দাখিল কৰিছে অধিবক্তা আহমেদে(Mughal History controversy) ৷

উল্লেখ্য যে এন চি ই আৰ টিয়ে পাঠ্যক্ৰমৰ পৰা মোগলৰ ইতিহাস আঁতৰ কৰোৱাকলৈ সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ এই প্ৰতিক্ৰিয়াৰ মাজতে বুধবাৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মোগলৰ ইতিহাস পাঠ্যক্ৰমৰ পৰা উঠাই দিয়াৰ সমৰ্থন কৰিবলৈ গৈ তাজমহল আৰু কুতুবমিনাৰ ভাঙি পেলোৱাৰ দাবী জনায় ৷ ইফালে তেওঁৰ এই মন্তব্যকলৈ সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পাছতো তেওঁ নিজৰ স্থিতিত অটল হৈ আছে ৷ আনকি বৃহস্পতিবাৰে তেওঁ তাজমহল ভঙাৰ যুক্তি দাঙি ধৰিবলৈ গৈ ছাহজাহানৰ প্ৰসংগত কেতবোৰ বিতৰ্কিত মন্তব্য আগবঢ়ায় (Exclusion of Mughal empire from NCERT syllabus) ৷

বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কৰা মন্তব্যক কেন্দ্ৰ কৰি ৰাজ্যৰ সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ইফালে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তাইজুদ্দিন আহমেদে লতাশিল থানাত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ লগতে এজাহাৰখনৰ লগতে ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য সম্বলিত এখন চিডি দাখিল কৰিছে (MLA Rupjyoti Kurmi) ৷

এজাহাৰখনত অধিবক্তা আহমেদে অভিযোগ কৰি কয় যে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে তাজমহল সন্দৰ্ভত আপত্তিজনক আৰু অপমানসূচক মন্তব্য কৰিছিল ৷ চাৰি এপ্ৰিলত বিধায়ক কুৰ্মীয়ে কৈছিল যে তাজমহল ভাঙি দিব লাগে আৰু তাৰ ঠাইত মন্দিৰ নিৰ্মাণ কৰিব লাগে ৷ বিধায়কজনৰ এই মন্তব্য অতি দুৰ্ভাগ্যজনক ৷ ‘তাজমহল’ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত আৰু সংৰক্ষিত, লগতে ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে তাজমহল৷ ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য অতি সাম্প্ৰদায়িক আৰু ৰাষ্ট্ৰবিৰোধী ৷ তেওঁৰ মন্তব্যৰ পৰা সামাজিক অস্থিৰতাৰ সৃষ্টি হ’ব পাৰে ৷ সাম্প্ৰদায়িক ভাতৃত্ববোধৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে ৷ সেয়েহে আইনৰ উপযুক্ত ধাৰাৰ অধীনত বিধায়ক কুৰ্মীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি সমগ্ৰ বিষয়টো তদন্ত কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি এজাহাৰত উল্লেখ কৰা হৈছে (Exclusion of Mughal empire controversy) ৷

লগতে পঢ়ক: Mughal Empire controversy: ইতিহাস নষ্ট কৰাৰ পৰিকল্পিত ষড়যন্ত্র বিজেপিৰ; দেৱব্ৰত শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.