গুৱাহাটী, 11 এপ্ৰিলঃ বৃত্তিগত ভাৱে যিসকল লোকে সন্মুখৰ শাৰীত থাকি কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দি আছে সেইসকলৰ ভিতৰত চিকিৎসক তথা চিকিৎসা কৰ্মীসকলেই অন্যতম ৷ পদে-পদে মহামাৰী কৰ'ণা সংক্ৰমণৰ শংকা লৈ কেৱল সেৱাৰ মনোভাৱেৰে নিজৰ কৰ্তব্যত ব্ৰতী হৈছে চিকিৎসক সকল ৷ ইতিমধ্যে অসমৰ প্ৰথমটো চিকিৎসক তথা চিকিৎসাকৰ্মীৰ দলে 7 দিনৰ বাবে সোণাপুৰ অসামৰিক চিকিৎসালয়ত থকা আইচ'লেচন ৱাৰ্ডত সেৱা আগবঢ়াই 15 দিনৰ বাবে কোৱাৰেণ্টাইন হৈ আছে ৷
বিগত 7 দিন মহামাৰী কৰ'ণাত আক্ৰান্ত 3 গৰাকী ৰোগীক চিকিৎসা আগবঢ়োৱা দলটোৰ এগৰাকী চিকিৎসক ডা৹ ধীৰাজ কুমাৰ পাঠকৰ লগত আমি ফোনযোগে তেখেতৰ অভিজ্ঞতা জানিবলৈ চেষ্টা কৰিছিলো ৷ পৰিয়ালৰ অন্যান্য সদস্য সকলৰ লগতে নিজৰ মাতৃ, পত্নী তথা 7 মহীয়া সন্তানক এৰি প্ৰথমে 7 দিনৰ বাবে আইচ'লেচন ৱাৰ্ডত আৰু এতিয়া 15 দিনৰ বাবে কোৱাৰেণ্টাইন হৈ থকা চিকিৎসক গৰাকীয়ে আমাক ব্যক্ত কৰিলে কেৱল দেশৰ স্বাৰ্থত আপোনজনৰ পৰা নিজকে আঁতৰাই ৰখাৰ বেদনা ৷
বিগত 7 দিনৰ অভিজ্ঞতা সন্দৰ্ভত জানিবলৈ আমি ডা৹ ধীৰাজ কুমাৰ পাঠকৰ বহুকেইটা দিশত প্ৰশ্ন কৰিছিলো ৷ চিকিৎসক সকলৰ মানসিক প্ৰস্তুতি, নিজৰ সুৰক্ষা, চিকিৎসা পদ্ধতি তথা ৰোগীৰ সহযোগিতা সন্দৰ্ভতো আমি প্ৰশ্ন কৰিছিলো ডা৹ পাঠকক ৷ লগতে কৰ'ণা ভাইৰাছৰ ভয়াবহতা তথা ইয়াৰ পৰা আমাৰ ৰাজ্যখনক ৰক্ষা কৰা সন্দৰ্ভতো বিভিন্ন পৰামৰ্শ আগবঢ়ালে চিকিৎসকগৰাকীয়ে ৷